ওৰাংঃ ছাগলীৰ মাংসৰ লোভ দেখুৱাই বনৰ বাঘক জালত পেলোৱাৰ চেষ্টা অব্যাহত ৰাখিছে বন বিভাগে৷ ওদালগুৰি জিলাৰ ওৰাং আৰু ৰৌতাত ঢেঁকীয়াপতীয়া বাঘৰ আতংকত শ-শ লোকৰ নিদ্ৰা হৰণ কৰাত বাঘক পিঞ্জৰাৱদ্ধ কৰিবলৈ চেষ্টা তলাইছে বন বিভাগে৷

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা যোৱা ১১ নবেম্বৰত ওলাই অহা এটা প্ৰকাণ্ড ঢেঁকীয়াপতীয়াই ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত বড়োবজাৰত বিগত এমাহ ধৰি বিচৰণ কৰি থকাৰ ফলত আতংকগ্ৰস্ত হৈ পৰিছে ৰাইজ। বড়োবজাৰ গাঁৱৰ ৫টা গৰু ৪টা গাহৰি, এটা ছাগলী ইতিমধ্যে ভক্ষণ কৰিছে বাঘটোৱে।

বনবিভাগৰ ১৮গৰাকীকৈ বনৰক্ষীয়ে দিনে নিশাই বাঘটো ধৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হ’ব পৰা নাই। বনবিভাগে অস্থায়ী টঙিঘৰ সজাই তিনিটা পিঞ্জৰা স্থাপন কৰি এমাহ পাৰ কৰাৰ পিছতো বাঘটোক পিঞ্জৰাৱদ্ধ কৰিব পৰা নাই।

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা দুটা হাতী অনা হৈছে বাঘটো উদ্যানলৈ ঘূৰাই নিয়াৰ উদ্দেশ্যে কিন্তু বাঘটো অঞ্চলটোৰ পৰা আতৰি নোযোৱাৰ ফলত ওৰাং, গেলাবিল, ধনশ্ৰীঘাট আদি অঞ্চলত নিতৌ সন্ধিয়া বাঘৰ ভয়ত নিমাওমাও পৰিৱেশৰ সৃষ্টি হয়।

বনবিভাগৰ লোকে গুৱাহাটী আৰু কাজিৰঙাৰ পৰা চিকিৎসক আনি বাঘটো ট্ৰোংকুলাইজ কৰাৰ বাবে ৰাখিছে যদিও চতুৰ ঢেঁকীয়াপতীয়াই বন বিভাগে নিশা পথাৰত বান্ধি ৰখা গৰু লৈ হাবিত সোমাই গৈ নিজকে বন বিভাগৰ পৰা ৰক্ষা কৰে। বন বিভাগে চিচি টিভি কেমেৰা স্থাপন কৰি থৈছে গাঁৱৰ আশে পাশে। ওদালগুৰি জিলা বনবিভাগৰ নিদ্ৰা হৰণ কৰিছে বনৰীয়া হাতী আনফালে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বাঘে।