গুৱাহাটীঃ পাপনৰ চুমা বিতৰ্ক অব্যাহত থকাৰ সময়তে এইবাৰ বিজেপিৰ নেতা সুব্ৰমনিয়াম স্বামীয়ে টুইট কৰি পাপনক পাপী আখ্যা দিয়ে৷

ইমানে নহয় পাপনক ধৰ্ষণ কাৰীৰ অভিযোগত শাস্তি দিব পাৰি বুলি কয়৷ ১৮ বছৰীয়া যুৱতীক স্পৰ্শ কৰা কাৰ্য ধৰ্ষণ কৰা কাৰ্য বুলি কয় ৰাজ্য সভাৰ সাংসদ স্বামীয়ে৷ 

সংগীত জগতত পাপনৰ আসন সুকীয়া। অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব পাপনে নিজৰ অফিচিয়েল ফেচবুক পেজত ৰং-ধেমালীৰ মাজতে কিশোৰী এগৰাকীক চুমা খোৱাৰ দৃশ্যৰ চৰ্চা আৰম্ভ হয়। তাৰ পিছতে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হয়৷ তাতে লাইভ কৰোতাগৰীকায়ে কয়, 'য়ে ক্যায় হো ৰহা হেই’। তেতিয়া গম পাই পাপনে যে ইতিমধ্যে কিচ কৰাৰ দৃশ্য লাইভ হৈ আছিল। থতমত খোৱা পাপনে তেতিয়া লাইভ বন্ধ কৰিবলৈ কয়। তেওঁ কয়, "বন্ধ কৰো য়ে ফেচবুক লাইভ, মিউজিক মিউজিক!" হেপী হোলী বুলি কৈ পাপনে কৰিলে লিপলক্, ফেচবুক লাইভত ধৰা পৰিল সেই দৃশ্যসেইখিনি সময়ত ফেচবুক পেজৰ পৰা লাইভ কৰি থকা বুলি পাপনে জনা নাছিল। এই ঘটনা সংঘটিত হৈ ছিল ২০ ফেব্ৰুৱাৰীৰ নিশা৷ শেহতীয়াকৈ এগাৰকী অধিবক্তাই গোচৰ ৰুজু কৰাৰ লগতে অসমতো পাপনিষ্ট সকলে এই বাতৰি প্ৰচাৰ কৰাৰ অভিযোগত গোচৰ ৰুজু কৰে