নতুন দিল্লীঃ পাকিস্তানৰ লাহোৰ আৰু চীনৰ কাছগৰৰ মাজত সোমবাৰে মাজনিশা এক ব্যক্তিগত বাছসেৱা আৰম্ভ কৰা হয়। লাহোৰৰ গুলবাৰ্গ অঞ্চলৰপৰা যাত্ৰা আৰম্ভ কৰা বাছখনে পাক অধিকৃত কাশ্মীৰৰ গিলগিত-ৰাল্টিস্থানৰ মাজেৰে গৈ ৩০ ঘণ্টাৰ ভিতৰত গন্তব্যস্থান পাবগৈ।

এই বাছসেৱাৰ তীব্ৰ বিৰোধীতা কৰিছে ভাৰতে। বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে কয় যে তথাকথিত চীন-পাকিস্তান ইক’নমিক ক’ৰিডৰৰ নামত পাক অধিকৃত কাশ্মীৰৰ মাজেৰে চলোৱা বাছ সেৱা ভাৰতে তীব্ৰ প্ৰতিবাদ জনাইছে।