• বােকাখাতত ষ্ট্রংৰুম আৰু ভােটগ্রহণ কেন্দ্র পৰিদৰ্শন নির্বাচনী পৰ্য্যবেক্ষক লীনা দাসৰ
  • সকলাে ৰাজনৈতিক দলকে নির্বাচনী আচৰণ-বিধি মানি চলিবলৈ আহ্বান

কাজিৰঙাঃ অহা ৫ ডিচেম্বৰত হ'ব লগীয়া পঞ্চায়ত নির্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰিবৰ বাবে সাজু হৈছে বােকাখাত মহকুমা প্রশাসন। ইতিমধ্যেই, বােকাখাত মহকুমাত পঞ্চায়ত নির্বাচন সংক্রান্তিয় সকলােবােৰ বিষয় তদাৰক কৰিবৰ বাবে অসম চৰকাৰৰ সীমান্ত সুৰক্ষা তথা উন্নয়ন বিভাগৰ সঞ্চালক লীনা দাসক নির্বাচনী পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। 

আজি পৰ্যবেক্ষক গৰাকীয়ে বােকাখাত মহকুমাৰ কেইবাটাও ভােটগ্রহণ কেন্দ্ৰ পৰিদৰ্শন কৰাৰ লগতে বােকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বােকাখাত মহকুমা প্রশাসনে পঞ্চায়ত নির্বাচনৰ বাবে স্থাপন কৰা ষ্ট্ৰং ৰুম পৰিদৰ্শন কৰে। ইয়াৰ পাছতে পর্যবেক্ষকগৰাকীয়ে মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰ সৈতে আলােচনাত মিলিত হয়। আলােচনাত পর্যবেক্ষক গৰাকীয়ে সকলাে ৰাজনৈতিক দলৰ প্রতিনিধিকে নির্বাচনী আচৰন-বিধি মানি চলাৰ লগতে ভোটদান আৰু ভােটগননাৰ সময়ত শান্তি-সম্প্ৰিতি বজাই ৰাখিবলৈ আহ্বান জানায়। ইয়াৰ লগতে আগন্তুক পঞ্চায়ত নির্বাচন নিয়াৰিকৈ পৰিচালনা কৰাত মহকুমা প্রশাসনক সহযােগিতা আগবঢ়াবলৈও সকলাে ৰাজনৈতিক দলকে আহ্বান কৰে। 

আনহাতে, পঞ্চায়ত নির্বাচনৰ বাবে নিযুক্তি পােৱা জ'নেল আৰু চেষ্টৰ বিষয়াসকলৰ সৈতেও পর্যবেক্ষকগৰাকীয়ে নির্বাচনী আচৰণ-বিধি সম্পৰ্কে আজি আলােচনাত মিলিত হয়। উক্ত আলোচনাত বােকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যাম, ৰাজাহচক্র বিষয়া খনিন্দ্র দাস, নির্বাচনী বিষয়া নীশিতা বৰা, সহকাৰী অায়ুক্ত শান্তনু গগৈ ,তথ্য আৰু জনসংযোগ বিষয়া মামুন বৰকটকী উপস্থিত থাকে৷

পলিমা চেতিয়া, বােকাখাত