গুৱাহাটীঃ অসমলৈ গৌৰৱ কঢ়িয়াইছে কমাণ্ডাৰ প্ৰণৱ শালৈয়ে। ভাৰতীয় নৌসেনাবাহিনীৰ শিশুমাৰ ক্লাচৰ ছাবমেৰিনৰ প্ৰথমজন অসমীয়া কমাণ্ডাৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছে গুৱাহাটীৰ শালৈয়ে। তেওঁ বিগত ১৭ বছৰ ধৰি ভাৰতীয় নৌসেনাত সেৱা আগবঢ়াই আহিছে৷

শৈশৱৰেপৰা ভাৰতীয় সেনাবাহিনীত যোগদান কৰাৰ অদম্য হেপাহ পুহি ৰখা শালৈৰ লগতে উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী। এই সাফল্যত অনাগত দিনবোৰতো আৰু বহু অসমীয়াই এনেদৰি গৌৰৱ কঢ়িয়াব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ 

শশীন্দ্ৰ নাথ শালৈ আৰু চানেকী প্ৰভা শালৈৰ সুপুত্ৰ প্ৰণৱে ২০০১ চনত ভাৰতীয় নৌসেনাবাহিনীত যোগদান কৰিছিল।