নগাঁওঃ বিশ্বৰ বিভিন্ন দেশত জনপ্ৰিয় মাৰ্শ্বেল আৰ্টৰ ভভিনাম সমৰকলা নামৰ খেল বিধ৷ ভাৰতবৰ্ষতো জনপ্ৰিয় ভভিনাম সমৰকলা৷ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত যোৱা ২৮ জানুৱাৰীৰ পৰা চলি থকা 'ভভিনাম সমৰকলা'ৰ ৬৩ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত অসম দলক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে নগঞা সন্তানে।

নগাঁৱৰ হাতীচোং মেধিচুক নিবাসী মন্টু লস্কৰ আৰু কৰবীতা লস্কৰৰ একমাত্ৰ পুত্ৰ অনুৰাগ লস্কৰে ৩৫ কেজিৰ শাখাত ব্ৰঞ্জৰ পদক অাজুৰি আনিবলৈ সক্ষম হয়। উল্লেখ্য যে, ১১ বছৰীয়া প্ৰতিভাৱান কণমানি অনুৰাগে নগাঁৱৰ নাইটছ সমৰকলা কেন্দ্ৰৰ অধীনৰ হাতীচোং ড্ৰেগনছ সমৰকলা কেন্দ্ৰত মুখ্য প্ৰশিক্ষক মিন্টু গোস্বামী আৰু সহযোগী প্ৰশিক্ষক মৃণাল কুমাৰ মহন্তৰ তত্ত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।

আনহাতে, ভভিনাম সমৰকলাৰ ৬৩ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত অসমৰ হৈ প্ৰতিনিধিত্ব আগবঢ়োৱা ১৩ জনীয়া দলটোৰ নানচি নাৰ্জাৰীয়ে ৰূপ আৰু ৰবিকান্তে ব্ৰঞ্জৰ পদক লাভ কৰিছে বুলি জানিব পৰা গৈছে।