ডিজিটেল ডেস্কঃ মানুহৰ জগতত ক্ৰমান্বয়ে দখল বাঢ়িছে ৰবটৰ৷ বৰ্তমান সময়ত বিভিন্ন কামত ৰবট ব্যৱহৃত হৈ আহিছে ৷ নিতৌ নতুন নতুন কথাও প্ৰচাৰ হৈছে ৰবট সন্দৰ্ভত৷ কিছুদিন পূৰ্ইবে চৌডি আৰবত ছফিয়া নামৰ ৰবটোক নাগৰিকত্ব প্ৰদানৰ পিছতেই এইবাৰ আকৌ নিবাৰ্চন খেলিব ৰবটে৷

পিছে নাগৰিকত্ব লাভ কৰা ছফিয়াই নহয় নতুনকৈ নিৰ্মাণ হোৱা ৰবটেহে খেলিব নিৰ্বাচন৷ নিউজিলেণ্ডৰ বিজ্ঞানীয়ে নিৰ্মান কৰিছে এনে এটা ৰবট যিটোৱে সম্পূৰ্ণ নেতাৰ দৰে ব্যৱহাৰ কৰিব। উল্লেখ্য যে এনেধৰণৰ ৰবট হ’ব বিশ্বৰ ভিতৰত এইয়ে প্ৰথম৷

জানিবলৈ পোৱা মতে, বৈজ্ঞানিকে এনে ৰাজনৈতিক গুণ বিশিষ্ট বুদ্ধিসম্পন্ন ৰবট বিকশিত কৰিছে৷ যিটোৱে ৰাজনীতি বিষয়ৰ যেনে নিৰ্বাচন সম্পৰ্কীয়, শিক্ষা, গৃহ আদি সকলে বিষয়েৰে অনায়াসে উত্তৰ দিবলৈ সক্ষম হৈছে৷ ইমানেই নহয় ২০২০ চনত অনুষ্ঠিত হ'বলগীয়া সাধাৰণ নিৰ্বাচনতো প্ৰাৰ্থী হিচাপে থিয় কৰাবলৈ সকলো প্ৰস্তুতি সম্পন্ন কৰিছে৷ 

এই ৰাজনীতিজ্ঞ ৰবটতোৰ নাম ৰখা হৈছে চেম (SAAM) আৰু ইয়াৰ নিৰ্মাতা হৈছে ৪৯ বছৰীয়া উদ্যমি বৈজ্ঞানিক নিক গেৰিটছন৷