ডিজিটেল ডেস্কঃ ভাৰতত আয়ুৰ্বেদিক দৰৱ, প্ৰসাধন আদিৰ সমাদৰ অতীজৰেপৰা আছে। আয়ুৰ্বেদিক সা-সামগ্ৰীৰ বিক্ৰী লাভজনক ব্যৱসায় হ’ব পাৰে যদিও এই ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰা নাছিল কোনোৱে। 

কিন্তু এইবাৰ সফলতাৰ অভূতপূৰ্ব নিদৰ্শন দাঙি ধৰি পতঞ্জলি আয়ুৰ্বেদে। অভিলেখ হাৰত মুনাফা লাভ কৰিবলৈ সক্ষম হৈছে আয়ুৰ্বেদিক কোম্পানীটোয়ে। বিগত ২০১৬-১৭ বিত্তীয় বৰ্ষত কোম্পানীটোৰ টাৰ্ণ-অভাৰ পূৰ্বৰ ৫ হাজাৰ কোটিৰপৰা আগবাঢ়ি ১০ হাজাৰ কোটি টকা হৈছে। 

২০১৫-১৬ বৰ্ষত কোম্পানীৰ টাৰ্ণ-অভাৰ ৫০০০ কোটি টকা আছিল। সেয়া বাঢ়ি গৈ বিগত ২০১৬-১৭ বিত্তীয় বৰ্ষত ১০,৬৫১ কোটি টকা হৈছে। এই পৰিমাণ আগৰ পৰিমাণতকৈ দুগুণ।

কেৱল ঘিউ বিক্ৰী কৰিয়ে পতঞ্জলীয়ে পাইছে ১৪৬৭ কোটি টকা। আকৌ দন্তকান্তি নামৰ টুথপেষ্ট বিক্ৰী কৰি কোম্পানীয়ে মুনাফা পাইছে ৯৪০ কোটি টকাৰ টাৰ্ণ-অভাৰ। 

তেলৰ ক্ষেত্ৰত কোম্পানীৰ টাৰ্ণ-অভাৰ হৈছে ৮২৫ কোটি আৰু ফেশ্বৱাশ্বৰ ক্ষেত্ৰত এই ৰাশি হৈছে ২২৮ কোটি টকা। কোম্পানীটোৰ উৎপাদন ক্ষমতা পূৰ্বৰ ৩০-৪০ কোটিৰপৰা আগুৱাই চলিত ২০১৭-১৮ বৰ্ষত ৬০ হাজাৰ কোটি হ’ব বুলি বাবা ৰামদেৱে জনায়।

ছহীদৰ সন্তানক পঢ়ুওৱাৰ বাবে চলিত বিত্তীয় বৰ্ষত আৱাসিক সৈনিক স্কুল খোলাৰো কথা ৰামদেৱে ঘোষণা কৰে। এই শিক্ষা বিনামূলীয়া হ’ব আৰু ইয়াত ১০০০ জন ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব পাৰিব বুলি ৰামদেৱে সাংবাদিকৰ আগত কয়। ছত্তিশগড়ৰ সুকমা ছহীদৰ প্ৰতিটো পৰিয়াললৈ ২ লাখ টকা দিয়াৰ কথাও ঘোষণা কৰে ৰামদেৱে।