আগৰতলাঃ বিজেপিয়ে ত্ৰিপুৰাত লাল সন্ত্ৰাস চলোৱা বুলি অভিযোগ উত্থাপন কৰি অহাৰ সময়তে এগৰাকী বিজেপি কৰ্মীৰ হত্যাকাণ্ডই তোলপাৰ লগাইছে ত্ৰিপুৰাত৷ ত্ৰিপুৰাৰ ঘুমটি জিলা বিজেপি কৰ্মী গৌহুৰ হৰি মলসুমক মুৰত গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই৷

বিজেপি কৰ্মীক হত্যা কৰাৰ পিছতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ত্ৰিপুৰাত৷ জানিব পৰা মতে, খোৱাই জিলা বগমা মণ্ডল সমিতিৰ অধিনৰ আঠাৰোভোলা ৰাইপাৰা বুথ সমিতিৰ সদস্য আছিল গৌহুৰ৷ বৃহস্পতিবাৰে পুৱাই নিচেই ওচৰৰ পৰা গুলীয়াই দুৰ্বৃত্তই হত্যা কৰে৷ 

ত্ৰিপুৰা ষ্টেট ৰাইফলছৰ ২নং বেটেলিয়ানে নিজ কেম্পলৈ মাতি নি সাংবাদিক সুদীপ্ত দত্ত ভৌমিকক নিচেই ওচৰৰ পৰা গুলীয়াই হত্যা কৰা ঘটনাই ত্ৰিপুৰাক উত্তাল কৰি ৰখাৰ সময়তে এই ঘটনা সংঘটিত হয়। আনহাতে ২০ ছেপ্তেম্বৰত সাংবাদিক শান্তনু ভৌমিকক হত্যা কৰিছিল কোনো লোকে। নিৰ্বাচনলৈ কিছুদিন থকাৰ মাজতে এতিয়া এটাৰ পিছত এটা হত্যাকাণ্ডই জোকাৰিছে ত্ৰিপুৰাক।

সাংবাদিক হত্যাৰ প্ৰতিবাদত বিজেপিয়ে ২৩ নৱেম্বৰত আহ্বান জনোৱা ত্ৰিপুৰা বন্ধৰ ব্যাপক প্ৰভাৱ পৰিছিল ৰাজ্য খনত। বিজেপিৰ নেতা-কৰ্মী হাতে হাতে বিজেপিৰ পতাকা লৈ ৰাজ পথলৈ ওলাই আহে৷ বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ সন্মুখত বিজেপি নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷

বিজেপিয়ে ৰাজ্য উত্তাল কৰি ৰাখিছে প্ৰতিবাদ সাব্যস্ত কৰি। বিজেপিৰ ৰাজ্যিক সভাপতি সুনীল দেওধৰে মানিক চৰকাৰৰ পদত্যাগ কৰাৰ দাবী জনাই আহিছে। তাৰ মাজতে এগৰাকী বিজেপি নেতাৰ হত্যাকাণ্ড সংঘটিত হয়।