newsnextone.com | ডিজিটেল ডেস্কঃ পাকিস্তানত ৭০ বছৰৰ ইতিহাসত দ্বিতীয় বাৰৰ বাবে গণতান্তিক পদ্ধতিত প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰিব দেশৰ জনগণে। ৭০ বছৰৰ ভিতৰত প্ৰথমবাৰ ২০১৩ চনত শান্তিপূৰ্ণ ভাৱে নিৰ্বাচন অনুষ্ঠিত হৈছিল পাকিস্তানত। সেইবাৰ গণতান্ত্ৰিক পদ্ধতিত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু এগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীয়ে শপত লৈছিল। ইয়াৰ পূৰ্বে আৰু পিছত সেনাৰ সহায়ত নতুবা ক্ষমতাৰ অপপ্ৰয়োগ কৰি প্ৰধানমন্ত্ৰীৰ পদ দখল কৰিছিল। ২০১৩ চনৰ পিছত ২০১৮ চনত বুধাবৰৰ পুৱা গণতান্ত্ৰিক পদ্ধতিত ভোটদান অনুষ্ঠিত হৈছে।

আনহাতে এইবেলি নিৰ্বাচনত পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ইমৰাণ খানৰ নাম ব্যাপক চৰ্চালৈ আহিছে। পিটিআই দলৰ মুৰব্বী খানে লাহোৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ লগতে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী। নিৰ্বাচনৰ প্ৰায় ১ বছৰৰ পূৰ্বৰ পৰাই সমগ্ৰ দেশত প্ৰচাৰ চলাইছিল ইমৰাণ খানে। যুৱ প্ৰজন্মৰ আকৰ্ষণ হৈ পৰিছিল ইমৰাণ। দেশক সন্ত্ৰাস মুক্ত কৰা, সংস্থাপন দিয়া, কাশ্মীৰ সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দি ভোটাৰক আকৰ্ষণ কৰি আহিছে।

 এভেনফিল্ড গোচৰৰ দোষী হৈ জেলত থকা নৱাজ শ্বৰীফক তীব্ৰ আক্ৰমণ কৰি দেশক ধ্বংস কৰা বুলি কৈ আহিছে ইমৰাণ খানে। আনহাতে, বুধবাৰে ভোট দান কৰি উঠিয়েই পুনৰ নৱাজ শ্বৰীফক আক্ৰমণ কৰি পাকিস্তানক অপমাণিত কৰাৰ অভিযোগ উত্থাপন কৰে। পাকিস্তানৰ সেনাক অপমান কৰাৰ লগতে ভাৰতে সেনাক দুৰ্বল কৰিব খোজাৰ অভিযোগ উত্থাপন কৰে।

 নৱাজে ভাৰতৰ হৈ কাম কৰাৰ অভিযোগ উত্থাপন কৰি ভাৰতক সহায় কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ আৰু কয় যে মই যদি প্ৰধানমন্ত্ৰী হওঁ তেন্তে কেৱল পাকিস্তানৰ কথাই চিন্তা কৰিম। আনহাতে বেলুচিস্তানত সংঘটিত বোমা বিস্ফোৰণক গৰিহণা দি সন্ত্ৰাসবাদীয়ে লোকতান্ত্ৰিক ব্যৱস্থাক দুৰ্বল কৰাৰ বাবে এই কাম কৰিছে বুলি কৈ বেছি ভোট দি সন্ত্ৰাসবাদীক উত্তৰ দিবলৈ জনসাধৰণক আহ্বান জনায়।

উল্লেখ্য যে, বুধবাৰে পাকিস্তানৰ সাধাৰ নিৰ্বাচনৰ ভোটদান অনুষ্ঠিত হৈছে। পুৱাৰে পৰা ভোটাৰে ঘৰৰ পৰা ওলাই আহি ভোট দিবৰ বাবে লাইনত থিয় দিয়া পৰিলক্ষিত হৈছে। ভোটদান পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হৈছে আৰু সন্ধিয়া ৬ বজাত ভোটদান সমাপ্ত হ'ব। ইয়াৰ সাধাৰণ নিৰ্বাচনৰ লগতে চাৰিখন ৰাজ্যৰো ভোটদান অনুষ্ঠিত হৈছে। বলুচিস্তান, সিন্ধে, আৰু খৈবৰ পখতুনখাকে ধৰি চাৰিখন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হৈছে। চাৰি ৰাজ্যত ১০ কোটি মানুহে ভোটাৰে ভোটদান কৰিব। 

পাকিস্তান নেচনেল এচেম্বলিৰ মুঠ ৩৪২ খন আসন আৰু ইয়াৰে ২৭২ খন আসনত নিৰ্বাচন অনুষ্ঠিত হয়। ২৭২ খন আসনৰ ভিতৰত ৬০ খন মহিলাৰ বাবে সংৰক্ষিত আৰু ১০ খন সংখ্যালঘূৰ বাবে সংৰক্ষিত। নেচনেল এচেম্বলিৰ নিৰ্বাচনত ১৭১ গৰাকী মহিলাই প্ৰতিদ্বন্দ্বিতা কৰিছে।

১১০ ৰাজনৈতিক দলে ৩,৬৭৫ প্ৰাৰ্থী থিয় কৰাইছে নিৰ্বাচনত। ইয়াৰ পূৰ্বে ২০১৩ চনত এনেদৰে নিৰ্বাচন অনুষ্ঠিত কৰিছিল আৰু সুস্থ চৰকাৰ গঠন হৈছিল। বাৰে বাৰে পাকিস্তানত ক্ষমতাৰ অপব্যৱহাৰ কৰি শাসনৰ গাদী দখল কৰা হৈছিল। ৬ বজাত ভোটদান সমাপ্ত হোৱাৰ লগে লগেই ভোট গণনা আৰম্ভ হ'ব।