কোকৰাঝাৰঃ বিটিএডি অঞ্চলত কৃষক সকলে কৃষি ক্ষেত্ৰত অত্যাধুনিক সা-সজুলিৰে এক সেউজ বিপ্লৱ গঢ়াৰ উদ্দেশ্যৰে বিটিচিৰ কৃষি বিভাগে আজি কোকৰাঝাৰ,চিৰাং, বাগছা আৰু ওদালগুৰী জিলাৰ ১৫৯ গৰাকী হিতাধিকাৰী কৃষকৰ মাজত পাৱাৰ টিলাৰ বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ প্ৰকাশ যে বিটিচি কৃষি বিভাগে আজি ২০১৬-১৭ বিত্তীয় বৰ্ষৰ এ.ও.পি (AOP) আচঁনিৰ অধীনত পঞ্চাশ শতাংশ ৰেহাই মূল্যত প্ৰথম পৰ্যায়ত কোকৰাঝাৰ জিলাত মুঠ ৪৪ গৰাকী হিতাধিকাৰীৰ মাজত আনুষ্ঠানিকভাৱে পাৱাৰ টিলাৰ বিতৰণ কৰে ৷

বিতৰণ সমাৰোহত বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য অনশুমৈ খুংগুৰ বড়োই মুখ্য অতিথি হিচাপে উপস্থিত থাকি উপস্হিত কৃষক সকলক অত্যাধুনিক সা-সঁজুলিৰে কৃষি উৎপাদন বৃদ্ধিৰ প্ৰতিযোগিতাৰে বিটিএডিত অৰ্থনৈতিক দিশ টনকিয়াল কৰাৰ আহ্বান জনায় ৷

এইক্ষেত্ৰত কৃষি বিভাগত চৰকাৰে বিতৰণ কৰা কৃষকৰ পাৱাৰ টিলাৰ, পাম্প মেছিনকে ধৰি বিভিন্ন সা-সঁজুলি সমূহ প্ৰকৃত হিতাধিকাৰীয়ে যাতে লাভ কৰে সেই দিশত সংশ্লিষ্ট বিভাগক চোকা দৃষ্টি ৰখাৰ বাবেও আহ্বান জনায় ৷ উল্লেখ্য যে বিটিচিৰ কৃষি বিভাগে চিৰাং জিলাত ৩৩ খন ,বাগছা জিলাত ৪২ খন আৰু ওদালগুৰী জিলাত ৪০ খনকৈ পাৱাৰ টিলাৰ পৰ্যায়ক্ৰমে অচিৰেই  হিতাধিকাৰী সকলৰ মাজত বিতৰন কৰিব বুলি বিটিচিৰ কৃষি সঞ্চালক এমএম স্বৰ্গয়াৰীয়ে জানিবলৈ দিয়ে ৷

আজিৰ অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰী, কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্তা হীৰেন বড়ো আৰু কাৰিকৰী উপদেষ্টা দেবানন্দ মহন্তকে ধৰি কেবা গৰাকী কৃষি বিষয়া-কৰ্মচাৰী উপস্থিত থাকে l