গোৱালপাৰাঃ গোৱালপাৰা চহৰৰ নিকটৱৰ্তী বলদমাৰী গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত আজি এজন লোকে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদে পোহৰলৈ আনিছে  চৰকাৰ আৰু প্ৰশাসনৰ বহু দায়িত্বজ্ঞানহীন কৰ্ম-কাণ্ড।

প্ৰাপ্ত বাতৰি মতে, পঞ্চায়তৰ কাৰ্যালয়ৰ বাবে সৰবেশ আলী নামৰ ব্যাক্তিজনে ১৯৯৩ চনতে  এবিঘা মাটি এৰি দিছিল। বিনিময়ত তেওৰ পুত্ৰ নজমুল হকক দিয়া হৈছিল চকীদাৰৰ চাকৰি৷ কিন্তু ৬ বছৰ  চাকৰি কৰাৰ পিছতো দৰমহা নাপাই পৰিয়াল পোহ-পাল দিব নোৱাৰি মানসিক ভাৰসাম্য হেৰুৱাই আত্মহত্যা কৰে নজমূলে। 

পিছত ৰজৱ আলী নামৰ আন এজন পুত্ৰক সেই একে পদতে নিযুক্তি দিয়ে যদিও  বিগত ১৯ বছৰে দৰমহা নাপাই আজি পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত জেওৰা দিয়াৰ লগতে কাৰ্যালয়ৰ সন্মুখত খেতি কৰিবলৈ হাল বায় ৷ তেওৰ এটাই দাবী হয় পুত্ৰ ৰজৱক দৰমহা আদায় দিয়ক নহ'লে চৰকাৰে কাৰ্যালয় ইয়াক পৰা লৈ যাওক ৷

কংগ্ৰেছৰ লগতে পৰিৱৰ্তনকামী  বিজেপি চৰকাৰৰ ওপৰত খং উজাৰিবলৈ গৈ সাংবাদিকৰ আগত কন্দোনত ভাগি পৰে বৃদ্ধজন৷ কিন্তু দিছপুৰত থকা চৰকাৰে বৃদ্ধজনৰ কান্দোনৰ  মূল্য বুজি পাবনে?