ওৰাংঃ বিশ্বৰ বিভিন্ন দেশত জনপ্ৰিয় মাৰ্শ্বেল আৰ্টৰ পেনচাক চিলাট নামৰ খেল বিধ৷ ভাৰতবৰ্ষতো জনপ্ৰিয় পেনচাক চিলাট৷ পেনচাক চিলাট নতুবা চিলামবাম মাৰ্শ্বেল আৰ্টৰ দুটা অন্যান্য পদ্ধতিৰ খেল বুলি জনা যায়৷ মহাৰাষ্ট্ৰৰ নবি মুম্বাইত যোৱা ২৭ আৰু ২৮ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰেছনৰ উদ্যোগত দ্বিতীয় ফেডাৰেছন কাপ প্ৰতিযোগিতা অনুষ্ঠিত হয়৷

প্ৰতিযোগিতা খনত অসমকে ধৰি ত্ৰিশখন ৰাজ্যই যোগদান কৰা বুলি জানিব পৰা গৈছে৷ এই প্ৰতিযোগিতাত আয়োজক সমিতিৰ প্ৰশাংসা বুটলিবলৈ সক্ষম হৈছে অসমৰ পেনচাক চিলাটৰ খেলুৱৈসকলে৷ অসম পেনচাক চিলাট এচ'ছিয়েচনৰ সভাপতি পৰমানন্দ চায়েংগীয়াৰ নেতৃত্বত যোৱা অসমৰ দলটোৱে কেইবাটাও শাখাত সোণ, ৰূপ, ব্ৰঞ্জৰ মেডেল আজুৰি আনি ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনে৷ প্ৰতিযোগিতাত অসমৰ দলটোৱে বিশেষ সফলতা অৰ্জন কৰাত ৰাজ্যৰ খেলুৱৈই সকল উৎফুল্লিত হৈ পৰে৷

প্ৰতিযোগিতাত ইলব্ৰিছটন মাৰ্ক, মামনি হাজং আৰু পম্পী দেউৰীয়ে সোনৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ পূৰৱী বৰুৱা, জানমনি মোছাহাৰি, দিপজ্যোতি ৰাভা, দিপশিখা ৰাভা, মিৰিণা বসুমতাৰী আৰু ৰাম পেগুৱে ৰূপৰ পদক আজুৰি আনে৷ আনহাতে, অনন্দিতা ৰাজকুমাৰী, নৱকিশোৰ গগৈ, তিলক তুটুম, পাৰ্থজিত ৰাভা, কিশোৰ পেগু, বিজন্ত দৈমাৰি, ভাস্কৰজ্যোতি নাথ, এমজ বসুমতাৰী, সুনন্দ পায়েং, মোহন পাটিৰ আৰু ভনিতা গগৈয়ে ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হয়৷

অসম পেনচাক চিলাট এচ'ছিয়েচনৰ সভাপতি পৰমানন্দ চায়েংগীয়া খেলুৱৈসকলৰ পাৰদৰ্শিতাত আনন্দিত হৈ সকলো খেলুৱৈক পেনচাক চিলাটৰ ঐক্য সাজ প্ৰদান কৰি অভিবাদন জনায়৷ আনহাতে পেনচাক চিলাট গোট গঠন কৰি কৰ্মশালা, প্ৰশিক্ষণ শিবিৰ, প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে কাম কৰিব যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে খেলুৱৈসকলক৷ স্মৰ্তব্য যে, আমাৰ দেশত ক্ৰিকেট আৰু ফুটবৰল লগতে বহু জনপ্ৰিয় খেল আছে যদিও আন আন খেল সমূহক চৰকাৰ তথা দল-সংগঠনে গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷