ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহিদ খাকান আব্বাছীয়ে মষ্ট ৱান্টেড, ভাৰতৰ ২৬-১১ মাষ্টাৰ মাইণ্ড, মৌলবাদী নেতা হাফিজ ছৈয়দক হাফিজ ছৈয়দ চাহাব বুলি সম্বোধন কৰি তেওঁৰ বিৰুদ্ধে কোনা গোচৰ নাই বুলি স্পষ্ট কৰে৷ কেৱল ইমানে নহয় হাফি ছৈইদৰ বিৰুদ্ধে কোনো আইনি পদক্ষেপ গ্ৰহণ নকৰা বুলিও স্পষ্ট কৰি কোনো গোচৰ নাই বুলি স্পষ্ট কৰে৷

লাহোৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত গৃহবন্দি হৈ থকাৰ পিছত কিছুদিন পূৰ্বে মুকলি কৰি দিছিল আদালতে৷ এই সম্পৰ্কত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহিদ খাকান আব্বাছীয়ে পাকিস্তানৰ জিও টিভিত দিয়া এটি বিশেষ সাক্ষাৎকাৰত আৰু কয় ‘‘যাৰ বিৰুদ্ধে কোনো গোচৰ থাকে, তেওঁৰ বিৰুদ্ধে আইনি পদক্ষেপ গ্ৰহণ কৰা যায়’’৷ আনহাতে ভাৰতৰ সৈতে যুদ্ধ হোৱাৰ সম্ভৱনা নাই বুলি কৈ সকলো সময়ত আলোচনাৰ দৰ্জা খোলা আছে বুলি কৈ অহা বুলি উল্লেখ কৰে৷

স্মৰ্তব্য যে, ভাৰতৰ লগতে বিভিন্ন দেশত সন্ত্ৰাস চলাই অহা মৌলবাদী নেতা হাফিজ ছৈয়দক পাকিস্তান চৰকাৰে কাৰাগাৰৰ পৰা মুক্ত কৰি দিয়াৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আমেৰিকাই৷ জামাত উদ দাৱা নামৰ ইছলামীক সংগঠনটোৰ প্ৰতিষ্ঠাপক নেতা আৰু ইউ এনে শিৰৰ মুল্য ১০ মিলিয়ন আমেৰিকান ডলাৰ ঘোষণা কৰা কুখ্যাত অপৰাধী জনক পাকিস্তান চৰকাৰে দোষমুক্ত ঘোষণা কৰি মুকলি কৰি দিছিল৷

চৰকাৰৰ এই সিদ্ধান্তৰ পিচতেই মুম্বাই ২৬/১১ সন্ত্ৰাসৰ মাষ্টাৰ মাইণ্ড জনৰ বিৰুদ্ধে পাক চৰকাৰ যে কঠোৰ নহয় এই লৈ ভাৰত চৰকাৰে তীব্ৰ গৰিহণা দিয়াৰ লগতে আমেৰিকাও অসন্তুষ্ট হৈ পৰে৷ আমেৰিকাই কয় যে, এনে এজন কুখ্যাত অপৰাধীক এৰি দিয়াৰ পৰিনাম একেবাৰে বেয়া হ’ব৷

লগতে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে ইউ এনৰ দ্বাৰা স্বীকৃত ছৈয়দৰ দৰে অপৰাধী সকলক লৈ পাকিস্তান যে মুঠেই সচেতন নহয় এই ঘটনাই প্ৰমাণ কৰে৷ হাফিজ ছৈয়দ ২৯৭ দিন ধৰি গৃহবন্দী হৈ অছিল৷ কুখ্যাত অপৰাধীজনক মুম্বাই সন্ত্ৰাসৰ ৯ম বৰ্ষপূৰ্তিৰ পূৰ্বে মাজনিশা মুক্ত কৰি দিয়া হয়৷ মুম্বাই সন্ত্ৰাসৰ ঘটনাত ৬ জন আমেৰিকানকে ধৰি মুঠ ১৬৬ জন লোকৰ মৃত্যু হৈছিল৷