গুৱাহাটীঃ বাংলাদেশীৰ বিৰুদ্ধে যুঁজ দিবলৈ নোৱাৰে সৰ্বানন্দ চৰকাৰে। মুখ বন্ধ কৰি থয় খিলঞ্জীয়াৰ। খিলঞ্জীয়াৰ বাক স্বাধীনতা জেপত ভৰোৱাৰ চেষ্টা ৰাজ্য চৰকাৰৰ। তিনি বছৰ ধৰি চলাই থকা আন্দোলনৰ পাছতো ছিপাঝাৰৰ ৭৭৪২০ বিঘা মাটি বেদখলমূক্ত নহ’ল৷

আনফালে চৰকাৰে নিজেই নথি পত্ৰৰ যোগে স্বীকাৰ কৰিছে যে বেদখলকাৰী সকল সন্দেহযুক্ত নাগৰিক৷ বেদখল কৰা আৰু বেদখলকাৰীক সহায় কৰা দুয়োটা অপৰাধ৷ কিন্তু উচ্ছেদ বিচাৰি অপৰাধী হ’বলগীয়া হ’ল গোচৰ দিয়া জনহে৷ বৰ্তমানলৈ চাৰিবাৰৰ ওপৰ গোচৰ দিয়া প্ৰবজন বিৰোধী মঞ্চৰ প্ৰচাৰ আহ্বায়ক আকাশ কলিতাকহে ভূৱা গোচৰত চৰকাৰে গ্ৰেপ্তাৰ কৰে৷

তাৰ প্ৰতিবাদত আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল আয়োজন কৰি প্ৰৱজন বিৰোধী মঞ্চই চৰকাৰক সজাগ হৈ বিনা দোষত কাৰোবাক গ্ৰেপ্তাৰ কৰাৰ সলনি আচল দোষী প্ৰবজনকাৰী সকলৰ বিৰুদ্ধে উচিত তদন্ত লবলৈ দাবী জনায়।