কোকৰাঝাৰঃ এইবাৰ বিবৃতি যুদ্ধ আৰম্ভ হৈছে ৰাজ্যত৷ এনআৰচিৰ খছৰা প্ৰকাশ পোৱাৰ আগমুহূৰ্তত এইবাৰ ভূমিপুত্ৰক লৈ বিবৃতি যুদ্ধ আৰম্ভ হৈছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ আৰু কণকৰ্ফৰ মাজত। ৰাজপৰিয়ালৰ সদস্যক লৈ গঠিত কণকৰ্ফ নামৰ সংস্থাটোৱে যোৱা ৭ ডিচেম্বৰত এক সংবাদমেলযোগে বড়োসকল অসমৰ প্ৰকৃত ভূমিপুত্ৰ নহয় বৰং বড়োসকলৰ পিতৃভূমি চীনৰ তিব্বত বুলি দাবী কৰাৰ পিছত জাঙুৰ খাই উঠিছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ।

দেওবাৰে কোকৰাঝাৰৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ সভাপতি জনকলাল বসুমতাৰী আৰু কাৰ্যকাৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে কণকৰ্ফক উভতি ধৰি বড়োসকলৰ সংবিধান সন্মত ৰাজ্য গঠনৰ প্ৰক্ৰিয়া দেখি কণকৰ্ফৰ সম্পাদক প্ৰণৱ নাৰায়ন দেৱে তেনেধৰণৰ নিন্দনীয় আৰু অপৰাধমুলক বক্তব্য প্ৰকাশ কৰিছে বুলি কয়।

বড়োসকল অসমৰ প্ৰাচীনতম অধিৱাসী আৰু দীৰ্ঘতম শাসক জনগোষ্ঠী আৰু সেয়েহে সংবিধানে বড়োসকলক অনুসূচীত জনজাতি মৰ্যদা প্ৰদান কৰিছে বুলি মন্তব্য কৰি সভাপতি জনকলাল বসুমতাৰী আৰু কাৰ্যকাৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে অজনজাতিসকলৰ অবৈধ আগ্ৰাসনৰ পৰা জনজাতিসকলক সুৰক্ষা দিবলৈকে চৰকাৰে  স্বায়ত্বশাসন ব্যৱস্থাও দিছে বুলি মত প্ৰকাশ কৰে। কণকৰ্ফৰ সম্পাদক প্ৰণৱ নাৰায়ন দেৱৰ নিজৰ বংশৰ শিপা কত তাক ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনাই বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই৷ তথাকথিত কোচ ৰাজবংশী নেতা প্ৰণৱ নাৰায়ন দেৱে ৰাজ্য দাবী কৰাৰ সলনি বহিৰাগত কোচৰাজবংশীসকলক কেনেকৈ এনআৰচিৰ পৰা বিপদমুক্ত কৰিব পাৰি তাৰ চিন্তা চৰ্চাহে কৰা ভাল বুলি মত প্ৰকাশ কৰিছে।