নতুন দিল্লীঃ ইৰাণত থকা ভাৰতীয়সকলৰ ২৫০ৰো অধিক লোক কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে। সংবাদ প্ৰতিষ্ঠানত প্ৰকাশিত বাতৰি অনুযায়ী ভাৰতৰ পৰা ইৰাণলৈ যোৱা বিশেষজ্ঞ চিকিৎসকে প্ৰস্তুত কৰা আক্ৰান্তৰ তালিকাত এইসকল লোকৰ নাম উল্লেখ কৰা হৈছে। অৱশ্যে এই বাতৰিৰ সত্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ে।

বাতৰিটো সত্যসত্যাক লৈ বিদেশ মন্ত্ৰণালয়ৰ জ্যেষ্ঠ বিষয়া ডাম্মু ৰবিয়ে NDTVৰ সৈতে হোৱা এক বাৰ্তালাপত কয়, 'ইৰাণত থকা সকলো ভাৰতীয়ই নিৰাপদে আছে। ছ'চিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ দৰেকৈ ইৰাণ ২৫০ৰো অধিক লোক কৰ'নাত আক্ৰান্ত হোৱাৰ কোনো তথ্য আমি পোৱা নাই। সি যি নহওক, এনে পৰিস্থিতিত তাত থকা ভাৰতীয় দুই-এজনৰ দেহত পজিটিভ ধৰা পৰিব পাৰে, কিয়নো ইৰাণত ভাইৰাছবিধে জটিল ৰূপ ধাৰণ কৰিছে। বাতৰি যিয়েই নোলাওক কিয়, আমি ভাৰতীয়সকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বদ্ধ পৰিকৰ।' 

বাতৰিটোত আৰু কোৱা হৈছে যে কাৰ্গিলৰ পৰা ৮০০ জনীয়া এটি প্ৰতিনিধি দল কিছুদিন পূৰ্বে ইৰাণলৈ গৈছিল। যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা দলটোৰ সদস্যসকল তাতেই আৱদ্ধ হৈ আছে। দলটোৰ একাংশই বিভিন্ন হোটেলত থকাৰ লগতে আন একাংশ আছে চিকিৎসালয়ৰ বিশেষ কোঠাত। ইতিমধ্যে পুণেৰ পৰা ইৰাণলৈ বিশেষজ্ঞ চিকিৎসকৰ এটা দল প্ৰেৰণ কৰিছে ভাৰত চৰকাৰে। ইৰাণত উপস্থিত হৈয়ে তাত থকা ভাৰতীয়সকলৰ স্বাস্থ্য পৰীক্ষা কৰিছে দলটোৱে। উক্ত স্বাস্থ্য পৰীক্ষাৰ অন্তত ২৫৪ গৰাকী ভাৰতীয়ৰ দেহত কৰ’না ভাইৰাছ ধৰা পৰাৰ কথা পোহৰলৈ আহিছে।

এই সন্দৰ্ভত কাৰ্গিল নিবাসী এগৰাকী অধিবক্তা হাজি মোস্তাফাই 'টাইমছ অব ইণ্ডিয়া’ক জনাইছে যে ইৰাণত কৰ’নাত আক্ৰান্ত ভাৰতীয়সকলৰ মাজত তেওঁৰ আত্মীয়ও আছে। অধিবক্তাগৰাকীয়ে দায়িত্বত থকা বিষয়াসকলে কৰ্তব্যত গাফিলতি কৰাৰো অভিযোগ তুলিছে। পজিটিভ ধৰা পৰাসকলক যথোচিতভাৱে আইছ’লেশ্যনত ৰখাৰ ব্যৱস্থা কৰা হোৱা নাই বুলি আত্মীয়ই ফোনযোগে জনাইছে বুলিও তেওঁ সদৰী কৰে।

যোৱা সপ্তাহত ইৰাণত আৱদ্ধ হৈ থকা ২০০ ৰো অধিক ভাৰতীয়ক ওভতাই আনিছিল ভাৰত চৰকাৰে। ইয়াৰ বেছিভাগেই আছিল দেশখনত অধ্যায়নৰত জম্মু-কাশ্মীৰৰ ছাত্ৰ-ছাত্ৰী। বিদেশমন্ত্ৰী এছ জয়শংকৰে জনোৱামতে ইৰাণৰ পৰা এতিয়ালৈ ভাৰতলৈ উদ্ধাৰ কৰি অনা লোকৰ সংখ্যা হৈছে ২৩৪ গৰাকী। 

উল্লেখ্য যে, চীন আৰু ইটালীৰ দৰেকৈ ইৰাণতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ’না ভাইৰাছে। দেশখনত এইপৰ্যন্ত কৰ’নাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ৭০০ৰো অধিক লোক। আক্ৰান্ত হৈছে অতি কমেও কুৰিহাজাৰ। সাধাৰণ লোকসকলৰ লগতে কেবাগৰাকী সাংসদ আৰু মন্ত্ৰীও আক্ৰান্ত হৈছে কৰ’নাত।