ডিজিটেল ডেস্কঃ যিসকলে ম’বাইল ৰিচাৰ্জ, অনলাইন শ্বপিং, মুভি টিকট বুকিং আদিৰ বাবে পেটিএম ব্যৱহাৰ কৰাত অভ্যস্ত, তেওঁলোকৰ বাবে সুখবৰ। কিয়নো এয়াৰটেল আৰু ভাৰতীয় ডাক বিভাগৰ পিছত এইবাৰ পেটিএমে আগবঢ়াইছে পেমেণ্ট বেংকৰ সুবিধা।

আপুনি যদি ইতিমধ্যে পেটিএম ইউজাৰ, তেন্তে নতুনকৈ বেংক একাউণ্ট খুলিবৰ প্ৰয়োজন নাই। কিয়নো পেটিএমত থকা ই-ৱালেটেই হ'ব এতিয়া আপোনাৰ বেংক একাউণ্ট। 

♦ কি এই পেমেণ্ট বেংক?

⇒ পেমেণ্ট বেংক হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকে অনুজ্ঞাপত্ৰ দিয়া নতুন পদ্ধতিৰ বেংক।

⇒ পেমেণ্ট বেংকত এজন গ্ৰাহকে ৱালেটত ১ লাখ টকালৈ জমা থ’ব পাৰে।

⇒ এয়া চেভিংছ অথবা কাৰেণ্ট একাউণ্ট হিচাপত জমা থাকিব।

⇒ এই বেংকৰ যোগেদি আপুনি ডেবিট কাৰ্ড, অনলাইন বেংকিং আৰু ম’বাইল বেংকিঙৰো সুবিধা লাভ কৰিব। 

♦ সাধাৰণৰ বেংকতকৈ পেটিএম পেমেণ্ট বেংকৰ পাৰ্থক্য কি?

⇒ পেমেণ্ট বেংকে অইন বেংকৰ দৰে আপোনাক ঋণ দিব নোৱাৰে।

⇒ অৱশ্যে অইন বেংকৰ সৈতে অংশীদাৰিত্ব থাকিলে এই বেংকে ঋণকে ধৰি বীমা, মিউচুৱেল ফাণ্ড, পেঞ্চন ফাণ্ড আদি দিব পাৰে।

♦ পেটিএম পেমেণ্ট বেংকে কি সুবিধা আগবঢ়াব?

⇒ পেমেণ্ট বেংক হিচাপে পেটিএমে আপোনাক পেটিএম ৱালেটৰ সুবিধা আগবঢ়াব।

⇒ ব্যৱসায়ৰ বাবে কাৰেণ্ট একাউণ্ট আৰু ব্যক্তিৰ বাবে চেভিংছ একাউণ্টৰ সুবিধা আগবঢ়াব এই বেংকটোৱে। 

♦ পেটিএম পেমেণ্ট বেংক একাউণ্ট কেনেদৰে খুলিব?

⇒ বেংকিং সেৱা সোনকালেই মুকলি কৰা হ’ব বুলি পেটিএমৰ কৰ্তৃপক্ষই জানিবলৈ দিছে।

 ⇒ কেওৱাইচি নথি জমা দিব লাগিব আৰু ডিজিটেল স্বাক্ষৰো কৰিব লাগিব। 

♦ আপোনাৰ এতিয়াৰ পেটিএম ৱালেটটো কি হ’ব?

⇒ আপুনি যদি পেটিএমে বিচৰা নথি-পত্ৰ জমা দিয়ে, তেন্তে আপোনাৰ পেটিএম ৱালেটটো পেটিএম পেমেণ্ট বেংক হিচাপে বিবেচিত হ’ব। 

⇒ নথি জমা দিয়াৰ তাৰিখ ২১ ডিচেম্বৰ, ২০১৭।