লণ্ডনঃ বিশ্বৰ সৰ্বোচ্চ ‘একতাৰ মূৰ্তি’ উন্মোচনৰ পাছত জাঙুৰ খাই উঠিছে ব্ৰিটেইনৰ এজন সাংসদ৷ তেওঁৰ মতে তেওঁৰ দেশে ভাৰতত মহিলাৰ অধিকাৰ উন্নত কৰা, সৌৰ শক্তিৰ ব্যৱহাৰ জনপ্ৰিয় কৰাকে ধৰি কাৰ্বনৰ নিম্ন নিৰ্গমন পৰিবহন ব্যৱস্থা উন্নত কৰিবৰ বাবে ১ বিলিয়ন পাউণ্ড (ভাৰতীয় মুদ্ৰাত ১ লাখ ১১ হাজাৰ কোটি টকা)ৰ অৰ্থ সাহায্য প্ৰদান কৰিছিল৷ এই ধনৰাশিৰ ৩৩০ নিযুত পাউণ্ড ভাৰত চৰকাৰে চৰ্দাৰ বল্লভ ভাই পেটেলৰ মূৰ্তি নিৰ্মাণত ব্যৱহাৰ কৰিলে৷ 

ব্ৰিটেইনৰ কৰদাতা জনতাৰ ধনৰ এনে দুৰ্ব্যৱহাৰত টৰী এম পি পিটাৰ বন নামৰ সাংসদজনে ভাৰত চৰকাৰক ভৰ্ৎসনা কৰি কয় যে দেশখনে ভাৰতক আৰু অধিক সাহায্য দিয়াটো বন্ধ কৰিব লাগে৷

বনৰ ভাষ্য় প্ৰকাশ কৰি ‘দ্য ডেইলী মেইল’-এ কোৱা মতে ২০১২ চনত ব্ৰিটেইনে বিভিন্ন শিতানত ভাৰতক ৩০০ নিযুত পাউণ্ড সাহায্য দিছিল আৰু তেতিয়াই গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকা নৰেন্দ্ৰ মোডীয়ে মূৰ্তি নিৰ্মাণৰ প্ৰকল্পটো হাতত লৈছিল৷ এনেদৰে বৰ্হিৰাষ্ট্ৰৰপৰা ধন লৈ মূৰ্তি নিৰ্মাণ কৰাটো অৰ্থহীন কাম আৰু এনে কাম মূঢ়তাৰ বাদে আন একো নহয় বুলি তেওঁ মন্তব্য় কৰে৷

উল্লেখ্য় যে চৰ্দাৰ পেটেলৰ ১৮২ মিটাৰ উচ্চতাৰ মূৰ্তিটোৰ নিৰ্মাণ ব্য়য় আছিল ২,৯৮৯ কোটি টকা।