গুৱাহাটীঃ আইন শৃংখলাত নিয়োজিত আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে আৰক্ষীকে হত্যা কৰাৰ৷ সেয়াও এগৰাকী বিষয়াক হত্যাৰ অভিযোগ উত্থাপন হৈছে আন এগৰাকী বিষয়াৰ বিৰুদ্ধে৷ এগৰাকী আৰক্ষী বিষয়াক কাৰাগাৰৰ ভিতৰত বিহ খুৱাই হত্যা কৰাৰ অভিযোগ উত্থাপন হোৱাত ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ তফিজুদ্দিন আহমেদ নামৰ বিষয়াগৰাকীৰ পৰিয়ালে ভৰলুমুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে উত্থাপন কৰিছে এই অভিযোগ৷

শনিবাৰে নিশা কাৰাগাৰৰ ভিতৰত মৃত্য হয় তফিজুদ্দিন আহমেদ নামৰ বিষয়াগৰাকীৰ৷ তেও যোৱা কেবাদিনধৰি কাৰাবন্দী হৈ আছিল মহানগৰীৰ কেন্দ্ৰীয় কাৰাগাৰাত৷ মহানগৰীৰ ভৰলুমুখ আৰক্ষী থানাৰ সহ পৰিদৰ্শক আহমেদে আৰক্ষী থানাৰ ভিতৰত এগৰাকী নাবালকক প্ৰহাৰ কৰাৰ অভিযোগত অভিযুক্ত হৈ কাৰাবন্দী হৈ আছিল৷ তফিজুদ্দিন আহমেদৰ লগতে আৰক্ষী বিষয়া আজিজুল ৰহমানো একেটা গোচৰত গ্ৰেপ্তাৰ হৈছিল৷

কাৰাগাৰ কৰ্তৃপক্ষই আৰক্ষী বিষয়াগৰাকী হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি কয় যদিও পৰিয়ালে বিহ খুৱাই হত্যা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ বিহ খুৱাই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে আৰক্ষী বিষয়া উমা বৰাই ষড়যন্ত্ৰ কৰি হত্যা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে তফিজুদ্দিনৰ পত্নীয়ে৷ স্মৰ্তব্য যে, কিছুদিন পূৰ্বে এচ আই তফিজুদ্দিন আহমেদে ভৰলুমুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষ বিষয়া উমা বৰাৰ গুৰুত্ত্বপূৰ্ণ তথ্য ফাদিল কৰাৰ কথা উল্লেখ কৰিছিল৷

তথ্য ফাদিল হ’লে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উমা বৰা ডাঙৰ বিপদত পৰিব বুলিও কয়৷ আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তিনিজন লোকক সোধপোছৰ বাবে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে৷ মৰণোত্তৰ পৰীক্ষাতহে প্ৰকৃত ৰহস্য ফাদিল হ’ব আৰক্ষী বিষয়াৰ হৃদৰোগত মৃত্যু হৈছে নে হত্যা কৰা হৈছে৷