খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ কোৱাৰেন্টাইন কেন্দ্ৰক লৈ আতংকিত হৈ পৰিছে খেৰণিবাসী। উল্লেখ্য যে খেৰণি হাইস্কুলত স্থাপন কৰা কোৱাৰেন্টাইন কেন্দ্ৰত এই পৰ্যন্ত ৰখা হৈছে ৮৮ জনকৈ লোকক। কিন্তু কেন্দ্ৰটোত থকা লোকসকলক নিৰীক্ষণত ৰখাৰ বাবে কেন্দ্ৰটোত নাই কোনো আৰক্ষী অথবা জিলা প্ৰশাসনৰ লোক। 

বহিঃৰাজ্য অথবা অন্য ঠাইৰ পৰা অহা লোকসকলক কোৱাৰেন্টাইন কেন্দ্ৰত কেৱল থাকিবলৈ দিয়েই দ্বায়িত্ব সামৰিছে এতিয়া আৰক্ষী তথা পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনে। অৱশ্যে ঠিকাভিত্তিত জন ৰংহাং নামৰ ব্যক্তি এগৰাকীক কোৱাৰেন্টাইন কেন্দ্ৰত থকা লোকসকলৰ বাবে খাদ্য তথা আহাৰৰ ব্যৱস্থা কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষই দায়িত্ব অৰ্পণ কৰিছে বুলি ইতিমধ্যে বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে। 

আৰক্ষী তথা জিলা প্ৰশাসনৰ কোনো লোক নথকাৰ সুযোগ লৈ কেন্দ্ৰটোৰ চৌহদৰ পৰা ইজনৰ পিছত সিজনলোক ওলাই গৈ অলৌ-টলৌকৈ খেৰণিৰ বজাৰ-হাট আদিত ঘূৰি ফুৰিছে বুলি স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। দোকানে দোকানে গৈ চিপছ,  গুটখা, মদ, চিগাৰেট, বিড়ি-চাধা আদি ক্ৰয় কৰি আহিছে বুলিও প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। 

জ্যোতিমণি বৰদলৈ নামৰ স্থানীয় সচেতন মহিলা এগৰাকীয়ে প্ৰশাসনৰ এনে দায়িত্বহীনতাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে। "ক’ভিড-১৯ক প্ৰতিহত কৰা অথবা এই মহামাৰীক নিয়ন্ত্ৰণ কৰাৰ বাবে চৰকাৰে বা প্ৰশাসনে খেৰণিত কোৱাৰেন্টাইন কেন্দ্ৰ স্থাপন কৰা নাই, বৃহত্তৰ খেৰণিত কৰণা' ভাইৰাছ অৰ্থাৎ ক’ভিড-১৯ৰ বীজাণু বিয়পাবলৈহে ইয়াক স্থাপন কৰা হৈছে যেন অনুভৱ হৈছে।"-এইদৰে কয় জ্যোতিমণি বৰদলৈয়ে। 

উল্লিখিত কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্তক এই সন্দৰ্ভত অতি শীঘ্ৰে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী তোলে জ্যোতিমণিয়ে। যদিহে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে খেৰণিৰ পৰা কোৱাৰেন্টাইন কেন্দ্ৰটো তাৎক্ষণিকভাৱে উঠাই নিবলৈকো দাবী জনাইছে সচেতন মহিলাগৰাকীৰ লগতে স্থানীয় ৰাইজে।