নতুন দিল্লীঃ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত দেওবাৰে সংঘটিত আক্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বাতৰি যুগুত কৰা পৰ্যন্ত কোনোধৰণৰ মন্তব্য বা টুইট কৰা দেখিবলৈ পোৱা হোৱা নাই। উক্ত ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ 'মন কী বাত’ জনোৱাৰ লগে লগে সেই বাতৰি গুৰুত্বসহকাৰে প্ৰকাশ কৰিবলৈ সাজু হৈ আছে দেশৰ প্ৰায় প্ৰতিটো সংবাদ প্ৰতিষ্ঠান।

অৱশ্যে, অন্ধ্ৰ প্ৰদেশৰ অভিনেতা তথা YSRCPৰ নেতা মোহন বাবুৱে যোৱা ৬ জানুৱাৰীত নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। আমি এই কথা জানিব পাৰিছো প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰুপ ফটোসহ পোষ্ট কৰা এটি টুইটৰ জৰিয়তে।

টুইটত পোষ্ট কৰা গ্ৰুপফটোখনত প্ৰধানমন্ত্ৰী মোদীক এটা ক’লা নেহৰু জেকেটৰ সৈতে ক্ৰিমৰঙী ফুল-শ্লিভ কূৰ্তা-পাইজামা পিন্ধি থকা দেখা গৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে অভিনেতা তথা নেতা মোহনে যোৱা ৬ জানুৱাৰীৰ বিয়লি ৩-৪৮ বজাত এপল আইফোনৰ জৰিয়তে কৰা এটি পিনড টুইট "What a man! @narendramodi"ত প্ৰত্যুত্তৰো দিয়ে। 

প্ৰধানমন্ত্ৰীগৰাকীয়েও ৬ জানুৱাৰীৰ নিশা ৮-৪৭ বজাত এপল আইফোনৰ জৰিয়তে অভিনেতা মোহনক মেনশ্যন কৰি টুইট কৰে গ্ৰুপ ফটোখন। টুইটটোত মোদীয়ে লিখিছে, ''মোহন বাবু, আপোনাক আৰু আপোনাৰ পৰিয়ালক লগ পাই সুখী অনুভৱ কৰিছো। আমি চিনেমাৰ প্ৰয়োজনীয়তা আৰু আমি কেনেকৈ মানুহৰ মাজত সংস্কৃতিক সংযোগ স্থাপন কৰিব পাৰো সেই দিশসমূহৰ লগতে আন বিভিন্ন বিষয় সম্পৰ্কে সুন্দৰভাৱে আলোচনা কৰো।’’ 

বাতৰি যুগুতোৱা পৰলকৈ এই টুইটটোৱে লাভ কৰিছে ২৫০০ ৰিটুইট, ১৫০০০ লাইক আৰু ৪৪৮ টা কমেণ্ট। সেই সংখ্য ক্ৰমাৎ বৃদ্ধি পাবই লাগিছে।

উল্লেখ্য যে, দেওবাৰে বিশ্ববিদ্যালয়খনত সংঘটিত ঘটনাৰ দায়িত্ব ইতিমধ্যে স্বীকাৰ কৰিছে হিন্দু ৰক্ষা দল নামৰ এটা সংগঠনে। এই আক্ৰমণৰ ঘটনাত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ অধ্যক্ষ আইছি ঘোষসহ আহত হৈছে অতিকমেও ৫০ গৰাকী শিক্ষাৰ্থী। 

ইতিমধ্যে সমগ্ৰ দেশতে JNUত সংঘটিত আক্ৰমণৰ ঘটনাক লৈ আৰম্ভ হৈছে ব্যাপক প্ৰতিবাদ। মঙলবাৰে সন্ধিয়া বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে সাব্যস্ত কৰা প্ৰতিবাদস্থলীত উপস্থিত হয় অভিনেত্ৰী দীপিকা পাডুকন। অভিনেত্ৰীগৰাকীয়ে প্ৰতিবাদস্থলীত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে প্ৰতিবাদলৈ মুকলিভাৱে সমৰ্থন আগবঢ়ায়।