কাজিৰঙাঃ দেওবাৰে নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ সংঘটিত হয় গড়ঁ হত্যাকাণ্ড৷ এইবাৰ গঁড় হত্যা কাণ্ড সংঘটিত হৈছে আমকাঠনি বন শিবিৰ এলেকাত৷ দেওবাৰে নিশা  আমকাঠনি বন শিবিৰ চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰে দিও খৰ্গ নিবলৈ সক্ষ্ষম নহ’ল৷

জানিব পৰা মতে, বন বিভাগে ৰাষ্ট্ৰীয় উদ্যানত চোৰং চিকাৰী প্ৰৱেশ কৰাৰ কথা অৱগত হোৱাৰ পিছতে অভিযান চলােৱাত চোৰাং চিকাৰী পলায়ণ কৰে যদিও খৰ্গ নিবলৈ সক্ষম নহ’ল৷ গঁড় নিধন হোৱাৰ খবৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দেওবাৰে বনকৰ্মীৰ এটা দলে মৃতদেহটো উদ্ধাৰ কৰে৷

ৰাষ্ট্ৰীয় উদ্যানখনত বন কৰ্মীয়ে গিজগিজাই থকাৰ পাছতো গড়ঁ হত্যা কৰি চোৰাং চিকাৰীয়ে নিৰ্বিঘ্নে উধাও হোৱা ঘটনাই কাজিৰঙাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ইফালে, কাজিৰঙাত এনেধৰণৰ সঘন গড়ঁ হত্যাৰ বিৰুদ্ধে বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ বৰ বৰ কথাই যে কাম কৰা নাই তাকেই প্ৰতিপন্ন কৰা বুলি কব খোজে একাংশ লোকে৷