• " আহ ঐ আহ ওলাই আহ ","খেদ ঐ খেদ ,বাংলাদেশীক খেদ, ধ্বনিৰে উত্তাল ডিফু চহৰ 

ডিফুঃ  "আহ ঐ আহ, ওলাই আহ"."খেদ ঐ খেদ ,বাংলাদেশী খেদ ৷ বিজেপি গ' বেক, "তুমি যদি  অসমীয়া, আন্দোলনত ওলাই আহা ৷" আদি ধ্বনিৰে আজি আছুৰ কাৰবি আংলং জিলা সমিতিয়ে ডিফুৰ আকাশ-বতাহ উত্তাল কৰি তোলে ৷  

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬  বাতিলৰ দাবীত সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ লগতে আজিও দ্বিতীয় দিনৰ বাবে উত্তপ্ত হৈ পৰে ডিফু চহৰ ৷  বুধবাৰে এএছডিচি, কেএছএ আৰু অগপই পৃথক ভাবে ধৰ্ণা আৰু জোঁৰ সমদল বাহিৰ কৰাৰ পিছত আজিও আছু আৰু কংগ্ৰেছে ডিফু চহৰৰ মাজেৰে পৃথকে পৃথকে হাতে হাতে জোঁৰলৈ সমদল বাহিৰ কৰি বিধেয়ক খনৰ তীব্ৰ বিৰোধিতা কৰে ৷  

বিধেয়ক খনৰ বিৰোধিতাৰে আছুৰ কাৰবি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদক সৰ্জোণ হাঞ্চেই সংবাদ মাধ্যমৰ আগত কয় যে, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে নিবিচৰা জাতিধ্বংসী বিধেয়ক খন বলপূৰ্বক জাপি দিব বিচৰাটো আছুৱে কেতিয়াও মানি নলয় ৷ 

বিধেয়ক খনৰ বিৰুদ্ধে অসমৰ খিলঞ্জীয়া ৰাইজৰ গণতান্ত্ৰিক আন্দোলনকো চৰকাৰে দাদাগিৰিৰে দমন কৰিব বিচাৰিছে, কিন্ত চৰকাৰে খিলঞ্জীয়াৰ দাবী নমনা লৈকে আন্দোলন চলি থাকিব বুলি কয় ৷ আনহাতে জিলা আছুৰ সভাপতি ভৱজ্যোতি বৰাইয়ো বিধেয়ক খনৰ বিৰুধিতাৰে মন্তব্য দি ৰাজ্য সভাত বিৰুধী দল সমূহক বিধেয়কখনৰ বিৰোধিতা কৰি আছুৰ সপক্ষে থাকিবলৈ আহ্বান জনায় ৷  

আছুৰ জোঁৰ সমদলত আছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়া,  জিলা আছুৰ উপ সভাপতি শ্যামন্ত গগৈ, ডিফু আঞ্চলিকৰ সভাপতি নেকিব আলি আৰু সাধাৰণ সম্পাদক এলড্ৰিণ ৰংপি অংশ গ্ৰহণ কৰে৷   আনহাতে কংগ্ৰেছে বাহিৰ কৰা জোঁৰ সমদলৰ নেতৃত্ব দিয়া জিলা কংগ্ৰেছৰ সাংগঠনিক আৰু প্ৰচাৰ বিভাগৰ দায়িত্বত থকা সাধাৰণ সম্পাদক বিদ্যা চিং ৰংপিয়ে কয়যে জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক লৈ কংগ্ৰেছে সমগ্ৰ ৰাজ্যলৈ বিৰোধিতা কৰিছে ৷ বিজেপিয়ে এই বিধেয়ক খনেৰে উত্তৰ-পূৰ্বাঞ্চলক প্ৰতাৰণা কৰিছে , সেয়ে সমাগত লোকসভা নিৰ্বাচনত ৰাইজে ভোটৰ জৰিয়তে বিজেপিক প্ৰত্যাখ্যান কৰিব বুলি আশা ব্যক্ত কৰে ৷