গুৱাহাটীঃ অসমৰ থলুৱাই একঠা ভূমি নাপালেও বাহিৰৰ পূঁজিপতিয়ে নিশাৰ ভিতৰতে অসমত শ-শ বিঘা ভূমি লাভ কৰে৷ যি দলৰে চৰকাৰ নহওক কিয় থলুৱাৰ পৰিবৰ্তে বৃহৎ পূঁজিপতিৰ স্বাৰ্থত হে কাম কৰি আহিছে প্ৰতিখন চৰকাৰে৷ থলুৱাৰ ভোটেৰে চৰকাৰ গঠন কৰি ৰাজ পাট দখল কৰা চৰকাৰ সমূহে বাহিৰা পূঁজিপতিৰ আপোন হৈ পৰে৷ বাবা ৰামদেৱে, লোহিয়া, ভূৰকিয়াৰ দৰে পূঁজিপতিয়ে বন বিভাগৰ, চাহ বাগানৰ ভূমি পানীৰ দৰত লাভ কৰিবলৈ সক্ষম হয়৷

কিন্তু অসমৰ থলুৱাই এটুকুৰা ভূমিৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ বছৰ বছৰ ধৰি অসমৰ থলুৱাই নিজৰ ভেটিটো সজাই লবলৈ একঠা ভূমিৰ বাবে ৰাজপথ উত্তাল কৰি আহিছে৷ নিজৰ জন্মভূমিতে একঠা ভূমিৰ বাব আৰক্ষীৰ লাঠিৰ কোব, গুলী বুকু পাতি লব লগা হৈছে৷ ৰাজ্যৰ বিভিন্ন জিলাত ঘৰ সাজিবলৈ একঠা ভূমি নথকা আৰু খেতি কৰিবলৈ ভূমি নোহোৱা শ-শ জনগোষ্ঠীয় পৰিয়াল আছে৷ খিলঞ্জীয়াৰ ৯০ শতাংশ মাটিৰে ম্যাদী পট্টা নাই৷ আছাম লেণ্ড ৰেভেনিউ ৰেগুলেশ্যন এক্ট ১৮৮৬ৰ ভূমি অধিকাৰ আইনৰ মেৰপেচতে আজিও বন্দী হৈ আছে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ৷

ৰাজ্য চৰকাৰে গঠন কৰা ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ অধ্যক্ষ হৰিশংকৰ ব্ৰহ্মৰ শেহতীয়া প্ৰতিবেদনত এই কথা স্পষ্ট হৈ আছে৷ অসমত অসমীয়া এতিয়া ভগনীয়াত পৰিণত হৈছে। চৰকাৰ, ৰাজহ বিভাগ, ৰাজনীতি আৰু পূঁজিপতিৰ হাতোৰাত বন্দী এতিয়া খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দৰেই জাতি, মাটি, ভেটিৰ কথা কৈ চৰকাৰ গঠন কৰা অগপ, বিজেপি আৰু বিপিএফে সাধাৰণ থলুৱাৰ পৰিবৰ্তে পূঁজপিতৰ বাবে কাম কৰা দেখা যায়৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত কৃষক নেতা অখিল গগৈয়ে দীৰ্ঘদিন ধৰি ৰাজ্যখনৰ পাহাৰ-ভৈয়ামত বসবাস কৰি অহা লোকসকলক মাটিৰ পট্টা দিয়াৰ দাবীত প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে ২০১৪ চনৰ ২৪ ফেব্ৰুৱাৰীত শ্বহীদ হৈছিল প্ৰণৱ বড়ো নাম থলুৱা লোকগৰাকীয়ে৷

গুৱাহাটী মহানগৰীত পাহাৰ-ভৈয়ামত বসবাস কৰি অহা লোকসকলক মাটিৰ পট্টা দিয়াৰ দাবীত ভূমি অধিকাৰৰ বাবে আত্মবলিদান দিছিল প্ৰণৱে। তাৰ পিছতো পূৰ্বৰ কংগ্ৰেছ চৰকাৰ বৰ্তমানৰ চৰকাৰে থলুৱাৰ দাবীক কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা দেখা নগ'ল। গুৱাহাটীত পাহাৰ ভৈয়ামত বসবাস কৰা লোকক মাটিৰ পট্টা প্ৰদানৰ দাবীত প্ৰতিবাদ কৰি আত্মজাহ দিয়া প্ৰণৱ বড়োৰ দৰে হাজাৰ হাজাৰ পৰিয়ালক মাটিৰ পট্টা দিয়াটো দূৰৰ কথা আজিলৈ প্ৰণৱ বড়োৰ ঘৰটো চৰকাৰে নিৰ্মাণ কৰি নিদিলে৷ সেই সময়ৰ চৰকাৰে প্ৰণৱ বড়োৱে আত্মজাহ দিয়াৰ পিছতেই বিভিন্ন প্ৰুতিশ্ৰুতি দিছিল৷ কোনো প্ৰতিশ্ৰুতি পালন নকৰাৰ লগতে তেওৰ ঘৰটোও আজিলৈ নিৰ্মাণ কৰি নিদিলে চৰকাৰে৷

আজিও ভঙা পজাত বাস কৰে প্ৰণৱ বড়োৰ পৰিয়ালটোৱে৷ বৰ্তমান চৰকাৰ খনেও গুৰুত্ব প্ৰদান নকৰিলে থলুৱা পৰিয়ালটোক৷ একঠা মাটিৰ পট্টা দিয়াটো দূৰৰ কথা পৰিয়ালটোৱে এসাজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ একালৰ প্ৰণৱৰ সতীৰ্থসকলেও আজিও এলাগী কৰিছে পৰিয়ালটোক৷ অসমৰ হাজাৰ হাজাৰ প্ৰণৱ বড়োৰ দৰে খিলঞ্জীয়াৰ পৰিয়ালক একঠা ভূমি দিব নোৱাৰা চৰকাৰ সেই কথাও জানে যে লাখ লাখ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত আছে৷ বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিব নোৱাৰা চৰকাৰে ওলোটাই আমচাং অভয়াৰণ্যৰ পৰা অন্যায় ভাৱে থলুৱাক খেদি পঠাইছিল৷ ব্ৰিটিছৰ দিনৰ পৰাই বলৱৎ হৈ থকা আছাম লেণ্ড ৰেভেনিউ ৰেগুলেশ্যন এক্ট ১৮৮৬ৰ ভূমি অধিকাৰ আইনৰ মেৰপেচ আৰু ৰাজহ বিভাগৰ ৰঙাফিটাৰ মেৰপেচৰ মাজত পৰি খিলঞ্জীয়াই ভূমিৰ সংকটত পৰা বুলি অভিযোগো উত্থাপন হৈ আহিছে৷

বিভিন্ন দল সংগঠনে বহু পূৰ্বৰে পৰা ভূমিৰ অধিকাৰ সন্দৰ্ভত মাত মাতি আহিছে যদিও চৰকাৰে বেদখলকাৰীক উচ্ছেদ কৰা, থলুৱাক ভূমি প্ৰদান কৰাৰ কোনো ধনাত্মক নীতি গ্ৰহণ কৰা নাই। খিলঞ্জীয়াৰ বাবে চৰকাৰৰ নীতিৰ প্ৰয়োজন৷ জৰীপ কাৰ্য সম্পন্ন কৰি খিলঞ্জীয়াক মাটিৰ পট্টা দিয়াটো চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য। এনেবোৰ কথাৰ বিপৰীতে বহিৰাগতসকলেহে ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে উঠি-পৰি লাগিছে৷ বিভিন্ন উপায়, কৌশলেৰে ভূমি পট্টা উলিয়াইছে৷ ট্ৰাইবেল বেল্ট আৰু ব্লকৰ পৰা বেদখলকাৰীক আজিলৈ চৰকাৰে উচ্ছেদ কৰিব নোৱাৰিলে৷ কেৱল ভোটবেংক আৰু দলৰ পূঁজিৰ স্বাৰ্থত থলুৱাৰ বিপৰীতে বহিৰাগতক আকোৱালি লয় প্ৰতিখন চৰকাৰে৷ চৰকাৰে ট্ৰাইবেল বেল্ট আৰু ব্লক, বনভূমিৰ পৰা অবৈধ বেদখল উচ্ছেদ কৰি প্ৰণৱ বড়ো হতৰ দৰে পৰিয়ালক গতাব পাৰে ভূমি৷

কিন্তু চৰকাৰে তেনে কোনো কাম কৰাৰ ইচ্ছা নকৰে৷ আছাম লেণ্ড ৰেভেনিউ ৰেগুলেচন এক্টৰ চেপ্টাৰ ১০ কাৰ্যকাৰী নকৰা পৰ্যন্ত অসমৰ খিলঞ্জীয়াসকল সুৰক্ষিত নহয় এই কথা বাৰে বাৰে প্ৰমাণ হৈছে৷ যাৰ ফলত একাংশ সন্দেহজনক লোকৰ সৈতে সময়ে সময়ে থলুৱাৰ সংঘাতো হৈ আহিছে৷ ২০১৪ চনৰ ২৪ ফেব্ৰুৱাৰীৰ আজিৰ দিনটোতে শ্বহীদ প্ৰণৱ বড়োৱে ভূমি অধিকাৰৰ বাবে আত্মবলিদান দিলে। কিন্তু আত্মবলিদান অথলে গ’ল৷ আজিও গুৱাহাটীৰ ভূমিপুত্ৰ সকলে এটুকুৰা মাটিৰ বাবে হাহাকাৰ কৰিব লগা হৈ আহিছে৷

তথাপিও সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে বাবা ৰামদেৱৰ পতঞ্জলিক, বিভিন্ন উদ্যোগিক প্ৰতিষ্ঠান সমূহক বিনামূলীয়াকৈ অসমৰ হেজাৰ হেজাৰ বিঘা মাটি আৱন্টন দিছে যদিও থলুৱাৰ বাবে এটুকুৰা ভূমি প্ৰদান নকৰিলে৷ কোনো এখন চৰকাৰৰ দিনত থলুৱা সুৰক্ষিত নহল। গুৱাহাটীৰ পাহাৰত বসবাস কৰা লোকসকলে দীৰ্ঘ দিন ধৰি ভূমিৰ অধিকাৰৰ বাবে আন্দোলন কৰি অহাৰ পিছতো জাতি, মাটি আৰু ভেটিৰ কথা কোৱা চৰকাৰখনে এই সমস্যাৰ সমাধান কৰাৰ কোনো আগ্ৰহ দেখুওৱা নাই বৰং কংগ্ৰেছ চৰকাৰৰ দৰেই একেই পন্থা অৱলম্বন কৰা পৰিলক্ষিত হৈছে।