লণ্ডনঃ এইবাৰ কৰ’না ভাইৰাছ প্ৰৱেশ কৰিলে ব্ৰিটিছ ৰাজপৰিয়ালতো। বিবিচিত প্ৰকাশিত বাতৰি অনুযায়ী বুধবাৰে ব্ৰিটিছ ৰাজপৰিয়ালৰ ৭১ বছৰীয়া প্ৰিন্স চাৰ্লছৰ দেহত ধৰা পৰিছে কৰ’না পজিটিভ। 

ৰাজপৰিয়ালৰ সূত্ৰই সদৰী কৰা মতে, প্ৰিন্স চাৰ্লছৰ দেহত সামান্য পৰিমাণে কৰ’নাৰ উপসৰ্গ দেখা দিছে। অৱশ্যে এতিয়াও চাৰ্লছ একপ্ৰকাৰ সুস্থ বুলি জনাইছে ৰাজপৰিয়ালৰ এগৰাকী প্ৰবক্তাই। 

কৰ’নাৰ আতংকৰ বাবে ৰাজভৱনৰ পৰাই কাম-কাজ অব্যাহত ৰাখিছিল প্ৰিন্স চাৰ্লছে। ইয়াৰ মাজতে তেওঁ কেনেদৰে কৰ’নাৰ দ্বাৰা সংক্ৰমিত হ’ল সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। ইফালে চাৰ্লছৰ পত্নী কেমিলিয়াৰ কৰ’না টেষ্ট নিগেটিভ পোৱা গৈছে বুলিও বাতৰিত প্ৰকাশ পাইছে।

উল্লেখ্য যে এই পৰ্যন্ত সমগ্ৰ বিশ্বতে কৰ’নাত  আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ৪ লাখ ২৮ হাজাৰৰো অধিক। ইয়াৰে ১৯,১০১ গৰাকী ইতিমধ্যে মৃত্যুমুখত পৰিছে। চীনে ভাইৰাছবিধ নিয়ন্ত্ৰণত কিছু পৰিমাণে সফল হোৱাৰ বিপৰীতে বৰ্তমান এয়া বিয়পি পৰিছে সমগ্ৰ ইউৰোপ আৰু আমেৰিকাত।