নতুন দিল্লীঃ নতুনকৈ নিৰ্মাণ কাৰ্য চলি থকা সংসদ ভৱনৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাসভৱনক সংযোগ কৰা হ’ব সুৰংগ পথেৰে। একমাত্ৰ প্ৰধানমন্ত্ৰীৰ আহ-যাহৰ বাবেই ব্যৱহাৰ কৰা হ’ব এই সুৰংগ পথ। প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা ব্যৱস্থা অধিক সুনিশ্চিত কৰি তুলিবলৈকে এই পৰিকল্পনা কৰা হৈছে বুলি জনাইছে চৰকাৰী সূত্ৰই।

সুৰক্ষা বিশেষজ্ঞসকলেও মত পোষণ কৰিছে যে প্ৰধানমন্ত্ৰীৰ দৰে হাই-প্ৰফাইল নেতাই সকলো সময়তে সংসদ ভৱনলৈ সাধাৰণ পথেৰে আহ-যাহ কৰাতো মুঠেই নিৰাপদজনক নহয়। ইয়াৰ লগতে প্ৰধানমন্ত্ৰীৰ কনভয়ক নিৰাপদে যাবলৈ দিবৰ বাবে দীঘলীয়া সময়ৰ বাবে ট্ৰেফিক নিয়ন্ত্ৰণ কৰাত প্ৰায়ে ৰাজপথত সমস্যাত পৰিবলগীয়া হয় সৰ্বসাধাৰণ।

এনে পৰিপ্ৰেক্ষিততে নিউ চেণ্ট্ৰেল ভিষ্টা মাষ্টাৰ প্লেনৰ অধীনত হাতত লোৱা হৈছে সুৰংগ নিৰ্মাণৰ এই পৰিকল্পনা। উক্ত পৰিকল্পনাৰ দায়িত্বত থকা মাষ্টাৰ প্লেনাৰ বিমল পেটেলে এই সন্দৰ্ভত এটি প্ৰেজেণ্টেশ্যনো বিভাগীয় কৰ্তৃপক্ষক দাখিল কৰিছে। 

প্ৰেজেণ্টেশ্যনটোত উল্লেখ কৰা মতে নৰ্থ ব্লক আৰু ছাউথ ব্লকত নিৰ্মাণ কৰা হ'ব দুটি জাতীয় সংগ্ৰহালয়। আনহাতে  প্ৰধানমন্ত্ৰীৰ বাসভৱন ছাউথ ব্লকৰ অধিক কাষলৈ নিয়াৰ লগতে চৰকাৰী কৰ্মচাৰীসকলৰ বসবাসৰ বাবে উক্ত অঞ্চলত থকা মুকলি স্থানত নিৰ্মাণ কৰা হ’ব ১০ টা নতুন অট্টালিকা।

ইফালে প্ৰদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰা ৰাজধানী মহানগৰীৰ যি সামান্য মুকলি ঠাই আছে সেই ঠাইখিনিতো অট্টালিকা নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণক লৈ সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ। এনেদৰে পথৰ দাঁতিত থকা মুকলি ঠাই আৰু গছ-গছনিৰে ভৰা ঠাইত অট্টালিকা নিৰ্মাণ কৰাৰ পৰিৱৰ্তে বিকল্প ব্যৱস্থা গ্ৰহণ কৰাটো অধিক প্ৰয়োজনীয় আছিল বুলিও মন্তব্য কৰিছে প্ৰকৃতিপ্ৰেমী দল-সংগঠনসমূহে।

উল্লেখ্য যে, নতুনকৈ নিৰ্মাণ কাৰ্য চলি থকা সংসদ ভৱনত থাকিব অত্যাধুনিক ব্যৱস্থা। জনসাধাৰণৰ সৈতে জনপ্ৰতিনিধিসকলে যাতে সংসদ ভৱনৰ পৰাই পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে তাৰ বাবে নতুন ভৱনত সংলগ্ন কৰা হৈছে ভিডিঅ’ কনফাৰেন্সিঙৰ ব্যৱস্থা। চৰকাৰী তথ্য অনুযায়ী অহা ২০২৪ ৰ পূৰ্বে সম্পূৰ্ণ হৈ উঠিব নতুন সংসদ ভৱনৰ লগতে প্ৰধানমন্ত্ৰীৰ বাসভৱন সংলগ্ন সুৰংগ পথ।