ডিজিটেল ডেস্কঃ এগৰাকী ৬৭ বছৰীয়া অধ্যক্ষৰ কৰ্মকাণ্ডত উত্তাল হৈ পৰিছে ঝাড়খণ্ড। এখন বিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে নিজ বিদ্যালয়ৰ এগৰাকী ৭ বছৰীয়া ছাত্ৰীক যৌনাংগত হাত দিয়াত উত্তাল হৈ পৰিছে ঝাড়খণ্ড।

 শিক্ষক শ্ৰেণীক কলংকিত কৰা অধ্যক্ষগৰাকীক ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷ সংবাদ মাধ্যমৰ সমুখত অপৰাধ স্বীকাৰো কৰে অধ্যক্ষগৰাকীয়ে৷

ৰাজ্য খনৰ কোদাৰমা জিলাৰ এখন বিদ্যালয়ৰ ৬৭ বছৰীয়া অধ্যক্ষ এচ জাভিয়াৰে বুধবাৰে বিদ্যালয়ৰ টয়লেটত ছাত্ৰীগৰাকীৰ গুপ্তাংগত স্পর্শ কৰে। অধ্যক্ষগৰাকীৰ এনে কাণ্ডৰ পিছতে ছাত্ৰীগৰাকীয়ে কান্দিবলৈ ধৰাত টকা হাতত তুলি দি কাৰো আগত এই কথা প্ৰকাশ কৰিবলৈ কয়৷ টকাৰ লোভ দেখুৱাই দায় সাৰিব বিছাৰে।

গ্ৰেপ্তাৰৰ পিছত অধ্যক্ষ এচ জাভিয়াৰে স্বীকাৰ কি কয়, ‘হয় ময় কৰিছো এই কাম, কিন্তু এইটো একো ডাঙৰ ভুলো নাছিল৷ কোনো ধৰণৰ যৌন সম্পর্ক নাছিল সেয়া।’ 

বুধবাৰে সংঘটিত হোৱা এই ঘটনাৰ বিষয়ে শিশুটোৱে শুকুৰবাৰেহে পিতৃ-মাতৃৰ ওচৰত অৱগত কৰাত আৰক্ষীক ওচৰত গোচৰ তৰে৷নিৰ্যাতিত শিশুটোৰ স্বাস্থ্য পৰীক্ষা কৰা হয়৷ আৰক্ষীয়ে একো নকলেও এটা সংবেদনশীল তথা গম্ভীৰ অপৰাধ বুলি ব্যক্ত কৰে৷