নীলা চৰাই
নীলা চৰাই

চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদামৰ মণিকূট কৃষ্টি বিকাশ কেন্দ্ৰ আৰু শংকৰী বিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু মণিকূট উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ অহা ২৪ আৰু ২৫ ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পুৰণিগুদাম পাৰঘাটত অনুষ্ঠিত হ'ব কাৰ্যসূচী৷ কাৰ্যসূচী অনুসৰি ২৪ ডিচেম্বৰৰ পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব সভাপতি জ্যোতিৰ্ময় বৰকাকতিয়ে, পুৱা ৮-১৫ বজাত গ্ৰাম্য পুথিভঁৰালৰ শুভ উদ্ধোধন কৰিব নগাঁও জিলা সত্ৰ মহাসভাৰ সভাপতি যুগল চন্দ্ৰ দেৱ গোস্বামীয়ে৷

মণিকাঞ্চন কক্ষ প্ৰতিষ্ঠা, গুৰুজনাৰ চৰিত্ৰ পাঠ, নাম-কীৰ্তন আৰু সন্ধ্যা বন্তি প্ৰজ্বলন অনুষ্ঠান অনুষ্ঠিত হ'ব৷ ২৫ ডিচেম্বৰৰ পুৱা ন'বজাৰ পৰা বালক কৃষ্ণ নৃত্য, ঝুমুৰা নৃত্য, নাডুভংগী আৰু ঘোষা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব৷ প্ৰতিযোগিতাৰ মঞ্চ উদ্ধোধন কৰিব অৰ্নিবান গোষ্ঠীৰ সম্পাদক জ্যোতিৰ্ময় গোস্বামীয়ে৷ বালক কৃষ্ণ, ঝুমুৰা নৃত্য প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰাপ্তক এহেজাৰ, সাতশ আৰু পাঁচশ টকা, নাডুভংগী প্ৰতিযোগিতাৰ প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ প্ৰাপ্তক এহেজাৰ আৰু পাঁচশ টকা লগতে ঘোষা প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীক নগদ ধন,মানপত্ৰ আৰু কিতাপৰ টোপোলা প্ৰদান কৰা হ'ব৷

প্ৰতিযোগিতাসমূহৰ ভৰ্তি মাচুল পঞ্চাশ টকা,প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰিব বিচৰা প্ৰতিযোগীসকলে অহা ২০ ডিচেম্বৰৰ ভিতৰত নাম তালিকা প্ৰেৰণ কৰিব লাগিব বুলি কয় উদ্যোক্তাই৷ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা প্ৰতিযোগীসকলে 99547-25100 নম্বৰত যোগাযোগ কৰিব পাৰিব৷ বিয়লি তিনি বজাত অনুষ্ঠিত হ'ব বঁটা বিতৰণী সভাত সভাপতিত্ব কৰিব পুৰণিগুদাম বিদ্যানিকেতনৰ সভাপতি পূৰ্ণানন্দ ভূঞাই৷

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সহকাৰী সম্পাদক খগেন চন্দ্ৰ নাথ, বৰদোৱাৰ সাংস্কৃতিক উন্নয়ন বিষয়া বিৰিঞ্চি পৰাণ বৈশ্য, মৃদুল বৰুৱা, বাজিয়াৰ খণ্ড উন্নয়ণ বিষয়া হিৰণ্য কুমাৰ চমুৱা আৰু অসম নাট্য সন্মিলনৰ জিলা সমিতিৰ সভাপতি কামাখ্যা প্ৰসাদ শৰ্মা উপস্থিত থাকিব৷ বিয়লি নৃত্যাঞ্জলি অনুষ্ঠান আৰু নিশা সাত বজাত মণিকূট কৃষ্টি বিকাশ কেন্দ্ৰৰ শিল্পীসকলে পাল্লা-ভাওনা "লক্ষিন্দাৰ বেউলা" পৰিবেশন কৰিব বুলি মুখ্য সম্পাদক জয়ন্ত কুমাৰ ভূঞাই জানিবলৈ দিয়ে৷