গোলকগঞ্জঃ আপোন ঘৰ খন এৰি ৰাজ্যবাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাত নিয়োজিত হৈ থকা আৰক্ষীৰ লোকসকলে উৎসৱ-পাৰ্বন বুলি ঘৰখনলৈ যোৱাৰ সুবিধা নাপায়৷ বিহু, পূজা, ঈদ বুলি তেওলোকে ঘৰ খনলৈ যাব নোৱাৰাৰ লগতে তেওলোকে দায়িত্ব পালন কৰিব লগা হয়৷ হাতত বন্দুকটো লৈ ৰদে-বৰষুণে জনসাধৰণক সুৰক্ষা দিয়ে৷ তাৰ মাজতে যেনেকৈয়ে নহওঁক উৎসৱৰ আনন্দ লয় আৰক্ষীৰ লোকসকলে৷

কিন্তু উৰুকাৰ নিশা পিছ পৰি নাথাকিল ৰাজ্যৰ আৰক্ষীৰ লোকসকলো৷ তাৰ মাজতে ভোগালী বিহুৰ উৰুকাৰ নিশা ব্যতিক্ৰম দেখা গ’ল ধুবুৰী জিলাত৷ ৰাজ্যবাসীয়ে উৰুকাৰ নিশা উদৰ পুৰাই এসাজ খোৱাৰ লগতে আৰক্ষীয়েও এসাজ খােৱা দেখা গ’ল ৷

কিন্তু আৰক্ষীয়ে ৰাইজৰ সৈতে খালে একেলগে৷ শনিবাৰে উৰুকাৰ নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ তামাৰহাট আৰক্ষী ব্যস্ত হৈ পৰে। তামাৰহাট অঞ্চলৰ ৰাইজ, জ্যেষ্ঠ নাগৰিক, যুৱকসকলৰ লগতে আৰক্ষীৰ লোকসকলে মিলি জুলি এসাজ খাই৷ ৰাইজ-আৰক্ষী লগে-ভাগে কাম কৰিলে৷ আখলত জুই দিলে ৰাইজ আৰক্ষীয়ে একেলগে৷

সীমান্ত অঞ্চলৰ ৰাইজৰ সৈতে তামাৰহাট আৰক্ষীয়ে উৰুকাৰ এসাজ খালে। ৰাইজ আৰু আৰক্ষীৰ যৌথ উদ্যোগত উৰুকাৰ নিশাৰ ভোজ-ভাত খাই সীমান্ত অঞ্চলত এক নিদৰ্শন দাঙি ধৰিলে আৰক্ষীয়ে। আৰক্ষী বিষয়া দেৱৰাজ কলিতা, তামাৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নিৰ্মল ভকতৰ লগতে অঞ্চৰ বহু লোকৰ উপস্থিতিত উৰুকাৰ এসাজ খালে আৰক্ষীয়ে৷ ৰাইজৰ সৈতে সম্পৰ্ক নাথাকিলে আৰক্ষীয়ে কাম কৰিব নোৱাৰে বুলি কয় আৰক্ষী বিষয়া দেৱৰাজ কলিতাই৷