গুৱাহাটীঃ স্মৃতিগ্ৰন্থ কেৱল মাত্ৰ কিছুমান লেখাৰ সমষ্টি নহয়। সভা, প্ৰতিষ্ঠা দিৱস, অধিৱেশন আদিৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থসমূহৰ সাহিত্যিক মূল্যৰ লগতে আছে সময়ক ধৰি ৰাখিব পৰা শক্তি। সেয়ে সৰু-বৰ প্ৰতিটো অনুষ্ঠান বা সভা-সমিতি আদিৰেই স্মৃতিগ্ৰন্থৰ আছে অপৰিসীম গুৰুত্ব। তাতে যদি স্মৃতিগ্ৰন্থখন অসম সাহিত্য সভাৰ অধিৱেশনৰ হয় তেন্তে সেইখন স্মৃতিগ্ৰন্থ কিমান বিশেষ সেয়া নকৈ কোৱাৰ প্ৰয়োজনেই নাই।

বিগত অধিৱেশনসমূহৰ দৰেকৈ এইবাৰো সাহিত্য সভাৰ ৭৫ সংখ্যক শুৱালকুছি অধিৱেশন উপলক্ষে প্ৰকাশ কৰি উলিওৱা হৈছে এখন স্মৃতিগ্ৰন্থ। অধিৱেশনখন বস্ত্ৰনগৰীৰূপে খ্যাত কামৰূপ জিলাৰ ঐতিহাসিক শুৱালকুছিত অনুষ্ঠিত হোৱালৈ চাই স্মৃতিগ্ৰন্থখনৰ নাম ৰখা হৈছে 'শুৱালকুছি-জ্যোতি’। আটোমটোকাৰিকৈ প্ৰকাশ কৰি উলিওৱা 'শুৱালকুছি-জ্যোতি’ হাতত তুলি ল’লেই প্ৰতিজন সাহিত্য অনুৰাগীৰ মন এক সাহিত্যিক সুবাসেৰে সুবাসিত হৈ পৰিব লাগিছিল যদিও বাস্তৱত তাৰ ওলোটাহে হোৱা দেখা গৈছে।

কিয়নো অসমীয়া ভাষা-সাহিত্যক শক্তিশালী আৰু সুৰক্ষিত কৰি ৰখাৰ লক্ষ্যৰে গঢ় লোৱা অসমৰ জাতীয় অনুষ্ঠানসমূহৰ অন্যতম অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশন উপলক্ষে প্ৰকাশ কৰি উলিওৱা এইখন স্মৃতিগ্ৰন্থৰ আৰম্ভণিৰ পৃষ্ঠাতে আছে কেবাটাও মাৰাত্মক ভুল। এই ভুলকেইটা দৃষ্টিগোচৰ হোৱাৰ লগে লগে পুনৰ এক বিতৰ্কত সোমাই পৰে সাহিত্য সভা।

কি ভুল আছে 'শুৱালকুছি-জ্যোতি’ত?

আলোচনী এখন বিশেষকৈ স্মৃতিগ্ৰন্থ প্ৰকাশ কৰোতে প্ৰায়েই লৰালৰি হয়। সেয়ে দুই-এটা বানান ভুল হোৱাতো অস্বাভাৱিক নহয়। শুৱালকুছি-জ্যোতিৰো ভিতৰৰ পৃষ্ঠাত দুই-এটা ভুল ৰৈ গৈছে। উক্ত ভুলসমূহ 'প্ৰিণ্টিং মিষ্টেক’ বা 'ছপাশালৰ ভূত’ হিচাপে সকলোৱে মানি লৈছে যদিও আৰম্ভণিতে থকা পৃষ্ঠপোষক আৰু উপদেষ্টামণ্ডলীৰ ৰঙীণ ফটোসহ নাম সন্নিবিষ্ট থকা পৃষ্ঠাটোত ৰৈ যোৱা ভুলে সকলোকে হতবাক কৰি তুলিছে।

এই পৃষ্ঠাটোত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে আৰু ১০ গৰাকী ব্যক্তিৰ ফটোসহ নাম আৰু পদবী উল্লেখ কৰা হৈছে। এই ১১ গৰাকী ব্যক্তিৰ ৫ গৰাকীৰেই নাম অথবা পদবীৰ বানান ভুলকৈ ছপা হোৱা দেখা গৈছে। সকলোকে আচৰিত কৰি তুলিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাহিত্য সভাৰ বিদায়ী সভাপতি পৰমানন্দ ৰাজবংশীৰ নাম ভুলকৈ ছপা হোৱাটোৱে। সৰ্বানন্দ সোণোৱালৰ নামটো 'সৰ্বাননন্দ সোণোৱাল’ আৰু পৰমানন্দ ৰাজবংশীৰ নামটো 'পমানন্দ ৰাজবংশী’ বুলি ছপা হোৱাৰ লগতে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ নামটো 'চুমন হৰিপ্ৰিয়া’, কমলপুৰৰ বিধায়ক সত্যব্ৰত কলিতাৰ পদবীত বিধায়কৰ পৰিৱৰ্তে 'বিধায়িক’ হৈ আছে। একেদৰে আন উপদেষ্টা হিচাপে থকা ড০ হেমন্ত বৰুৱাৰ নামটোত ডক্টৰেট বানানটো অকল 'ড’ হিচাপে ছপা হৈছে।

স্মৃতিগ্ৰন্থখনৰ আৰম্ভণিতে থকা এই ৰঙীণ পৃষ্ঠাটোত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে সাহিত্য সভাৰ বিদায়ী সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ নামটোৰ বানান ভুলকৈ প্ৰকাশ হোৱাৰ বিষয়টো ফটোসহ কেবাজনো সচেতন লোকে ছ’চিয়েল মিডিয়াত আপলোড কৰাৰ লগে লগে সেয়া ততালিকে ভাইৰেল হৈ পৰে। হাজাৰ হাজাৰ লোকে সেয়া ফেচবুকত শ্বেয়াৰ কৰি এই সন্দৰ্ভত সাহিত্য সভাক জবাবদিহি কৰা দেখা গৈছে। ভিন্নজনে সাহিত্য সভাৰ দৰে অনুষ্ঠান এটাই যদি এনেদৰে বানান ভুল কৰে তেন্তে সাধাৰণ লোকসকলক অনুষ্ঠানটোৱে কিদৰে সজাগ আৰু সচেতন কৰি তুলিব বুলিও প্ৰশ্ন উত্থাপন কৰিছে। 

ভুলক লৈ কি কয় সাহিত্য সভাই?

ভুলৰ কথা পোহৰলৈ অহাৰ পিছতে সাহিত্য সভাৰ স্মৃতিগ্ৰন্থৰ দায়িত্বত থকা বিষয়ববীয়াসকলে সংবাদ মাধ্যমৰ আগত সেয়া 'প্ৰিণ্টিং মিষ্টেক’ বুলি দাবী কৰা দেখা গৈছে। NNOৰ তৰফৰ পৰা যোগাযোগ কৰোতেও কেবাজনো বিষয়ববীয়া আৰু কৰ্ম-কৰ্তাই উক্ত ভুলৰ বাবে 'ছপাশালৰ ভুত’কে জগৰীয়া কৰে। নাম প্ৰকাশত অনিচ্ছুক এজন বিষয়ববীয়াই ছপাৰ সৈতে জড়িত কোনোৱে এয়া ইচ্ছাকৃতভাৱে সভাক বদনাম কৰিবলৈ কৰা ভুল বুলিও দাবী কৰিছে। 

আনহাতে স্মৃতিগ্ৰন্থৰ সম্পাদকৰ দায়িত্বত থকা ড° পৰশমণি দাসে NNOক ফোনযোগে জনাইছে যে সময়ৰ নাটনিৰ বাবেই এনেদৰে ভুল থাকি গ’ল। 'এইয়া সময়ৰ নাটনিৰ বাবে হোৱা ভুল। ৮০০ পৃষ্ঠাৰ গ্ৰন্থখন মাত্ৰ এমাহৰ ভিতৰত আমি প্ৰস্তুত কৰিছিলো। আমি অসমৰ বিভিন্ন স্থানৰ লেখকসকলক গ্ৰন্থখনৰ প্ৰকাশৰ প্ৰায় ৪ মাহ পূৰ্বে লেখাসমূহ পঠিয়াবৰ বাবে আহ্বান জনাইছিলো। কিন্ত তেওঁলোকে প্ৰকাশৰ মাহটোতহে লেখাসমূহ পঠিয়াইছে। তেওঁলোকৰ হেমাহিৰ বাবেই আমাৰ কামসমূহ কিছু খৰতকীয়া কৰিব লগা হ'ল। যাৰ বাবে  আমি  কেইটামান পৃষ্ঠা ভালদৰে তন্ন-তন্নকৈ পুনৰ নিৰীক্ষণ কৰিব নোৱাৰিলো।’-এইদৰে কয় সম্পাদক ড° দাসে।

ক’ত কিমান কপি ছপা হৈছিল স্মৃতিগ্ৰন্থখন?

কেবাটাও ৰঙীণ পৃষ্ঠা সম্বলিত স্মৃতিগ্ৰন্থখনৰ প্ৰায় ১০ হাজাৰ কপি ছপা কৰা হৈছে অসম তথা উত্তৰ-পূবৰ আগশাৰীৰ ছপা প্ৰতিষ্ঠান 'ভৱানী  অফছেট এণ্ড ইমেইজিং ছিষ্টেমছ প্ৰাইভেট লিমিটেড’ত। সাহিত্য সভাৰ কেবাগৰাকী বিষয়ববীয়াই উক্ত ভুলক 'প্ৰিণ্টিং মিষ্টেক’ বুলি কোৱালৈ চাই এই সন্দৰ্ভত জানিব বিচৰাত ছপা প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী বিভাস দেৱে স্পষ্টকৈ কয় যে এই ভুলৰ বাবে কোনো কাৰণতে প্ৰেছ বা প্ৰেছৰ কৰ্মচাৰী দায়ী নহয়। 

'আমালৈ তেওঁলোকে কেৱল কিতাপখন উলিয়াবৰ বাবেহে পেনড্ৰাইভত দি গৈছিল। অংগসজ্জা, অক্ষৰ বিন্যাসকে আদি কৰি সকলো কাম শুৱালকুছিতেই কৰি আনি দায়িত্বত থকা বিষয়ববীয়াসকলে পৰীক্ষণ সম্পূৰ্ণ কৰি সম্পাদকৰ স্বাক্ষৰৰ সহিতে আমাক ছপাবলৈ দিছিল। সেই মতে আমাৰ ছপাশালৰ নিৰ্দিষ্ট নিয়মৰ মাজেৰে আমি নিৰ্ধাৰিত সময়ত ছপা কৰি উলিয়াই সেয়া তেওঁলোকক ডেলিভাৰী দিছিলো। গতিকে কোনোৱে যদি সেয়া আমাৰ ভুল বুলি কৈছে তেন্তে সেয়া হৈছে আন এক ডাঙৰ ভুল।’- স্বত্বাধিকাৰী বিভাস দেৱৰ মন্তব্য।

ৰামধেনু-ইউনিকোডৰ বাবেই হেনো হ’ল ভুল

ভৱানী অফছেটে অংগসজ্জা আৰু অক্ষৰ বিন্যাসৰ কাম শুৱালকুছিত কৰাই আনিছিল বুলি জনোৱাত NNOৰ তৰফৰ পৰা যোগাযোগ কৰা হয় উক্ত দায়িত্ব লোৱা শুৱালকুছিৰ ডিটিপি চেণ্টাৰটোৰ সৈতে। জানিব পৰা মতে, ডিটিপি চেণ্টাৰটোৰ শিখামণি মেধি আৰু দীপাংকৰ মেধি নামৰ লোক দুগৰাকীয়ে কৰিছিল স্মৃতিগ্ৰন্থখনৰ ডিটিপি (অক্ষৰ বিন্যাস) আৰু লে-আউট (অংগসজ্জা)ৰ কাম। 

কি কাৰণত উক্ত বানানৰ ভুল ৰৈ গ’ল সেয়া জানিবলৈ বিচৰাত তেওঁলোকে কয় যে ছফটৱেৰৰ খেলিমেলিৰ বাবেই এনে হ’বলৈ পালে। 'আমি গীতাঞ্জলী আৰু ইউনিকড দুয়ো ধৰণৰ ফণ্ট ব্যৱহাৰ কৰি কাম সমূহ কৰিছিলো। সেয়ে ফণ্ট কনভাৰ্ট কৰোতে ভুল হৈ গ’ল। পিছত সেয়া বহুতেই চাইছিল যদিও দৌৰাদৌৰিতে হয়তো কাৰো চকুত ধৰা নপৰিল। কিয়নো আমি সকলোৱে সময়মতে প্ৰিণ্টিং কৰি উলিওৱাত গুৰুত্ব দিছিলো। আমাৰ ওপৰত কামৰ যথেষ্ট প্ৰেছাৰ আছিল। প্ৰিণ্টিঙলৈ পঠিওৱাৰ আগলৈকে লেখা আহিয়েই আছিল। সেয়ে কনভাৰ্ট কৰোতে কনভাৰ্টিং ছফটৱেৰে যুক্তাক্ষৰ যে গ্ৰহণ কৰিব নোৱাৰিলে সেয়া মন কৰিবলৈ সময়েই নহ’ল।’-ছফটৱেৰৰ বাবেই এনে হ’বলৈ পালে বুলি উল্লেখ কৰি এইদৰে জনাইছে শিখামণি আৰু দীপাংকৰে।
 
অৱশ্যে ছ’ফটৱেৰৰ বাবেই এনে ভুল হ’বলৈ পালে বুলি ক’লেও দেখা গৈছে যে যুক্তাক্ষৰ সম্বলিত উক্ত শব্দসমূহ স্মৃতিগ্ৰন্থখনৰ বহু স্থানত শুদ্ধভাৱে ছপা হৈছে। তালৈ চাই এয়া একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে স্মৃতিগ্ৰন্থখনৰ সম্পাদনা আৰু প্ৰকাশৰ দায়িত্বত থকাসকলৰ অমনোযোগী মনোভাৱ আৰু নিৰ্দিষ্ট পৰিকল্পনাৰ অভাৱৰ বাবেই এনেদৰে আৰম্ভণিৰ পৃষ্ঠাতে দৃষ্টিকটুভাৱে ৰৈ গ’ল ভুল। এনে পৰিপ্ৰেক্ষিততে সাহিত্য অনুৰাগীসকলৰ অধিকাংশই এতিয়া স্মৃতিগ্ৰন্থখনৰ প্ৰতি হেমাহি অবিহনে ছ’ফটৱেৰৰ বিজুতি হ'লেও অন্তত পুনৰ পৰীক্ষণত প্ৰথম পৃষ্ঠাৰ ভুলটো কেনেকৈ দৃষ্টিগোচৰ নহ'ল বুলি প্ৰশ্ন উত্থাপন কৰিছে।

স্বেচ্ছাসেৱকক দিয়া বেজতো বানান ভুল

কেৱল যে স্মৃতিগ্ৰন্থতে ছপা ভুল হৈছে তেনে নহয়। এইবাৰৰ শুৱালকুছি অধিৱেশনত স্বেচ্ছাসেৱকসকলক প্ৰদান কৰা হোৱা বেজবোৰতো ভুলকৈ বানান ছপা হোৱাৰ অভিযোগ উত্থাপিত হৈছে। বেজবোৰত 'পঞ্চসপ্ততিতম শুৱালকুছি অধিৱেশন' বুলি ছপা হোৱাৰ পৰিৱৰ্তে ছপা হৈছে 'পঞ্চসপ্ততিম শুৱালকুছি অধিৱেশন' বুলি। আনহাতে সাংস্কৃতিক অনুষ্ঠানলৈ গীত পৰিৱেশন কৰিবলৈ কৈলাশ খেৰক আমন্ত্ৰণ কৰাক লৈয়ো বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে সাহিত্য সভা। 

নৱ-নিৰ্বাচিত সভাপতিক লৈ আশাবাদী সাহিত্যনুৰাগী

উল্লেখ্য যে, ড০ পৰমানন্দ ৰাজবংশী প্ৰধান সম্পাদক হৈ থকা সময়ৰে পৰা পূৰ্বতকৈ অধিকধৰণৰে বিতৰ্কৰ আৱৰ্তত সোমাই আহিছে সাহিত্য সভা। পৰৱৰ্তী সময়ত ড০ ৰাজবংশীয়ে প্ৰধান সম্পাদকৰ পৰা সভাপতিৰ আসনত অধিষ্ঠিত হয় আৰু তাৰ পিছতে বিতৰ্কৰ পৰিমাণ দ্ৰুত হাৰত বৃদ্ধিপাবলৈ ধৰে। এনে একাধিক বিতৰ্কৰ পৰিপ্ৰেক্ষিতত সাহিত্য সভাৰ প্ৰতি অসমৰ যথেষ্ট সংখ্যক লোকে একপ্ৰকাৰ অস্থা হেৰুৱাই পেলোৱা পৰিলক্ষিত হৈছে। 

ইয়াৰ মাজতে এইবাৰ শুৱালকুছি অধিৱেশনত সাহিত্য সভাৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰা নৱ-নিৰ্বাচিত সভাপতি কুলধৰ শইকীয়াক লৈ যথেষ্ট আশাবাদী অসমৰ সাহিত্যনুৰাগী। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰা আৰক্ষী বিভাগত কৰ্মৰত হোৱা সত্বেও ব্যস্ততাৰ মাজতো সাহিত্য চৰ্চা অব্যাহত ৰখা শইকীয়াই বিগত কেবাটাও বছৰত কেৱল বিতৰ্কত সোমাই পৰা সাহিত্য সভাক বিতৰ্কৰ কবলৰ পৰা উদ্ধাৰ কৰি নতুন যুগৰ সূচনা কৰিব বুলি এতিয়া আশাৰে বাট চাই ৰৈছে অসমবাসীয়ে। অৱশ্যে হাজাৰ বাধা-বিঘিনি ওফৰাই অসমবাসীৰ সেই আশাক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত নৱ-নিৰ্বাচিত সভাপতিগৰাকী কিমান দূৰ সফল হয় সেয়া সময়েহে ক’ব।