• জম্মু কাশ্মীৰৰ পৰা নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে সমগ্ৰ ভাৰতত কৰিলে ৭০ খন মডেল কলেজৰ শুভ উদ্ধোধন

ডিফুঃ আজি কাৰবি আংলং জিলাৰ দেইথৰত মডেল ডিগ্ৰী কলেজৰ ডিজিটেল শুভ উদ্ধোধন কৰা হয় ৷ ভাৰতৰ মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে ভাৰতৰ সকলো ৰাজ্যৰ জিলা প্ৰশাসনে দেশৰ ৭০ খন মডেল ডিগ্ৰী কলেজৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ডিজিটেল উদ্ধোধনী কাৰ্যসূচীৰ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে সম্প্ৰচাৰ কৰে৷ 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ পৰা দেশৰ ২৯ খন ৰাজ্যত মুঠ ৭০ খন মডেল ডিগ্ৰী কলেজৰ শুভ ডিজিটেল উদ্ধোধন কৰে ৷ অসমৰ ৯ খন ডিগ্ৰী কলেজৰ কাৰবি-আংলঙ জিলাৰ দেইথৰ মডেল ডিগ্ৰী কলেজখনো আজিৰ এই ডিজিটেল  পদ্ধতিৰে উদ্ধোধন কৰা হয় ৷ 

উদ্ধোধন হোৱা মডেল ডিগ্ৰী কলেজ সমূহ ৰাষ্ট্ৰীয় উচ্চস্তৰ শিক্ষা অভিযানৰ অধীনত কৰা হৈছে৷ উক্ত কলেজ সমূহৰ জৰিয়তে নৱ প্ৰজন্মৰ মাজত উচ্চ শিক্ষা আৰু দৰিদ্ৰ লোকৰ মাজত এটা কেন্দ্ৰৰ পৰা ডিজিটেল নেটৱৰ্কিং শিক্ষাদান কৰা হব বুলি তথ্য আৰু জনসংযোগৰ পৰা জানিব পৰা গৈছে ৷