লালু-নীতিশৰ বিহাৰত এক নতুন ৰাজনীতিৰ সূচনা কৰি মঙলবাৰে এক সংবাদমেলৰ আয়োজন কৰে নিৰ্বাচনী ৰণনীতি নিৰ্ধাৰক প্ৰশান্ত কিশোৰে। এই সংবাদমেলত প্ৰশান্তে এক নতুন ৰাজনৈতিক দল গঠনৰ ইংগিত প্ৰদান কৰি মিহি ভাষাৰে কোনোধৰণৰ আক্ৰমণ নকৰাকৈ একপ্ৰকাৰ আক্ৰমণৰ লক্ষ্য কৰি লয় বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক। সংবাদমেলত প্ৰদান কৰা ভাষণটো দেশৰ পিছপৰা প্ৰায় প্ৰতিখন ৰাজ্যৰ ৰাজনীতিৰ বাবে গুৰুত্বপূৰ্ণ হোৱালৈ চাই ইয়াৰ কিয়দংশ পঢ়ুৱৈসকললৈ বুলি আগবঢ়োৱা হ'লঃ

''নীতিশ কুমাৰে কৈছিল, 'আমি বিহাৰৰ এটা তেনেই সাধাৰণ দল, টুইটাৰ আদিৰে কৰিম কি?’ মোৰ চিন্তা সম্পূৰ্ণ পৃথক। বিহাৰ সদায় পোষ্টকাৰ্ডৱালা ৰাজ্য হৈ থাকক, সেয়া মই কোনো কাৰণতে নিবিচাৰো। বিহাৰৰ যুবক-যুবতীয়ে টুইটাৰ নিশিকিব, ফেচবুক নকৰিব, মই সেই ধাৰণাৰ সৈতে একমত নহয়। 

টুইটাৰ কেৱল গুজৰাটৰ লোকেই কৰিব, সেয়া হ'বই নোৱাৰে। টুইটাৰ আৰু ফেচবুক গুজৰাটৰ লোকক শিকোৱা ব্যক্তিগৰাকী বিহাৰৰেই আছিল! আপোনাৰ নিজৰেই টুইটাৰ আছে। ৪.৪ কোটি লোকে আপোনাক ফলো কৰি আছে। সদায় মিটিং কৰি আপুনি ফটো টুইট কৰে আৰু তাৰ পিছত বিহাৰৰ কৈনো যুৱক-যুবতীয়ে টুইটাৰ ইউজ কৰাক লৈ আপুনি ঠাট্টা কৰে। 

আপুনি কয় যে আপোনাৰ দলটো ইণ্টেলেকচুৱেলৰ দল নহয়। মই এইয়া জানো যে এই দেশৰ মানৱ ইতিহাসত যিজন আটাইতকৈ বেছি ইণ্টেলেকচুৱেল আছিল সেইজনেই হৈছে চাণক্য আৰু তেওঁ এই বিহাৰৰে আছিল! তাৰ পিছত আপুনি কেনেকে ক'ব পাৰে যে আপোনাৰ দলটো ইণ্টেলেকচুৱেলৰ দল নহয়? আপুনি ভাবে নেকি যে বিহাৰ এখন মূৰ্খৰ ৰাজ্য! ইণ্টেলেকচুৱেল হোৱাটো কোনো ভুল কথা নহয়। টেকন’লজি জনাটো কোনো ভুল কথা নহয়। 

যদি আমাৰ আকাংক্ষা দেশৰ নাম্বাৰ ওৱান ৰাজ্য হোৱাটোৱেই হয় তেন্তে তাত আমাৰ ভুল কি? কিয় আমি কেৱল এয়াই বিচাৰিম যে বিহাৰ সদায় দেশৰ আটাইতকৈ পিছপৰা ৰাজ্যই হৈ থাকক! কোনোৱে যদি সোধে পাটনা কিয় এনেকুৱা, তেতিয়া আপুনি কয় যে আমি দুখীয়া ৰাজ্য সেইয়ে এনেকুৱা। যদি দুখীয়া ৰাজ্যই হয় তেন্তে এই ৰাজ্যখনক ধনী আৰু সমৃদ্ধিশালী কৰাৰ দায়িত্ব কাৰ? কেৰালাৰ মানুহ আহি বিহাৰক ধনী কৰিবহি নেকি? বিহাৰক বিহাৰৰ লোকসকলেই ধনী কৰিব লাগিব।

১৫ বছৰ ধৰি আপুনি ৰাজ্য চলাই আছে, গতিকে আপোনাতকৈ বেছি অভিজ্ঞতা কাৰ থাকিব? মিডিয়াৰ জৰিয়তে আপোনাক পুনৰ আহ্বান জনাইছো, আপুনি আগুৱাই আহক, তেতিয়া কোনো ৰাজনৈতিক সমীকৰণৰ প্ৰয়োজন নহ'ব। বিহাৰৰ প্ৰতিজন লোকক আপুনি যদি ক'ব পাৰে যে কেনেকৈ অহা ১০ বছৰত বিহাৰ দেশৰ ১ নম্বৰ ৰাজ্য হ'ব, কেনেকৈ বিহাৰৰ জনমূৰি আয় বৃদ্ধি পাব? আপোনালোকক জনাইছো যে বিহাৰবাসীৰ গড় আয়ুস কেৰালাৰ তুলনাত ১০ বছৰ কম। 

মই এইয়া মানি ল'বলৈ প্ৰস্তুত নহয় যে নীতিশ কুমাৰৰ দৰে এগৰাকী নেতাই সুদীৰ্ঘ কালৰ অভিজ্ঞতাৰে যদি এই সকলোবৰো সম্ভৱ কৰি তুলিব পৰাকৈ ১০ বছৰৰ ব্লুপ্ৰিণ্ট দাঙি ধৰে তেন্তে বিহাৰবাসীয়ে তেওঁক সমৰ্থন নকৰিব। এইয়া কেৱল নিৰ্বাচনী ৰাজনীতি নহয়! নীতিশ কুমাৰ মুখ্যমন্ত্ৰী ১৩ বছৰেই হওক বা ১৫ বছৰ, সেই লৈ কোনো কথা নাই। নীতিশ কুমাৰৰ সন্মুখত প্ৰশ্ন এয়াই যে আপুনি গান্ধী আৰু গডছেক একেলগে লৈ কেনেকৈ আগুৱাই যাব? প্ৰশ্ন এয়াই যে আপুনি অইনৰ হাতৰ পুতলা হৈ চকী ধৰি ৰাখিব বিচাৰে নে প্ৰকৃতাৰ্থত বিহাৰৰ নেতা হ'ব বিচাৰে?''