তিনিচুকীয়াঃ চিলাপথাৰ কাণ্ডক লৈ সমগ্ৰ অসমতে প্ৰতিবাদ আৰু ক্ষোভৰ বিস্ফোৰণ হৈ থকাৰ সময়তে তিনিচুকীয়াতো জ্বলি উঠিছে বিক্ষোভৰ জুই। চিলাপথাৰত অখ্যাত বাংলাদেশী সংগঠন এটাৰ নেতা-কৰ্মীয়ে আছুৰ বিৰোধত তাণ্ডৱ লীলা চলোৱাৰ পিছত তিনিচুকীয়াত আছুৰ নেতৃত্বত প্ৰতিবাদৰ জোৱাৰ উঠে।

তিনিচুকীয়া মহাবিদ্যালয় পথৰ পৰা থানা চাৰিআলিলৈকে প্ৰায় আঠ শতাধিক আন্দোলনকাৰীৰ জোঁৰ সমদলত স্তব্ধ হৈ পৰে তিনিচুকীয়া চহৰ।

সমগ্ৰ অসম আৰু অসমীয়াৰ জাতীয় আৱেগক ভূ-লুণ্ঠিত কৰিব খোজা এনে হঠকাৰী আক্ৰমণৰ বিৰোধিতাত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম টাই আহোম ছাত্ৰ সন্থা, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চকে ধৰি একাধিক সংগঠনৰ নেতা-কৰ্মী সৰৱ হৈ পৰে।

আনহাতে আজি দিনৰ ভাগত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীয়ে ৩৭ আৰু ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। তদুপৰি কেবাটাও সংগঠনে থানা চাৰিআলিত প্ৰতিকৃতি দাহকে আদি কৰি অন্যান্য কাৰ্যসূচীও ৰূপায়ণ কৰে।