ডিজিটেল ডেস্কঃ দয়াল সিং মাজেথিয়া ভাৰতবৰ্ষৰ এগৰাকী কৰ্পৰেট জগতৰ প্ৰতিষ্ঠিত লোক আছিল৷ যিগৰাকী লোকে প্ৰতিষ্ঠা কৰিছিল এটা বেংকৰ দৰে অনুষ্ঠানৰ৷ যাৰ নাম দিছিল পঞ্জাৱ নেছনেল বেংক চমুকৈ পিএনবি৷

১৮৪৮ চনত বানাৰসত জন্ম গ্ৰহণ কৰিছিল৷ এগৰাকী বেংকাৰ হিচাপে প্ৰসিদ্ধ আছিল তেওঁ৷ প্ৰগতিশীল সমাজ সংস্কাৰক সকলৰ মাজৰ এজন দয়াল সিং৷ তেওঁ ১৮৮১ চনত অবিভক্ত লাহোৰত The Tribune নাম কাকত খন প্ৰতিষ্ঠা কৰিছিল৷

তাৰ পিছতেই ১৮৯৪ দয়াল সিং ট্ৰাষ্ট চছাইটিৰ নামত প্ৰতিষ্ঠাপক পৰিচালক হিচাপে পাঞ্জাৱ নেছনেল বেংকৰ জন্ম দিছিল। বৰ্তমান ৰিজাৰ্ভ বেংকৰ অধিনত পৰিচালিত অন্যতম বেংক হৈছে পিএনবি৷ পিএনবিক শূন্যৰ পৰা উচ্চতাৰ শিখৰলৈ যাবলৈ বেছি সময় লগা হোৱা নাছিল৷ 

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশতো বেংকটোৰ শাখা আছে৷ হংকং, কৌলুন, ডুবাই, কাবুল, চীন, নৰৱে, ভূটান, ছিডনী, কাজাখাস্তান, চাংহাই আদি ঠাইত শাখা আছে৷ দেশতে নহয় বিদেশতো জনপ্ৰিয় পিএনবি৷ কেৰ্ডিত কাৰ্ড, কনজিউমাৰ বেংকিং, কৰ্পৰেট বেংকিং, ইঞ্চুৰেন্স, ইনভেষ্টমেন্ট বেংকিং ব্যৱস্থা প্ৰৱৰ্তন কৰি বেংকটোৱে এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে বেংক ব্যৱস্থাত৷ 

পিএনবিয়ে দেশৰ প্ৰান্তে প্ৰান্তে শাখা স্থাপন কৰি সুনাম অৰ্জন কৰিছে৷ সহজতেই ঋণ প্ৰদান কৰা দেশৰ বেংকৰ ভিতৰত অন্যতম বেংক বুলি কোৱা হয় পিএনবিক৷ কিন্তু যোৱা যোৱা প্ৰায় ডেৰ মাহ ধৰি পিএনবিকলৈ বিতৰ্ক অব্যাহত আছে৷ যাৰ বাবে ব্যাপক চৰ্চা অব্যাহত আছে৷ 

প্ৰথমে এগৰাকী হীৰা ব্যৱসায়ীয়ে ২০০৮ চনৰ পৰাই তেওঁৰ বিৰুদ্ধে পঞ্জাৱ নেচনেল বেংকৰ পৰা ভুৱা তথ্যপাতিৰে কোটি কোটি টকা ঋণ লোৱাৰ অভিযোগ উত্থাপন হয়৷ এই কথা পূৰ্বে পোহৰলৈ আহিছিল আৰু চিবিআইয়ে এজাহাৰ দাখিল কৰিছিল৷ কিন্তু তেতিয়া এই ঘটনা তেতিয়া চৰ্চালৈ আহে যেতিয়া নীৰৱ মোডী নামৰ হীৰাৰ ব্যৱসায়ীগৰাকীয়ে বিদেশলৈ পলায়ন কৰে৷

২০১০ চনৰ পৰা হীৰাৰ ব্যৱসায় কৰা নীৰৱ মোডীয়ে প্ৰায় ১২০০০ কোটি টকা লুটি নিয়া বুলি অভিযোগ উত্থাপন হয়৷ ৪৮ বছৰীয়া নীৰৱ মোডী বিখ্যাত হীৰা ব্যৱসায়ী ২০১০ চনৰ পৰা গ্ল’বেল হীৰা ব্যৱসায়ী নামেৰে বিখ্যাত৷ কিন্তু ২০০৮ চনৰ পৰাই তেওঁৰ বিৰুদ্ধে পঞ্জাৱ নেচনেল বেংকৰ পৰা ভুৱা তথ্যপাতিৰে কোটি কোটি টকা ঋণ লোৱাৰ অভিযোগ উত্থাপন হয়৷

২০০৮ চনত প্ৰথমখন এজাহাৰ দাখিল কৰিছিল চিবিআইয়ে৷ মুম্বাইৰ ব্ৰেডী হাইচস্থিত পিএনবিৰ শাখাৰ পৰা ভুৱা তথ্যৰে সৰকাইছিল প্ৰায় ২৮০ কোটি টকাৰ ঋণ৷ শেহতীয়াকৈ ১১,০০০ কোটি টকা ভুৱা প্ৰতিশ্ৰুতিৰে সৰকাই নিয়া বুলি অভিযোগ উত্থাপন হৈছে৷ তেঁও নতুন দিল্লী, মুম্বাই, নিউয়ৰ্ক, লণ্ডন, হংকং আদিত ব্যৱসায় কৰে৷ 

দুটা বৃহৎ কোম্পানীৰ ভিতৰত প্ৰথমটো ফায়াৰষ্টাৰ ডায়মণ্ড আৰু দ্বিতীয়টো নীৰৱ মোডী। মোডীক ২০১৭ চনত ফ’বৰ্ছৰ ভাৰতৰ ধনী ব্যক্তিৰ তালিকাত ৮৪ নম্বৰত আছে৷ তেওঁৰ ব্যৱসায় কেৱল ভাৰততে সীমাৱদ্ধ নহয়৷ 

বিদেশতো বিভিন্ন কোম্পানীৰ সৈতে জড়িত৷ আৰৱতো ব্যৱসায় কৰে নীৰৱ মোডীয়ে৷ এইয়া আছিল পিএনবিয়ে বিতৰ্কত সোমাই পৰাৰ আৰম্ভণি৷ ২০০৮ চনৰ পৰা ক্ৰমে বদনামী হৈ পৰিছিল বেংকটো৷ কিয়নো একাংশ বিশেষ লোকক বেংকটোৱে সহজ তথ্য পাতিৰে বাৰে বাৰে ঋণ প্ৰদান কৰিছিল৷

একে অনুষ্ঠান, একে তথ্য পাতিৰ আধাৰত বাৰে বাৰে দিয়া হৈছিল ঋণ৷ ঋণ লোৱা লোকসকলে ঋণ পৰিশোধ নকৰাৰ পিছতো ঋণ প্ৰদান কৰিছিল৷ এই কথা শেহতীয়াকৈ পোহৰলৈ আবিছে৷ মুম্বাইৰ মুম্বাইৰ ব্ৰেডী হাইচস্থিত পিএনবিৰ শাখাৰ পৰা আৰম্ভ কৰি উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰ মুখ স্বৰূপ গুৱাহাটী মহানগৰীৰ জু-ৰোড শাখালৈ৷ 

দুদিন আগলৈ মুম্বাইৰ কথা আমি বাৰে বাৰে পঢ়ি আছিলো পিএনবি ঘোটালা সন্দৰ্ভত৷ কিন্তু গুৱাহাটীতো যেতিয়া এই ঘোটালা সংঘটিত হোৱাৰ ৰহস্য ফাদিল হ’ল তেতিয়া বেংক কেলেংকাৰীত অন্তৰ্ভুক্ত হ’ল গুৱাহাটীৰ নাম৷ 

দেশ তথা আমাৰ ৰাজ্যখনত কেলেংকাৰী কোনো নতুন কথা নহয়৷ নিতৌ ন’ ন’ কেলেংকাৰীৰ কথা পোহৰলৈ আহে৷ পিএনবিৰ মুম্বাই শাখাৰ কেলেংকাৰীৰ কথা পঢ়ি থকাৰ সময়তে আমাৰ ৰাজ্য অমসতো তদ্ৰুপ কেলেংকাৰী সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে৷ 

কিন্তু মুম্বাইৰ পৰা লুটি নিয়া লোকগৰাকী এগৰাকী হীৰা ব্যৱসায়ী৷ বিশ্ব বিভিন্ন ঠাইত আছে তেওঁৰ ব্যৱসায়৷ বৰ বৰ নেতাৰ সৈতে আছে তেওঁৰ সম্পৰ্ক৷ যাৰ বাবে তেওঁ তথা নীৰৱ মোডীয়ে দেশৰ চৰকাৰৰ পৰা বিশেষ অসুবিধা নোপোৱাকৈ বিদেশত পলাই থাকিবলৈ সক্ষম হয়৷ নীৰৱ মোডীয়ে সংঘটিত কৰিছে ১২০০০ কোটি টকাৰ ঘোটালা৷ কিন্তু অসমত এই কেলেংকাৰী সংঘটিত কৰা লোককেইগৰাকী বিদেশত পলাই থাকিব পৰাৰ কোনো পথ নাই৷

অসমত সংঘটিত হোৱা কেলেংকাৰীত অভিযুক্ত এগৰাকী লোকে যোৱা বিধান সভা নিৰ্বাচনত বিজেপিৰ প্ৰৰ্থীক হৰুৱাত কিংমেকাৰৰ ভূমিকা গ্ৰহণ কৰিছিল৷ যাৰ ফলত কেকোৰা চেপা দিয়াতো স্বাভাৱীক বুলি ধাৰণা কৰিব পাৰি৷

পাঞ্জাৱ নেচনেল বেংকৰ গুৱাহাটীৰ জু-ৰোড শাখাত নীৰৱ মোডীৰ দৰেই ভুৱা তথ্য-পাতি দি মেছাৰ্ছ স্কাই স্কেপাৰ ৰিয়েল ইষ্টেট নামৰ প্ৰতিষ্ঠানটোৱে সংঘটিত কৰে আঢ়ৈ কোটি টকাৰ ঘোটালা৷

চলিত বৰ্ষৰ জানুৱাৰী মাহত পোহৰলৈ আহিছিল এই কাণ্ডৰ৷ যোৱা ১৭ জানুৱাৰীত বেংক কৰ্তৃপক্ষই দাখিল কৰা এজাহাৰৰ ভিত্তিত অনুসন্ধান চলাই ফণীধৰ তালুকদাৰ, অমৰেন্দ্ৰ কলিতা, সৰোজ শৰ্মা, শৈলেন ৰয় আৰু বানোৱাৰীলাল পাৰিকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰে। 

ফণী তালুকদাৰৰ অনুষ্ঠান মেছাৰ্ছ স্কাই স্কেপাৰ৷ মেছাৰ্ছ স্কাই স্কেপাৰৰ পৰিচালক বানৱাৰীলাল পাৰিক আৰু অমৰেন্দ্ৰ কলিতা, সৰোজ শৰ্মা আৰু শৈলেন ৰয় মেছাৰ্ছ স্কাই স্কেপাৰ ৰিয়েল ইষ্টেটৰ অংশীদাৰী৷ ৫গৰাকী লোকে সকলো নাটক ৰচনা কৰি একে খিনি তথ্যপাতি জালিয়াতি কৰি একে সম্পত্তি বেংকক দেখুৱাই ঋণ আদায় কৰিছিল৷

এতিয়া প্ৰশ্ন উত্থাপন হয় বেংকৰ লোক ভেৰিফেকছন নকৰাকৈ কেনেকৈ দিছিল ঋণ৷ আমাৰ হাতত পৰা তথ্য মতে একাংশ বেংকত কাম কৰা লোকৰ সৈতে ফণী তালুৰদাৰৰ ভাল সম্পৰ্ক৷ যাৰ ফলত চকুমুদি ঋণ আদায় দিছিল বেংক কৰ্তৃপক্ষই৷ ইমানে নহয় ফণী তালুকদাৰে ঋণ লোৱাৰ পিছিত কিস্তি পৰিশোধ নকৰাৰ পিছতো বেংক কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান কৰা নাছিল৷

গুৱাহাটীৰ পিএনবিৰ ৬ গৰাকী বেংক বিষয়া এজিএম ভাৰত সিং, ডি এন মিশ্ৰ, ডি কে চৌধুৰী, অনিল টিয়াৰী, বাঞ্চাল চেত্ৰী আৰু পি কে ভূঞাকো সমানে অপৰাধী হিচাপে গণ্য কৰিব লাগে৷ বেংক বিষয়াই ঋণ দিয়াৰ পিছতো চুক্তি নকৰা, ঋণ পৰিশোধ নকৰাৰ পিছতো সোনকালে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগৰ পৰা সাৰি যাব নোৱাৰে৷

প্ৰথমাৱস্থাত বেংক কৰ্তপক্ষই গুৰুত্ব প্ৰদান কৰা নাছিল যেতিয়া নীৰৱ মোডীৰ ঘটনা পোহৰলৈ আহে আৰু সংবাদ মাধ্যমত হৈ-চৈ লাগিছিল তেতিয়াহে সাৰ পাইছিল বেংক কৰ্তৃপক্ষই৷ নীৰৱ মোডীৰ ঘটনা পোহৰলৈ নাহিলে হয়তো ফণী তালুকদাৰ গতৰ দৰে মানুহে ঋণ লোৱাৰ কথা পোহৰলৈ নাহিল হেতেন৷

প্ৰথমে তেওঁলোকে পিএনবিৰ গুৱাহাটী মহানগৰীৰ জু-ৰোড শাখাৰ পৰা ১ কোটি টকা কেছ ক্ৰেডিট ঋণ লৈছিল। এই ঋণ পৰিশোধ নকৰি পুনৰ একেটা বেংকত আকাশ ৰেছিডেন্সি নামৰ এপাৰ্টমেন্টত দুটা ফ্লেট ক্ৰয়ৰ নামত ৮৩ লাখ টকা ঋণ লয়। ইয়াৰোপৰি বানোৱাৰীলাল পাৰিকে একেটা এপাৰ্টমেন্টতে পুনৰ দুটা ফ্লেট ক্ৰয়ৰ নামত বেংকৰ পৰা ৭৫ লাখ টকা ঋণ লয়। ৮৩ লাখ টকা লোৱা ফ্লেট দুটা ইতিমধ্যে ফণী তালুকদাৰে আনক বিক্ৰী কৰি টকা লয়। 

আনহাতে ৭৫ লাখ টকাৰ ঋণ লোৱাৰ পিছত নিৰ্দিষ্ট ফ্লেট দুটাৰ বিপৰীতে পাৰিকে বেংকক কোনো নথি-পত্ৰ নিদিয়াকৈ বেংকৰ পৰা সম্পৰ্ক ছেদ কৰে৷ এই কথাত সন্দেহ ওপজাত বেংক কৰ্তৃপক্ষই বি আই ই অ’ৰ ওচৰ চাপে আৰু এজাহাৰ দাখিল কৰে৷

পাৰিকে বেংকৰ পৰা ঋণ লোৱাৰ সময়ত ভৱানীপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজেপিৰ প্ৰাৰ্থী মনোজ বৰুৱাক হৰুৱাত সহায় কৰা ফণীধৰ তালুকদাৰে স্বাক্ষৰ কৰা চেক বেংকত জমা দিয়াৰ ফলত কেলেংকাৰীত জৰিত হৈ পৰে ফণী তালুকদাৰ৷

সাধৰণ কৃষকে সমগ্ৰ দেশত ঋণ মাফ কৰাৰ দাবীত আন্দোলন কৰি আছে সেই সময়ত টকাৱালা লোকে ঋণ লৈ পৰিশোধ নকৰিলেও বংকে সহজে ব্যৱস্থা গ্ৰহণ নকৰাত চাঞ্চল্যৰ সৃষ্টি হৈ আহিছে৷