• ৰঞ্জিত দাসৰ উচতনিমূলক বক্তব্যক প্ৰত্যাহ্বান জনাইছোঁ -- পলাশ চাংমাই

  • নলবাৰী কাণ্ডৰ লগত জড়িতসকলক গ্ৰেপ্তাৰ কৰি সোণোৱালে নিৰপেক্ষতাৰ পৰিচয় দিয়ক--যুগল বৰুৱা 

ডিব্ৰুগড়ঃ তিনিচুকীয়াৰ আছু-বিজেপিৰ হতাহতিৰ ঘটনাটোত আহত তিনিচুকীয়া জিলাৰ বিজেপিৰ সভাপতি লক্ষেশ্বৰ মৰাণৰ স্বাস্থ্যৰ বুজ লৈ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কৰা মন্তব্যই জোকাৰিছে সমগ্ৰ ৰাজ্য ৷

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে ৰঞ্জিত দাসৰ এনে উচতনিমূলক বক্তব্যই সাতামপুৰুষীয়া অসমীয়া জাতিটোক ভাগ ভাগ কৰিব বুলি কয় ৷ লগতে শাসনাধিষ্ঠিত দলটোৰ ৰাজ্যিক মূৰব্বীজনৰ এই বিভাজনমূলক বক্তব্যক তেওঁ গৰিহণা দিয়ে ৷"এই ২৯ লাখ মানুহে বিজেপিক ভোট দিলে বুলিয়ে তেওঁলোক বিজেপিৰ বহতীয়া নহয় আৰু তেওঁলোকৰ মাজতো এই লোকৰ বিৰুদ্ধাচৰণ কৰা লোক আছে ৷" বুলি কৈ পুনৰবাৰ দোহাৰে "নলবাৰীত গণতান্ত্ৰিক আন্দোলন কৰা সংগঠনটোৰ কৰ্মীক মাৰ-ধৰ কৰা হ’ল,তেওঁলোকৰ পতাকা ভৰিৰে গচকি পেলোৱা হ’ল,আনকি লকআপৰ ভিতৰত গৈ প্ৰতিবাদকাৰীসকলক আঘাত কৰা হ’ল অথচ এই ভেৰোণীয়া গুণ্ডাসকলৰ বিৰুদ্ধে একো কাৰ্যব্যৱস্থা হাতত লোৱা দেখা নগ’ল ৷ অথচ তিনিচুকীয়াৰ প্ৰতিবাদকাৰী সকলক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰা হ’ল ৷" 

নলবাৰী আৰু তিনিচুকীয়াৰ দুয়োটা ঘটনাই গৰিহণাযোগ্য বুলি কৈ নেতাজনে ভৱিষ্যত দিনত তেওঁক এনে উচতনিমূলক বক্তব্য নিদিবলৈ সকীয়াই দিয়ে ৷আনহাতে ৰঞ্জিত দাসৰ মন্তব্যৰ বিৰুদ্ধে তীব্ৰ বিষেদগাৰ প্ৰকাশ কৰিছে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে ৷"এজন দায়িত্বশীল দলীয় সভাপতিৰ মুখত এনে মন্তব্যই শোভা নাপায় আৰু বিজেপিৰ ৰাজ্যিক সভাপতিৰ দৰে আসনখত থকাৰ এইজনাৰ যোগ্যতাই নাই”৷এই তীৰ্যক মন্তব্য সদৌ অসম যুৱ ছাত্ৰ পৰিষদৰ সভাপতি যুগল বৰুৱাৰ ৷

নেতাজনে আৰু কয় যে ৰঞ্জিত দাসৰ এনে মন্তব্যৰ ফলত দলৰ তৃণমূল কৰ্মীসকলে উচতনি পাব আৰু তেতিয়া হ’ব পৰা যিকোনো পৰিস্থিতিৰ বাবে তেওঁৱেই জগৰীয়া হ’ব ৷ লগতে বৰুৱাই অসম গণ পৰিষদ আৰু কংগ্ৰেছকো, ৭০ টা জাতীয়- জনগোষ্ঠীৰ লগত একেলগে এই বিধেয়কখনৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনায় ৷