গুৱাহাটীঃ অৱশেষত জোতাৰ মালা পিন্ধোৱা হ’ল ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক। বৃহস্পতিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকলে অনুষ্ঠিত কৰা প্ৰতিবাদী কাৰ্যসূচীত দেখা গ’ল এনে দৃশ্য।

প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে প্ৰভাৱশালী মন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত কোনো ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে আঁৰি দিয়ে জোতাৰ মালা। ইতিমধ্যে মন্ত্ৰী হিমন্তৰ প্ৰতিচ্ছবিত জোতাৰ মালা আঁৰি দিয়া ফটো ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

উল্লেখ্য যে, ৰাজ্যবাসীৰ প্ৰতিবাদক ঠাট্টা-মস্কৰা কৰি মুকলিকৈ হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰাৰ পোষকতা কৰি আহিছে মন্ত্ৰীগৰাকীয়ে। অসমৰ ভাষা-সংস্কৃতিক মুছলমানসকলৰ পৰা ৰক্ষা কৰিবৰ বাবে হিন্দু বাংলাদেশীক সংস্থাপন কৰাতো প্ৰয়োজনীয় বুলিও দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে দুবছৰ পূৰ্বে কংগ্ৰেছত থকা নেতাগৰাকীয়ে।

ইয়াৰ মাজতে, বুধবাৰে সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে বদৰুদ্দিন আজমলক অসমৰ মুখ্যমন্ত্ৰী হোৱাত বাধা দিবলৈ বাংলাদেশৰ হিন্দুৰ সহায় লোৱাতো অতিশয় প্ৰয়োজনীয় হৈ পৰিছে। এটা ব্যক্তিগত টিভি চেনেলতো কালি নিশা ৯ বজাত সাক্ষাৎকাৰত ভাগ লৈ একে মন্তব্যকে কৰে মন্ত্ৰী হিমন্তই।

এনে মন্তব্যৰ পিছতে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে ৰাজ্যৰ একাধিক দল-সংগঠন। ক্ষোভৰ মাজতে আজি গুৱাহাটী বিশ্ববিদ্যালয়ত কোনো প্ৰতিবাদকাৰীয়ে জোতাৰ মালা আঁৰি দিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ হৈ ওকালতি কৰা মন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত।