ডিফুঃ  অসম- মেঘালয় সীমান্তঞ্চলৰ পৰা অসম আৰক্ষীয়ে নিজৰ পহৰা চকী অসহায় ভাবে উঠাই অনা কাৰ্যক সহজভাবে লব পৰা নাই জইণ্ট একছন কমিটি ফৰ অট'নমাছ ষ্টেট চমুকৈ জাকাছে ৷ আজি বিয়লি ডিফুস্থিত জিলা প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ আয়োজন কৰি সংগঠনটোৰ অসন্তুষ্টিৰ কথা ব্যক্ত কৰে জাকাছৰ অধ্যক্ষ খৰছিং টেৰণে ৷ 

টেৰণে সংবাদ মাধ্যমত সদৰি কৰা অনুসৰি মেঘালয়ৰ এদল উন্মত্ত জনতাৰ হেঁচাত পৰি অসম আৰক্ষীয়ে পশ্চিম কাৰবি আংলং-মেঘালয় সীমান্তৱৰ্তী এলেৰ উমখিৰিত খাটখাচালাত স্থাপন কৰা বিঅ'পিটো লাম-লাকটু সহ আতৰাই অনাটো লজ্জাজনক কাণ্ড৷ সীমান্ত সমস্যা নতুন সমসা নহয়, এই সন্দৰ্ভত জিলাখনৰ অত্যন্দ্ৰ প্ৰহৰী হিচাপে কাম কৰা ছাত্ৰ আৰু যুৱ সংগঠন সমূহে অসম-নাগালেণ্ড, মেঘালয়ৰ আন্ত:ৰাজ্যিক সীমা সমস্যা, আন্ত:জিলা সীমা সমস্যা আৰু বিবাদৰ কথা কাৰবি আংলঙ স্বায়ত্ত শাসিত পৰিষদক বাৰে বাৰে অৱগত কৰি আহিছে যদিও পৰিষদ খনে বিষয়টোত বিশেষ গুৰুত্ব আৰোপ নকৰি চকু মুদা কুলিৰ ভাও জুৰি আছে বুলি অভিযোগ কৰে ৷ 

কাৰবি পৰিষদে সীমা নিৰ্দ্ধাৰণ কৰি অসম চৰকাৰৰ জৰিয়তে মেঘালয় চৰকাৰৰ লগত বিষয় সন্দৰ্ভত আলোচনা কৰিব লাগে বুলিও কয় ৷ কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলং জিলা প্ৰশাসনে অসম-মেঘালয় সীমান্ঞ্চলত শান্তি-সম্প্ৰীতি স্থাপন কৰি ৰাইজৰ মাজত থকা দু:চিন্তা দূৰ কৰিবলৈও আহ্বান জনায়৷

সীমান্তঞ্চলৰ বাবে থকা আবণ্টিত পূঁজিৰ সদব্যৱহাৰ কৰি সীমান্তঞ্চলৰ উন্নয়ণ সাধন কৰিব লাগে বুলিও দাবী তোলে জাকাছৰ অধ্যক্ষ গৰাকীয়ে ৷ ইয়াৰোপৰি ১৯৬৯ চনত মেঘালয় গঠন হোৱা সময়ত কাৰবি আংলঙ জিলা কি চুক্তিত অসমৰ লগত থাকিব লাগিল বুলি সোঁৱৰাই দিয়ে ৷ অসম চৰকাৰে শীঘ্ৰে মেঘালয় চৰকাৰৰ লগত আলোচনা কৰি সমস্যা সমাধান কৰিবলৈ আহ্বান জনায় ৷ যদিহে অসম চৰকাৰে সীমা সমস্যা কৰিব নোৱাৰে তেন্তে কাৰবি আংলঙক স্বৰাজ্য প্ৰদান কৰক,  কাৰবি আংলঙে নিজৰ ৰাজ্যৰ সীমা সুৰক্ষিত ৰখাত সক্ষম আছে বুলি সংবাদ মেলত মন্তব্য কৰে ৷ আনহাতে সংবাদমেলত  জাকাছৰ ভাতৃ সংগঠনৰ নেতা- সদস্য সকল উপস্থিত থাকে ৷