নগ্ন পংকজ পাঠক! নেতা পত্নীৰে অবৈধ সম্পৰ্ক

Printer-friendly versionSend by email

ডিজিটেল ৰিপ'ৰ্টঃ আকৌ ৰাজ্যবাসীৰ সমুখত নগ্ন হ’ল আচাৰ্য পংকজ পাঠক। একালৰ গাৰ নোম সদৃশ ঘনিষ্ঠ সহযোগী এজনৰ বাবেই ৰাজ্যবাসীৰ সমুখত পুনৰবাৰ উলংগ হ’বলৈ বাধ্য হৈ পৰে পাঠক।

মৈৰাং সিং নামৰ তেওঁৰ ঘনিষ্ঠ সহযোগীজনে আজি সংবাদ মাধ্যমৰ সমুখত দাবী কৰে যে পংকজ পাঠক এজন সম্পূৰ্ণৰূপে ভণ্ড আচাৰ্য। কেৱল ইমানেই নহয়, মৈৰামে ভুৱা আচাৰ্যজনৰ একাধিক কু-কীৰ্তিৰ কথাও আজি ফাদিল কৰে। এনে কু-কীৰ্তিৰ প্ৰমাণ হিচাপে একালৰ সহযোগীজনে সংবাদ মাধ্যমৰ হাতত কেবাটাও ফোন ৰেকৰ্ডিং তুলি দিয়ে।

এই ফোন ৰেকৰ্ডিঙে উন্মোচিত কৰিছে পাঠকৰ একাধিক গোপন অধ্যায়। ফোন ৰেকৰ্ডিং কেইটা সংবাদ মাধ্যমৰ হাতত অৰ্পণ কৰি একালৰ সহযোগী মৈৰাঙে ৰাজ্যৰ এগৰাকী শীৰ্ষ ৰাজনৈতিক নেতাৰ পত্নীৰ সৈতে পাঠকৰ গোপন সম্পৰ্ক আছে বুলিও দাবী কৰে।

♦ পংকজ পাঠকক ভণ্ড আখ্যা একালৰ সহযোগীৰ

♦ পত্নীৰ পিছত অবৈধ প্ৰেমিকাকো প্ৰতাৰণা পাঠকৰ

মৈৰাঙে অৰ্পণ কৰা এটা ফোন কল ৰেকৰ্ডিঙৰ এটা মূৰত আছে পংকজ পাঠক আৰু আনটো মূৰত আছে এগৰাকী মহিলা। এই মহিলাগৰাকীক এজন শীৰ্ষ ৰাজনৈতিক নেতাৰ পত্নী বুলি উল্লেখ কৰিছে পাঠকৰ সহযোগী মৈৰাঙে।

কল ৰেকৰ্ডিঙত শুনিবলৈ পোৱা মতে, পাঠকে মহিলাগৰাকীক প্ৰথমে বাইদেউ বুলি সম্বোধন কৰে। বাইদেউ বুলি সম্বোধন কৰাত মৰমেৰে পাঠকক মৃদু ধমক দিয়ে সিটো মূৰত থকা নাৰী কণ্ঠই। মৰমৰ ধমক শুনি পাঠকেও ছৰী বুলি কৈ কি কাৰণত ভুল হৈ গ’ল তাৰ ব্যাখ্যা আগবঢ়ায়।

নাৰীকণ্ঠঃ হেল্ল’।
পাঠকঃ অ’ বাইদ’।
নাৰীকণ্ঠঃ তোৰ মূৰটো। হেৰি নহয়, বাইদেউ বুলি কৈছা যে।
পাঠকঃ ছৰী। এইটো মোবাইলত নাম্বাৰটো ছেভ নাছিল। চিনি পৱা নাছলো। মই এডভোকেট বাইদ’ বুলি ভাবছুলো। 
নাৰীকণ্ঠঃ অ’ শুনাচোন, হেৰি নহয়.. মানে সিং আছে নেকি ওচৰত?
পাঠকঃ নাই, নাই।
নাৰীকণ্ঠঃ হেৰি নহয়, তুমি মোক সিঙৰ লগত সন্দেহ কৰা নেকি? নকৰা নহয়?
পাঠকঃ নাই, নাই। কি যে কয়...
নাৰীকণ্ঠঃ অ’ অ’ মোৰ........। আৰু শুনা তুমি নিজকে অকলশৰীয়া বুলি নাভাবিবা হা। মই আছো তোমাৰ লগত। সদায় থাকিম।

এনেদৰে নেতাৰ আঢ্যৱন্ত পত্নীৰ সৈতে পংকজ পাঠক তেনেই কাষ চাপি গৈছিল বুলি জানিবলৈ দিছে সহযোগী মৈৰাঙে। সহযোগীজনে আৰু কয় যে পত্নীয়ে নিৰ্যাতনৰ অভিযোগ তুলি গোচৰ ৰুজু কৰাৰ পিছত সেয়া উঠাই ল’বলৈ অনুৰোধ কৰিবলৈকো নেতা পত্নীক কাকুতি-মিনতি কৰিছিল পাঠকে। 

ফোন কল ৰেকৰ্ডিঙৰ কথা-বতৰাৰ পৰা অনুমান কৰা হৈছে যে বেছ কিছুদিন ধৰি নেতা পত্নী আৰু পংকজ পাঠকৰ সম্পৰ্ক ভালদৰেই আগবাঢ়ি গৈছিল। এটা সময়ত ফোনৰ পৰিৱৰ্তে নেতাপত্নীৰ বেডৰূমতো পংকজ পাঠকৰ অবাধ বিচৰণ চলিছিল বুলি কথোপকথনৰ পৰা একপ্ৰকাৰ ইংগিত পোৱা গৈছে। নেতা পত্নীয়ে পাঠকক ইমানেই ভাল পাই পেলাইছিল যে এসময়ৰ অতি আপোন 'দীপ দা’কো বিশ্বাসঘাতকতা কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। 

পিছে পাঠকৰ লুভীয়া স্বভাৱৰ বাবে এই গোপন সম্পৰ্কত ঘূণে ধৰিবলৈ আৰম্ভ কৰে। পত্নীৰ দৰেকৈ পাঠকে গোপন প্ৰেয়সী নেতা পত্নীকো প্ৰতাৰণা কৰিবলৈ লোৱাৰ পৰিপ্ৰেক্ষিততে সম্পৰ্ক থুনুকা হৈ আহে। পিছত নিজৰ প্ৰেমজনিত দুখৰ বিষয়ে পাঠকৰ সহযোগী মৈৰাঙক ক’বলৈ বাধ্য হৈ পৰে নেতা পত্নী। পাঠকৰ পৰা একপ্ৰকাৰ প্ৰতাৰিত হৈ নেতা পত্নীয়ে মৈৰাঙৰ আগত স্বীকাৰ কৰে যে মানুহ চিনি পোৱাত তেওঁৰ ভুল হৈ গৈছিল।

নাৰীকণ্ঠঃ বুইছা সিং, দীপ দাৰ টকা-পইছাৰ প্ৰতি একেবাৰে লোভ নাই। কিন্তু মই দীপ দাক দুখ দিছো বাবে চাগৈ মোৰো এনে হ’ল। (কান্দোনত ভাগি পৰে)
সিংঃ চিন্তা নকৰিব, সব ঠিক হৈ যাব সকলো।
নাৰীকণ্ঠঃ...............................
সিংঃ..........................................
নাৰীকণ্ঠঃ মানে সেই কাৰণে তোমাক কৈছো যে দেখিবলৈ বেয়া ছোৱালী বিয়া নাপাতিবা। ধুনীয়া ছোৱালী বিয়া পাতিবা।................. ডেকা ল’ৰালৈ বিয়া হোৱাহেতেন, মোৰ লাইফ ভাল হ’লহেতেন ন! (আকৌ কান্দোনত ভাগি পৰে)
সিংঃ ...........................................
নাৰীকণ্ঠঃ এতিয়া দিয়াচোন মই পিছলৈ এম এল এ হ’ম, কিবা হ’ম। কিন্তু সিতো মোক বিশ্বাঘঘাটকতা কৰিলে। তাক মই মাতষাৰ দিম। হাই হেল্ল’ কৰিম। কিন্তু নেক্সট টাইম তাক ঘৰলৈ মাতিবলৈ মোৰ ভাল লাগিব জানো তুমিয়েই কোৱাচোন। আগৰ বাৰ সি এনে কৰিলে। এতিয়া আকৌ যে তেনে নকৰিব তাৰ কি মানে আছে ন? এতিয়া সন্দেহ হৈ গ’ল যে সি মোৰ সম্পত্তিৰ প্ৰতিও চকু দিছে। কালি সি মোক সুধিছে মোৰ আৰু কি কি গহণা আছে। মই তাক ক’লো, বুইছা। দুই লাখ টকাৰ গামখাৰু এডাল তাক লাগে বোলে। কিন্তু মই সেইপাত নিদিও নিদিওৱেই। দুপাত পাইছিলো। এপাত দীপ দাই দিছিল। আন এপাত ধাম্পাৰ ঘৈণীয়েকক দিছো। ধাম্পা মানে.............। দীপ দাই ইমান মৰমত দিয়াপাত মই তাক নিদিও। সেই যে নিদিও বুলি ক’লো, তেতিয়া সি সোণৰ ইয়েৰিং এযোৰ লৈ গ’ল। কি আচৰিত জানা? সি মোক নিদিও বুলি কোৱাৰ পিছতো বাৰ বাৰ ৰিকুৱেষ্ট কৰিছে। গামখাৰু পাত দিয়া, গামখাৰু পাত দিয়া। ইমান লোভ কৰে নেকি আৰু মানুহে লোকৰ বস্তুলৈ। বাপৰে মই যে এনে মানুহ আৰু দেখা নাই ভাই।
সিংঃ .........................
নাৰীকণ্ঠঃ দিয়াচোন, মই তাক ভাল পাইছিলো। বহুত ভাল পাইছিলো। সি এনে বুলি ভবা নাছিলো। এতিয়া দিয়াচোন তাৰ প্ৰতি মোৰ বেয়া ভাব এটা হৈ গ’ল। হ’ব নহয় কোৱাচোন? তাক ইমান ভাল পাইছিলো। মন গ’লেই বহুত কিবা কিবি দিছিলো। মাকৰ বাবে গহণা দিছো। তাৰ ৰিলেটিভছক গহণা দিছো। আৰু বহুতক দিছো। তাৰ পিছত সি ইয়েৰিং যোৰ মনে মনে লৈ যাব লাগেনে?
সিংঃ ..............................
নাৰীকণ্ঠঃ তাকেই। সি মোক কৈছে, তোমাক মই ভৱিষ্যতে ৰাখিম। মোক ৰাখিম বুলি প্ৰমিছ কৰিছে। শিৱ মন্দিৰত শপত খাইছে। কিন্তু এতিয়া গম পাইছো সি যে এটা চোৰ। মৰমক সন্মান দিব নাজানে। সি যে পিছত মোৰ সম্পত্তিবোৰ তাৰ নামত লিখি নল’ব তাৰ কি মানে আছে, কোৱা তুমি সিং।

নেতা পত্নীৰ সৈতে পংকজ পাঠক এনে সম্পৰ্কৰ কথা পোহৰলৈ অহাৰ লগে লগে হতভম্ব হৈ পৰিছে ৰাজ্যবাসী। বিশেষকৈ সমগ্ৰ ৰাজ্যত থকা পাঠকৰ অসংখ্যা অনুৰাগীয়ে এতিয়া কথাবোৰ নতুনকৈ ভাবিবলৈ বাধ্য হৈ পৰিছে।
আনহাতে, পাঠকৰ বিৰুদ্ধে এনে ধৰণৰ একাধিক বিস্ফোৰক অভিযোগ উত্থাপন কৰি একালৰ ঘনিষ্ঠ সহযোগী সিঙে আৰু কয় যে ইমানিদনে এজন প্ৰবঞ্চকৰ সৈতে থাকি তেওঁৰ এতিয়া অত্যন্ত লাজ লাগিছে।

'পাঠক এটা ভণ্ড হয়। সি একো চিকিৎসাৰ কথা নাজানে। তাৰ দুটাই বস্তু। এটা ইউটিউব আৰু আন এটা হৈছে ৰাজীৱ দীক্ষিত এপছ। এই এপছ প্লেষ্ট’ৰত ডাউনলোড কৰি আপুনি মই সকলোৱেই বিধান দিব পাৰিম। এই দুটাত সকলো বিধান পোৱা যায়। আপোনালোকে চালেই গম পাব। পাঠকে এই দুটা চাই লৈ বিধান দি আহিছে। নিজে পাঠকে কাকো একো বিধান নিদিয়ে।’-ঘৰুৱা বনৌষধিৰ নামত পাঠকে ভণ্ডামি চলাই আহিছে বুলি অভিযোগ কৰি এইদৰে কয় মৈৰাঙে।

'তেওঁ কয় থলুৱা ঘৰুৱা বিধান। থলুৱা ঘৰুৱা বিধান কেনেকৈ হয়? তেওঁ যিবোৰ গছৰ কথা কয় সেইবোৰৰ বেছিভাগেই অসমত পোৱা নাযায়। গতিকে এয়া ঘৰুৱা বিধান হ’বই নোৱাৰে। এয়া ইউটিউব আৰু দীক্ষিত এপছ চাই দিয়া বিধান।’-পাঠকক হান্ড্ৰেড পাৰছেণ্ট ভুৱা আচাৰ্য বুলি দাবী কৰি এইদৰে কয় একালৰ ঘনিষ্ঠ সহযোগীজনে।

'তেওঁ এক নম্বৰ ভুৱা আৰু ভণ্ড। তেওঁ ক’তো শিক্ষা লোৱা নাই। যদি তেওঁ কৰবাত দীক্ষা লৈছে, আশ্ৰমত শিকিছে প্ৰমাণ দিয়ক। কিবা লিগেল ডকুমেণ্টছ দেখুৱাওক। মই ইমান দিনে থাকি এটা কথাই জানো যে পাঠকৰ এইবোৰ একো নাই। তেওঁ এটা মহা ভণ্ড।’-মুম্বাইত থাকি ফেচবুকত বিধান দিবলৈ আৰম্ভ কৰাৰ সময়ৰে পৰা কোনো ঘটনাৰ পাকচক্ৰত পৰি পাঠকৰ কাম-কাজৰ সৈতে জড়িত হৈ পৰে বুলি উল্লেখ কৰি এইদৰে প্ৰত্যহ্বান জনায় মৈৰাঙে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে পাঠকৰ বিৰুদ্ধে উত্থাপিত হৈছিল পত্নীক নিৰ্যাতনৰ অভিযোগ। এই সন্দৰ্ভত পত্নীয়ে পাঠকৰ বিৰুদ্ধে সোণাপুৰ থানাত এটি গোচৰো ৰুজু কৰিছিল। পত্নীক নিৰ্যাতনৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে আচাৰ্য বুলি ক'লেই মনত ভাহি উঠা ছবিখন সলনি কৰিবলৈ বাধ্য হৈ পৰিছিলে তেওঁৰ অধিকাংশ অনুৰাগীয়ে। এইবাৰ নেতা পত্নীৰে এনে গোপন সম্পৰ্ক পোহৰলৈ অহাৰ লগতে  একান্তই ঘনিষ্ঠ সহযোগীয়ে তেওঁক ভণ্ড আচাৰ্য আখ্যা দিয়াৰ পিছত অন্ধ অনুৰাগীসকলে বিষয়টোক কি ভাবে লয় সেয়া লক্ষণীয় হ'ব।

ইফালে, ফোন কল ৰেকৰ্ডিঙটোত নাৰীকণ্ঠই উচ্চাৰণ কৰা 'দীপ দা' গৰাকী কোন হ'ব পাৰে সেই লৈয়ো ব্যাপক চৰ্চা হৈছে। বহুতে 'দীপ দা' নামৰ এই নেতাগৰাকী উজনি অসম আৰু মধ্য অসমৰ মাজৰ এটা সন্মানীয় লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ আছিল বুলি অনুমান কৰিছে।