ডিজিটেল ডেস্কঃ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ খ্ৰীষ্টমাছলৈ মাজত মাথো কেইটামান দিন বাকী। আনন্দত উটি ভাহি গৈছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল। তাৰ মাজতে হাংগেৰিৰ বুদাপেষ্টত অনুষ্ঠিত কৰা হ’ল অৰ্ধ উলংগ দৌৰ। নাঙঠ ছান্টা ক্লজৰ দৌৰ৷ এই লৈয়ে পথত বহু লোকে ছান্টা ক্লজৰ ৰূপত দৌৰা দেখা গ’ল৷

পিছে এয়া কোনো জনপ্ৰিয়তা লাভৰ বাবে নহয়৷ ই এক সাহায্য সংগ্ৰহ সমিতিহে৷ ইয়াৰ জৰিয়তে সাহায্য সংগ্ৰহ কৰি  দৰিদ্ৰ লোকসকলক প্ৰয়োজন অনুসৰি সাহায্য আগবঢ়োৱা হয়৷ বিগত কেইবাবছৰো ধৰি সাহায্য সংগ্ৰহৰ বাবে অৰ্ধ উলংগহৈ ছান্টা ক্লজ দৌৰ আয়োজন কৰি আহিছে৷ 

এই দৌৰৰ পৰা সংগ্ৰহ হোৱা টকাৰে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক খাদ্য-সামগ্ৰী আগবঢ়োৱা হয়৷ এই দৌৰত অংশ গ্ৰহণৰ লগতে প্ৰত্যক্ষ কৰিবলৈ বহু লোক সমবেত হ'ব।

ছান্টা ক্লজ দৌৰ আয়োজন কৰাৰ এই পৰম্পৰা ২০০০ চনত আৰম্ভ হৈছিল৷ য’ত কেৱল মাত্ৰ কেইজন মান লোকেহে অংশগ্ৰহণ কৰিছিল৷  বিগত সময়ত উত্তৰ আমেৰিকা আৰু অন্য দেশতো দৰিদ্ৰ লোকক সাহায্য দিবৰ বাবে এই ধৰণৰ দৌৰৰ আয়োজন কৰি আহিছে৷