কোকৰাঝাৰঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি দ্বিতীয় দিনা কেইবাটাও পৰীক্ষা কেন্দ্ৰত গণিতৰ প্ৰশ্নকাকতৰ ঠাইত সমাজবিজ্ঞান আৰু অসমীয়া মাধ্যমৰ প্ৰশ্নকাকত বিতৰণ কৰাকলৈ সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ হেতালি খেলা ছেবা আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বহীনতাৰ প্ৰতিবাদত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ইয়াৰ অংশস্বৰূপে আজি কোকৰাঝাৰ জিলা আছুৰ উদ্যোগত বিয়লি ২:৩০ বজাত কোকৰাঝাৰ চহৰৰ ৰাসমেলা পথাৰৰ নিকটৰ ৰাজপথত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ আছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়ে পুত্তলিকা দাহ কাৰ্যসূচীত অংশগ্ৰহণ কৰি  ছেবা তথা শিক্ষাবিভাগৰ এনে কাণ্ডক তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে  শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন কৰে ৷

ন ন আঁচনিৰ ঘোষণা আৰু বৰ বৰ ভাষণেৰে চমকৰ সৃষ্টি কৰিব বিচৰা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰকৃততে পূৰ্বৰ কংগ্ৰেছ আৰু বৰ্তমানৰ বিজেপি চৰকাৰতো শিক্ষামন্ত্ৰীৰ দায়িত্ব পালন কৰিছে যদিও শিক্ষাৰ সৰ্বাংগীণ উন্নয়নৰ ক্ষেত্ৰত সমূলি ব্যৰ্থ হৈছে আৰু বিনামুলীয়া পাঠ্যক্ৰমকে ধৰি শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত বিতৰণত শিক্ষাবিভাগৰ খেলিমেলিৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্ব-ইচ্ছাই পদত্যাগ কৰা উচিত বুলি মন্তব্য কৰি আছুৰ সহকাৰী সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়ে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি নেখেলিবলৈ শিক্ষা বিভাগৰ প্ৰতি কঠোৰ সকীয়নি প্ৰদান কৰে।

পুত্তলিকা দাহ কাৰ্যসূচীত আছুৰ জিলা সভাপতি সুবোধ ৰায় আৰু জিলা সাধাৰণ সম্পাদক সবিন শৰ্মাকে ধৰি ছাত্ৰ সংগঠনটোৰ অৰ্ধশতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

ইফালে  আজি  বিয়লি ৩ বজাত কোকৰাঝাৰ জিলাৰ ছালাকাটি বজাৰত সদৌ বিটিচি সংখ্যালঘূ ছাত্ৰ সন্থা চমুকৈ এবিএমছুৱে  শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্থ কৰে ৷ পুত্তলিকা দাহ কাৰ্যসূচীত ছাত্ৰ সংগঠনটোৰ নেতা-কৰ্মীকে ধৰি প্ৰায় শতাধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ, শিক্ষামন্ত্ৰী হায় হায়, ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰক আদি ইত্যাদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

পুত্তলিকা  দাহ কাৰ্যসূচীত অংশ লৈ এবিএমছুৰ কেন্দ্ৰীয় সভাপতি লাফিকুল ইছলাম আহমেদে ছেবাৰ এনে কাণ্ডক ধিক্কাৰ দিয়াৰ লগতে  হিমন্ত বিশ্ব শৰ্মাক শিক্ষামন্ত্ৰীৰ পদৰ পৰা পদত্যাগৰ দাবী উত্থাপন কৰে ৷ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলা অসমৰ শিক্ষা বিভাগৰ এনে কাৰ্যক কোনোপধ্যেই সহ্য কৰা নহ'ব বুলি হুংকাৰ দি ছাত্ৰ নেতা আহমেদে ছেবাক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ এবিএমছুয়ে ৰূপায়ণ কৰা পুত্তলিকা দাহ কাৰ্যসূচীত ছাত্ৰ সংগঠনটোৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি মইনুদ্দিন আলি আৰু  সাধাৰণ সম্পাদক জাইদুল ইছলামেও অংশগ্ৰহণ কৰে ৷