ডিজিটেল ডেস্কঃ দেশৰ সৰ্ববৃহৎ বেংকৰ বিত্তীয় অনিয়মৰ পিছত কংগ্ৰেছে প্ৰধান মন্ত্ৰীক লক্ষ্য কৰি বহুতো ইতিকিংসূচক মন্তব্য কৰা দেখা গৈছে। কংগ্ৰেছৰ বৰ্ষীয়ান নেতা কপিল চিবালে। শনিবাৰে পিএনবি কেলেংকাৰীৰ বাবে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰি চিবালে কয়, মোডী দেশৰ সকলোতকৈ ধনী চকীদাৰ।

ইয়াৰ আগতেও কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী, লালু যাদৱে মোডীক চকীদাৰ বুলি কোৱাৰ লগতে শত্ৰুঘ্ন সিংহই মোডীক চকীদাৰ-এ-বতন বুলি কৈছিল। তেওঁ লগতে কয়, মোডীয়ে প্ৰত্যেক দিনাই কংগ্ৰেছৰ বিৰুদ্ধে সংযুক্ত প্ৰগতিশীল মিত্ৰজোঁটৰ সময়ত ১.৭৬ লাখ কোটি টকাৰ ২জি কেলেংকাৰীৰৰ বিষয়ে কয়।

নীৰৱ মোডীৰ ১১,৩০০ আৰু ৰ’টোমেকৰ ৩,০০০ কোটি টকাৰ কেলেংকাৰীৰ পিছত মোডী নীৰৱ হৈ থকাক লৈ প্ৰশ্ন কৰে চিবালে। ইয়াৰ পিছতে মোডীয়ে গ্ল’বেল বিজনেছ সমাৰোহত প্ৰথমবাৰৰ বাবে বেংক কেলেংকাৰীৰ ওপৰত মাত মাতে। মোডীয়ে কয়, চৰকাৰে দোষীৰ ওপৰত ব্যৱস্থা ল’ব।

কংগ্ৰেছ নেতা চিবালে লগতে কয়, আমাৰ প্ৰধানমন্ত্ৰীৰ ওচৰত ঘৰ আৰু উৰন্ত বিমান আছে। তেওঁ পৃথিবীৰ সকলোতকৈ ধনী চকীদাৰ। পূৰ্বৰ কংগ্ৰেছী মন্ত্ৰী গৰাকীয়ে কয়, ভাৰতীয় জনতা পাৰ্টিৰ কিছুমান নেতা এই কেলেংকাৰীত জৰিত আছে আৰু তেওঁলোকে ইতিমধ্যে দেশ এৰি পলায়ন কৰিছে।