তুলসীবাৰী/ৰঙিয়াঃ কামৰূপৰ ৰঙিয়াৰ মলোখাট জামে মছজিদ প্ৰাংগনত অহা ৩০জানুৱাৰীত ধৰ্মীয় সভা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ সমাজত শান্তি, সংহতি ভাতৃত্ববোধ গঢ়ি তোলাৰ উদ্দেশ্যে অনুষ্ঠিত হ’বলগীয়া ধৰ্মীয় সভাত দিনৰ ২.৩০ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ'ব।

ৰঙিয়া ষ্টেছন ছজিদৰ ইমাম হাফিজ কাৰী আব্দুল ওৱাহিদ আলমৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া সভাত মুখ্য অতিথি হিচাপে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা আৰু বিশিষ্ট অতিথি হিচাপে ৰঙিয়া জিলা পৰিষদৰ সভাপতি দেৱব্ৰত কলিতা উপস্থিত থাকিব। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব আব্দুৰ ওৱাহাব খান, আব্দুল মতিন। আনহাতে বিশ্ব শান্তিৰ বাবে দ্বীনি জলছাহৰ আখেৰী দোৱা হ'ব নিশা ৯.৩০ বজাত৷