গুৱাহাটীঃ প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে এটা বিশেষ দিন৷ প্ৰতিবছৰে লাভ কৰা এই বিশেষ দিনটোক স্মৰণীয় কৰি ৰাখিব খোজে ডেকা-গাভৰুৱে৷ ইতিমধ্যে বিশ্বৰ লগতে আমাৰ দেশ ভাৰত আৰু ৰাজ্যখনৰ ছ'চিয়েল মিডিয়াত সক্ৰিয় লোকসকলে এই দিৱসৰ ব্যাপক চৰ্চা আৰম্ভ কৰিছে৷

বিশেষকৈ ফেচবুক আৰু হোৱাটছএপ ব্যৱহাৰকাৰীসকলে ০৯ ফেব্ৰুৱাৰীৰ পৰা ব্যাপক প্ৰচাৰ চলাইছে এটি বিশেষ ভিডিঅ’ৰ৷ সকলোৱে এতিয়া ভিডিঅ’টো শ্বেয়াৰ কৰি প্ৰশ্ন উত্থাপন কৰিছে নানা ধৰণৰ৷ এই ভিডিঅ’টো শ্বেয়াৰ কৰি এই উৎসৱ পালন কৰিবলৈ আহ্বান জনাইছে একাংশ লোকে৷ একাংশ লোকে প্ৰেমক স্মৰণীয় কৰি ৰাখিবলৈ আহ্বান জনাইছে৷

ভেলেন্টাইন ডে'লৈ মাজত মাথো কেইটামান ঘন্টা৷ যুৱক-যুৱতীৰ বাবে এই দিনটো বিশেষ দিন বুলি কোৱা হয়৷ পৰস্পৰে-পৰস্পৰক বুজিবৰ বাবে নতুন চিন্তা কৰে এই দিনটোত৷ কিন্তু এই দিনটোক এইবাৰ বিশেষ মাত্ৰা প্ৰদান কৰিছে এটা ভিডিঅ’ই৷ ভেলেন্টাইন ডে’ৰ প্ৰাকমুহূৰ্তত জুইৰ গতিত ভাইৰেল হৈ পৰিছে ভিডিঅ’টো৷ মালয়ালম বোলছবি ‘Oru Adaar Love’ৰ এটি গীতৰ এটি দৃশ্যই খলকনি লগাই ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ আদিত৷ মেনেক্যা মালাৰীয় পুভি শীৰ্ষক গীতটো ভাইৰেল হৈ পৰে৷

গীতটোত স্কুলীয়া সময়ৰ ভালপোৱাক প্ৰতিফলিত কৰিছে৷ ভিডিঅ’টোত যুৱক-যুৱতীয়ে ভিৰৰ মাজত দুয়োৰে চকুৰ মিলন হয়৷ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠানত চকুৰ মিলনৰ পিছতেই চকুৰ অংগী-ভংগীৰ দৃশ্য দেখুওৱা হৈছে৷ এই দৃশ্যত যুৱতীগৰাকীয়ে চকু টিপ মাৰি যুৱকগৰাকীক ধৰাশায়ী কৰে৷ মূলত যুৱতীগৰাকী আৰু যুৱকগৰাকীৰ অংগী-ভংগী চাব লগীয়া বুলি চৰ্চা হৈছে৷

বোলছবিখনৰ ১৮ বছৰীয়া অভিনেত্ৰী প্ৰিয়া প্ৰকাশ ভাৰেৰ নিশাৰ ভিতৰতে সমগ্ৰ বিশ্বত জনপ্ৰিয় হৈ পৰে৷ এতিয়া সকলোৱে প্ৰিয়াক ফ’ল কৰা আৰম্ভ কৰিছে৷ ৯ ফেব্ৰুৱাৰীত মুকলি কৰা গানটো এতিয়ালৈ ৪৫ লাখ মানুহে চাইছে৷ প্ৰিয়া প্ৰকাশ ভাৰেৰ প্ৰখমখন বোলছবি পৰিচলনা কৰিছে ওমৰ আলিয়ে৷ অহা ৩ মাৰ্চত ছবি ঘৰলৈ আহিব বোলছবি খন৷ প্ৰিয়া বৰ্তমানেও এগৰাকী ছাত্ৰী। মালায়ালম পৰিয়ালত জন্ম গ্ৰহণ কৰা প্ৰিয়া সৰুৰে পৰা অভিনয়ৰ অনুৰাগী আছিল। প্ৰথমখন ছবিৰ জৰিয়তে জনপ্ৰিয় হৈ পৰে প্ৰিয়া।