ডিজিটেল ডেস্কঃ নামবোৰ ক’বই লাগিব, নহ’লে বন্ধ কৰি দিয়া হ’ব। ৰাজনৈতিক অস্থিৰতাই দেখা দিয়া পাকিস্থানত এইবাৰ এনে এক ভাবুকিৰ সন্মুখীন হৈছে ফেচবুক। 

বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় ছ’চিয়েল মিডিয়া প্ৰতিষ্ঠানটোক দেশখনৰ প্ৰশাসনে চৰকাৰৰ বিৰোধিতা কৰা লোকসকলৰ তালিকা শীঘ্ৰে জমা দিবলৈ নিৰ্দেশ দিছে। অন্যাথাই বিহিত ব্যৱস্থা গ্ৰহণৰ ভাবুকি প্ৰদান কৰিছে।

স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী চৰকাৰৰ নিৰ্দেশ নামানিলে ২০১৮ৰ ভিতৰত পাকিস্তানত নিষিদ্ধ ঘোষিত হ’ব পাৰে ফেচবুক। 

দেশখনৰ আভ্যন্তৰীণ নিৰাপত্তা মন্ত্ৰী চৌধুৰী নিছাৰ আলী খানে শেহতীয়াকৈ ফেচবুক আৰু টুইটাৰৰ ওপৰত এই চাপ বৃদ্ধি কৰা দেখা গৈছে। দুয়োটা সংস্থাৰ শীৰ্ষ বিষয়াৰে বৈঠকতো মিলিত হৈছে মন্ত্ৰীগৰাকী।

বৈঠকত পাক চৰকাৰৰ তৰফৰ পৰা ফেচবুকক চৰকাৰৰ বিৰোধিতা কৰা লোকৰ নামৰ তালিকা দিবলৈ কোৱা হৈছে। লগতে নতুন ফেচবুক একাউণ্ট খোলাৰ পূৰ্বে ফোন নম্বৰসহ একাধিক তথ্য বাধ্যতামূলক কৰাৰ লগতে চৰকাৰৰ অনুমতি লোৱাৰ ব্যৱস্থা কৰিবলৈকো নিৰ্দেশ দিয়া হৈছে।

ইফালে, পাক চৰকাৰৰ এনে নিৰ্দেশ মানিবলৈ বাধ্য নহয় বুলি স্পষ্ট কৰি দিছে মাৰ্ক জুকাৰবাৰ্গৰ সংস্থাটোৱে। জানিব পৰা মতে, এতিয়ালৈকে অতি কমেও ২৫০০ টা একাউণ্টৰ সকলো তথ্য জমা দিবলৈ ফেচবুকক নিৰ্দেশ দিছে পাক চৰকাৰে। উল্লেখ্য যে চীনতো ফেচবুকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।