নতুন দিল্লীঃ বিপদ সন্নিকট ! ভাৰতত ক্ৰমান্বয়ে ঘনীভূত হৈ পৰিছে প্ৰদূষণৰ সংকট। প্ৰতিদিনে বিষাক্ত হৈ আহিছে দেশখনৰ বায়ুমণ্ডল। পৰিণামত দেশখনত প্ৰত্যেক মিনিটতে ২ জনকৈ লোকৰ প্ৰাণ লৈছে প্ৰদূষণে ৷

দা লেনচেট নামৰ বৃটিছ গৱেষণাপত্ৰখনত শেহতীয়াকৈ এক সমীক্ষাত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য। এই সমীক্ষাৰ ফলাফলমতে উত্তৰ ভাৰতত বায়ু প্ৰদূষণৰ হাৰ আন ঠাইসমুহতকৈ বেছি৷ ৪৮ জন বিজ্ঞানীয়ে মুকলি কৰা এই সমীক্ষা অনুসৰি দিল্লী আৰু পাটনা দেশৰ ভিতৰত আটাইতকৈ বেছি প্ৰদূষিত অঞ্চল৷

২০১৫ বৰ্ষত বায়ু প্ৰদূষণৰ ফলত বিশ্বত ৪২ লাখ লোক মৃত্যুমুখত পৰিছিল। ইয়াৰে আধাতকৈও বেছি মৃত্যু ভাৰতবৰ্ষ আৰু জাপানত হৈছিল। অধ্যয়নটোত প্ৰকাশিত তথ্যমতে বিশ্বৰ ৯২ শতাংশ লোকেই অস্বাস্থ্যকৰ পৰিৱেশত বাস কৰে। উল্লেখ্য যে বায়ু প্ৰদূষণৰ ফলত সমগ্ৰ বিশ্বত দৈনিক ১৮,০০০ লোকৰ মৃত্যু হয়৷ 
উল্লেখ্য যে কেইমাহমান পূৰ্বে দিল্লীৰ বায়ু প্ৰদূষণে শংকিত কৰিছিল সমগ্ৰ দেশবাসীক৷ দিপাৱলীৰ পিছৰ দিল্লীৰ বায়ু প্ৰদুষণৰ ফলত বহুদিনলৈ স্থবিৰ হৈ পৰিছিল ৰাজ্যখনৰ জীৱন যাত্ৰা৷ শিক্ষানুষ্ঠান, কাৰ্যালয়সমুহ বন্ধ কৰি দিয়া হৈছিল৷ চুবুৰীয়া ৰাজ্য পঞ্জাৱ আৰু হাৰিয়ানালৈও বিয়পি পৰিছিল এই প্ৰদূষণ৷ 

প্ৰদূষণ ৰোধৰ কাৰণে চীনা চৰকাৰে ইতিমধ্যে বিভিন্ন ব্যৱস্থা হাতত লৈছে যদিও ভাৰতত অ’ড-ইভেনতে সেয়া সীমাবদ্ধ থাকিব নে ভাৰত চৰকাৰে আন  কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ’ব।