গুৱাহাটীঃ প্ৰমিলাই কথা ক'লেই এতিয়া পয়মাল লাগে৷ কিছুদিন পূৰ্বে নিজৰ বিভাগৰ অশোক চক্ৰ সম্বলিত পেডত বাহিৰা লোক নিযুক্তি দি বিতৰ্কত সোমাই পৰা বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম পুনৰ সোমাই পৰিছে বিতৰ্কত৷

আপোন মানুহক বিভাগৰ হৈ কাম কৰাৰ দায়িত্ব দি বিতৰ্কত সোমাই পৰা মন্ত্ৰী প্ৰমিলাই এইবাৰ নিষিদ্ধ ঘোষিত বিদ্ৰোহী আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক মুকলি সমৰ্থন কৰি বিতৰ্কত সাঙোৰ খাইছে৷ লাগ-বান্ধ নোহোৱা মন্তব্যৰে সততে সংবাদ শিৰোনাম দখল কৰা প্ৰমিলাৰাণীয়ে মিত্ৰ দল বিজেপিৰ ৰাজ্যিক সভাপতিকো তুচ্ছ-তাচ্ছিল্য কৰিব এৰা নাছিল৷

ৰাজ্য চৰকাৰে কিছুদিন পূৰ্বে কেবিনেট সিদ্ধান্ত মৰ্মে ৰাজ্যৰ বিদ্যালয়সমূহত অষ্টম শ্ৰেনীলৈ সংস্কৃত বিষয় বাধ্যতামূলক কৰিছিল৷ চৰকাৰৰ এই সিদ্ধান্তৰ পাছৰে পৰা ৰাজ্যৰ সচেতন নাগৰিক, বুদ্ধিজীৱি, দল সংগঠনে তীব্ৰ প্ৰতিবাদ জনায়। কেৱল প্ৰতিবাদেই নহয়, উক্ত সিদ্ধান্ত বাতিল কৰি ৰাজ্যৰ থলুৱা ভাষা ভূগোল বুৰঞ্জী বিষয় বাধ্যতামূলক কৰিবলৈ দাবী জনায়৷

ৰাজ্য চৰকাৰে আকোৰগজ মনোভাবেৰে নিজৰ স্থিতিত অটল থকাৰ সময়তে নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ মূখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই সংবাদ মাধ্যমলৈ  ইমেইল বাৰ্তা প্ৰেৰণ কৰি সংস্কৃত শিক্ষা বাধ্যতামূলক কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংস্কৃতৰ পৰিৱৰ্তে ৰাজ্যৰ দ্বিতীয় জনগোষ্ঠীয় থলুৱা ভাষা বড়ো ভাষাক ৰাজ্যৰ চৰকাৰী, ব্যক্তিগত আৰু ধৰ্মৰ ছত্ৰ ছায়াত পৰিচালিত বিদ্যালয়বোৰত বাধ্যতামূলক কৰাৰ দাবী জনাইছিল৷

পৰেশ বৰুৱাই হিন্দী আৰু বঙালীৰ অপ্ৰয়োজনীয় পয়োভৰৰ মাজতে ‘ভূতৰ ওপৰত দানহ’ হৈ বাধ্যতামূলক সংস্কৃত শিক্ষাই অসমীয়া ভাষাটোক সম্পূৰ্ণৰূপে নিঃশেষ কৰিব বুলি কয়৷ ইয়াৰ লগতে সংস্কৃতৰ পৰিৱৰ্তে বড়ো ভাষা বাধ্যতামূলক কৰিলেও আপত্তি কৰিবলগীয়া নাথাকিলহেতেন বুলি মন্তব্য কৰে বিদ্ৰোহী নেতাজনে।

পৰেশ বৰুৱাই বড়ো ভাষাক বাধ্যতামূলক কৰা সন্দৰ্ভত আগবঢ়োৱা মন্তব্যৰ পাছতেই কোনো কাৰণতে ৰৈ থাকিব নোৱাৰিলে প্ৰমীলাৰাণী৷ তাৎক্ষনিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লগে লগে প্ৰমিলাই পৰেশ বৰুৱাৰ প্ৰতিক্ৰিয়াক ‘‘ৱেলকাম’’ জনায়৷ প্ৰমিলাই পৰেশ বৰুৱাৰ মত সন্দৰ্ভত মতামত দি কলে - ‘‘পৰেশ বৰুৱাৰ মতামতক মই আদৰণি জনাইছো৷ এইটো আদৰণীয়৷ তেখেতে যিটো কৈছে  সেইটো মই ৱেলকাম কৰিছো৷ তেওঁ সুন্দৰ কথা কৈছে৷’’

লগে লগে আৰম্ভ হৈ পৰে আন এক নতুন বিতৰ্ক। নিষিদ্ধ সংগঠনৰ মূখ্য সেনাধ্যক্ষলৈ মুকলি চিঠি লিখাৰ বাবে যদি অসমীয়া ছবি পৰিচালক হিমাংশু প্ৰসাদ দাস আৰক্ষীৰ ৰোষত পৰিব পাৰে তেন্তে মুকলিকৈ সেই একেজন লোকক সমৰ্থন জনোৱা প্ৰমিলাৰাণী ব্ৰক্ষ্ম আৰক্ষীৰ ৰোষত নপৰিব কিয়?

উল্লেখ্য যে ‘‘ছাকিৰা আহিব বকুল তলৰ বিহুলৈ’’ ছবিখন চলি থকাৰ মাজতে একাংশ ছবিঘৰে ছবিখন বন্ধ কৰি দিয়াত ছবিখনৰ পৰিচালক হিমাংশু প্ৰসাদ দাসে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ মুকলি চিঠি লিখিছিল৷ যাৰ ফলত পৰিচালক গৰাকীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল৷ এনে পৰিপ্ৰেক্ষিততে অধিকাংশ লোকে এতিয়া পৰেশ বৰুৱালৈ মুকলি চিঠি লিখাতো যদি অপৰাধ হয় তেন্তে সমৰ্থন জনোৱাটো কি কাৰণত  অপৰাধ নহ'ব বুলি ছ'চিয়েল মিডিয়াযোগে প্ৰশ্ন উত্থাপন কৰিছে।