ৰঙিয়াঃ নীৰৱ মোডী এতিয়া কংগ্ৰেছৰ বাবে হাথিয়াৰ হৈ পৰিছে৷ নীৰৱ মোডীক কেন্দ্ৰ কৰিয়েই কংগ্ৰেছৰ ইজনৰ পিছত সিজন নেতাই বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ দেশৰ দ্বিতীয়টো সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক ৰূপে খ্যাত পাঞ্জাৱ নেচনেল বেংকৰ কেলেংকাৰীৰ কথা পোহৰলৈ অহাৰ পিছতেই নীৰৱ মোডীক ঢাল হিচাপে লৈ বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছে৷

অসমতো কংগ্ৰেছ নেতা-কৰ্মীয়ে পিএনবি কেলেংকাৰীৰ গইনা লৈ বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয় বিজেপিক৷ অসমৰ একাংশ কংগ্ৰেছ নেতা কৰ্মীয়ে সক্ৰিয় হৈ পৰিছে৷ শনিবাৰে কংগ্ৰেছ নেতা-কৰ্মীয়ে কামৰূপৰ ৰঙিয়াত সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ হাতে হাতে চৰকাৰ বিৰোধী প্লেকাৰ্ড প্ৰদৰ্শন কৰে কংগ্ৰেছ নেতা-কৰ্মীয়ে৷ কংগ্ৰেছ নেতা নুৰনিয়াজ আহমেদে এই কেলেংকাৰীৰ সৈতে মোডী চৰকাৰ জড়িত বুলি কয়৷

পিএনবি কেলেংকাৰীৰ বাবে মোডী চৰকাৰক দোষাৰোপ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰি পাঞ্জাৱ নেচনেল বেংকৰ কেলেংকাৰী ১১,০০০ কোটি নহয় ২১,৩০৬ কোটি বুলি উল্লেখ কৰে৷ সৰ্ববৃহৎ বেংক কেলেংকাৰী আখ্যা দি এই দুৰ্নীতি বাঢ়ি গৈ ২১,২০৬ কোটি টকা হ’ব পাৰে বুলি কয় কংগ্ৰেছ নেতা নুৰনিয়াজ আহমেদে৷ দিনৰ ১১ বজাত কংগ্ৰেছৰ দলৰ ৰঙিয়া সমষ্টি সমিতিয়ে ৰঙিয়া কংগ্ৰেছ ভৱনৰ সন্মুখত হাতে হাতে প্লে'কাৰ্ডলৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰায় এঘন্টা সময় কংগ্ৰেছ দলৰ নেতা-কৰ্মীয়েসকলে প্ৰতিবাদ সাব্যস্ত কৰি দুৰ্নীতিৰ বিৰুদ্ধে সজাগ থকা বিজেপি চৰকাৰ খনৰ প্ৰকৃত স্বৰূপ ওলাই পৰা বুলি কয়।