ৰঙিয়াঃ কেন্দ্ৰীয় ৰেল মন্ত্ৰণালয়ে ৰেল যাত্ৰীৰ সুৰক্ষাৰ বাবে ন’ ন’ পৰিকল্পনা হাতত ললেও উত্তৰ পূৱ সীমান্ত ৰেলৱেই এই পৰিকল্পনা সমূহ বাস্তৱত ৰূপায়িত কৰিব পৰা নাই৷ উত্তৰ পূৱ সীমান্ত ৰেলৱেই যাত্ৰীক সুৰক্ষা প্ৰদান কৰিব পৰা নাই এই কথা বাৰে বাৰে প্ৰমাণ হৈ আহিছে৷ 

উত্তৰ পূৱ সীমান্ত ৰেলৰ অধীনৰ বিভিন্ন প্ৰান্তত ৰেলৰ ভিতৰত, ৰেল ষ্টেছনত যাত্ৰীয়ে নিৰাপত্তাহীনতাত ভোগা দেখা যায়৷ আন হে নালাগে ৰেল ষ্টেছনৰ ভিতৰৰ পৰা যাত্ৰীক লুটি নিয়াৰ পিছতো দুৰ্বৃত্তক ধৰিবলৈ সক্ষম নহ’ল নিৰাপত্তাৰক্ষীয়ে৷ 

চিচিটিভি স্থাপন, টুইট কৰি অভিযোগ কৰাৰ ব্যৱস্থা কৰিছে থিকেই কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যক এনে ব্যৱস্থাই সাঙুৰি লব পৰা নাই৷ উত্তৰ পূৰ্বাঞ্চলৰ পৰা দেশৰ ৰেল ৰাজ্য মন্ত্ৰীগৰাকীয়ে প্ৰতিনিধিত্ব কৰে যদিও যাত্ৰীৰ সুৰক্ষাৰ দিশতটোক লৈ মুঠেই সজাগ হোৱা দেখা নাযায়৷

বিভিন্ন ৰেল ষ্টেনত যাত্ৰীৰ সুৰক্ষাৰ প্ৰশ্ন উত্থাপন হৈ অহাৰ সময়তে ৰঙিয়াত সংঘটিত হৈছে এটাৰ পিছত এটা ঘটনা৷ ৰেল যাত্ৰাত জীৱন আৰু সম্পত্তিৰ সুৰক্ষিত নহয় বুলি অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে ৰঙিয়াত সংঘটিত হৈ আহিছে ৰেল যাত্ৰীক লুটি নিয়াৰ ঘটনা৷ এটাৰ পিছত এটা লুটি নিয়াৰ ঘটনা সংঘটিত হৈ আহিছে যদিও ৰেল কৰ্তৃপক্ষই বিশেষ সতৰ্কতা অৱলম্বন কৰা নাই৷

শুকুৰবাৰে নিশাও সংঘটিত হ’ল তদ্ৰুপ ঘটনা৷ ৰেল আৰক্ষী-অৰ্ধসামৰিক বাহিনী গিজগিজাই থকা ৰঙিয়াত ৰে’ল ষ্টেছনত সংঘটিত হয় দম্পতীক লুটি নিয়াৰ ঘটনা৷ ৰেল আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ সন্মুখতে দুৰ্বৃত্তই লুটি নিলে বৃদ্ধ দম্পতীক৷ শুকুৰবাৰে নিশা ৰে’লৰ বাবে ষ্টেছনত ৰৈ থকাৰ সময়তে অপেক্ষাৰত বৃদ্ধ দম্পতী হালৰ পৰা ৫০ হাজাৰ টকা আৰু সামগ্ৰী সহ বেগ লুটি নিয়ে৷ 

জানিব পৰা মতে, দুজন যুৱকে এই কাণ্ড সংঘটিত কৰে৷ দম্পতী হালে ঘটনা সংঘটিত হোৱাৰ সময়ত চিঞৰ–বাখৰ কৰিছিল যদিও নিৰাপত্তাৰক্ষীৰ সহায় নাপালে বুলি অভিযোগ উত্থাপন হৈছে৷ ৰঙিয়াৰ পৰা ৰাজস্থানৰ চুজানপুৰলৈ যাবৰ বাবে নামনিমুৱা ভগত সিংকিকুঠি এক্সপ্ৰেছৰ বাবে ৰৈ আছিল গংগা বিষ্ণু শৰ্মা আৰু ভৱানী শৰ্মা নামৰ বৃদ্ধ দম্পতীহালে।

ৰঙিয়া ৰেল ষ্টেছনত নিৰাপত্তা নোহোৱা হৈছে ৰেলযাত্ৰীৰ। ৰঙিয়া ৰেল ষ্টেছনত জি আৰ পি এফ আৰু আৰ পি এফৰ জোৱান গিজগিজাই থকাৰ সময়তে নিৰাপত্তা নোহোৱা হৈ পৰাত একাংশ লোকে ৰঙিয়া ৰেল ষ্টেছন এতিয়া আল্লা-ইশ্বৰৰ ভৰষাত চলি থকা বুলি কয়৷ ৰঙিয়া ৰেলষ্টেছনৰ ১নং প্লেটফৰ্মত বহিঃৰাজ্যলৈ যাবৰ বাবে ৰৈ থকা  দুগৰাকী যাত্ৰীক লুটি নিয়াৰ ঘটনা ৰঙিয়া ৰেল ষ্টেছনত নিৰাপত্তা ব্যৱস্থাৰ ফোপোলা স্বৰূপটো উদঙাই দিছে। 

⇒২০১৭ চনৰ ০৭ নৱেম্বৰত কি হৈছিল?

⇒চলন্ত ৰেলত ভিতৰত দুৰ্বৃত্তই অনিল কুমাৰ নামৰ সেনাৰ জোৱানক নিচাযুক্ত দ্ৰব্য খুওৱাই টকা লুটি নিছিল৷ 

⇒২০১৭ চনৰ ২১ নৱেম্বৰত কি হৈছিল?

⇒উজনিমুৱা মানস ৰাইনো এক্সপ্ৰেছৰ যাত্ৰীক লুটি নিছিল দুৰ্বৃত্তৰ দলে৷ নিচাযুক্ত দ্ৰব্য খুওৱাই দুৰ্বৃত্তই লূটি নিছিল দীপক বৰ্মন নামৰ যাত্ৰীক। দীপক বৰ্মন নামৰ যুৱকজনে বঙাইগাঁৱৰ পৰা বৰপেটালৈ আহি আছিল মানস ৰাইনো এক্সপ্ৰেছ যোগে৷ কোনো লোকে যুৱকজনক নিচাযুক্ত দ্ৰব্য খুওৱাই চলন্ত ট্ৰেইনৰ ভিতৰৰ পৰাই সকলো লুটি লৈ যায়৷

⇒২০১৭ চনৰ ১৮ অক্টোবৰত কি হৈছিল? 

⇒হোজাই-লামডিং ইন্টাৰচিটি যাত্ৰীবাহী ৰেলৰ পৰা হোজাই মহাবিদ্যালয়ৰ বেংগলী বিভাগৰ প্ৰৱক্তা প্ৰবিত্ৰ কুমাৰ ৰায়ক লুটি নিছিল। প্ৰৱক্তা গৰাকীক বুন্দিয়াৰ লাৰু এটা খাবলৈ দি নিছিল লুটি। প্ৰৱক্তাগৰাকীয়ে লাৰুটো খোৱাৰ কিছু সময়ৰ পিছতে অচেতন হৈ পৰে। প্ৰৱক্তা প্ৰবিত্ৰ কুমাৰ ৰায়ৰ পৰা এটা লেপটপ, এটা মোবাইল, আৰু দেৰ হাজাৰ টকা লুটি নিয়ে।

⇒২০১৭ চনৰ ২৫ ডিচেম্বৰত কি হৈছিল?

⇒নগাঁৱৰ শিলঘাট অভিমুখী ৰাজ্যৰাণী এক্সপ্ৰেছত দুটি শিশু, দুগৰাকী মহিলাসহ ছয়গৰাকী লোকক সংজ্ঞাহীন কৰি দুৰ্বৃত্তই চলাইছিল লুটপাত। গোলোকগঞ্জৰ পৰা নগাঁও অভিমুখে আহি থকা ৰে'লযাত্ৰী কেইবাগৰাকীক চলাইছিল লুটপাত। নগাঁও ষ্টেছনত অচেতন অৱস্থাত যাত্ৰী কেইগৰাকীক উদ্ধাৰ কৰিছিল৷ নগাঁৱৰ গুলজাৰ হুছেইন, ৰাবিয়া খাতুন, কাছেম আলি আৰু হোজাইৰ চাণ্ডু চাৰা পাল, অঞ্জলি পাল আৰু সমীৰ পাল বুলি জানিব পৰা গৈছিল। 

উত্তৰ পূৰ্বাঞ্চলৰ ৰেল বিভাগৰ বিফলতাৰ কেইটামান উদাহৰণ হে উল্লেখ কৰিছে newsnextone.com-এ৷ প্ৰতিদিনে এনএফ ৰেলৱেৰ অধিনৰ এলেকাত বহু ঘটনা সংঘটিত হয়৷ সময়ে সময়ে ৰেল যোগে অস্ত্ৰ, ড্ৰাগছ, গাঞ্জা সৰবৰাহ হয় বুলিও অভিযোগ উত্থাপন হয়৷ দিল্লীৰ চৰকাৰ সমূহে যেনেদৰে অসমৰ সম্পদক অসমৰ পৰা নিয়াৰ বাবে গুৰুত্ব দিয়ে তেনেদৰে অসমৰ লোকৰ জীৱন আৰু সম্পত্তিকো গুৰুত্ব দিয়া উচিত বুলি কয় একাংশ লোকে৷