ডিজিটেল ডেস্কঃ দেশৰ ৰাজনীতিৰ এটি পৰিচিত নাম ৰাহুল গান্ধী৷ গুজৰাট আৰু শেহতীয়া টুইটবোৰে চৰ্চাত বৰ্তমান ৰাহুল। 

নিৰ্বাচনত প্ৰচাৰে বহু ওপৰলৈ জনপ্ৰিয়তা বৃদ্ধি কৰিলেও বৰ্তমানেও অবিবাহিত কংগ্ৰেছৰ নতুন সভাপতি জন৷ ৰাজনীতিৰ পথাৰত ব্যস্ত ৰাহুলৰ প্ৰেমৰ কথাত পিছে দেশৰ জনসাধাৰণ অজ্ঞাত৷

ৰাহুলৰ গান্ধীৰ ৰাজনীতিৰ ক্ষেত্ৰত খবৰ থাকিলেও হয়তো প্ৰেমৰ খবৰ নজানে। সদায় ৰাজনীতিত ব্যস্ত ৰাহুলৰো কেতিয়াবা হৈছিল প্ৰেম৷ পিছে সেই প্ৰেম ৰাজনীতি বুলি ভুল নকৰিব, যুৱতীৰ প্ৰেমতেই পৰিছিল ছোনিয়া তনয় ৰাহুলে৷ 

দেশৰ আগশাৰীৰ সংবাদ মাধ্যম ‘আজ তক’ত প্ৰকাশ পোৱা বাতৰি অনুসৰি ৰাহুল গান্ধীয়ে নিজ মুখে ব্যক্ত কৰিছে এই কথা৷ তেওঁৰ পছন্দ হৈছিল এগৰাকী যুৱতী৷

২০০৪ চনৰ কথা৷ ইণ্ডিয়া টুডেত প্ৰকাশিত বাতৰি অনুসৰি সেই সময়ত ৰাহুলে আমেঠীৰ প্ৰচাৰৰ সময়ত প্ৰেমিকাৰ কথা স্বীকাৰ কৰিছিল৷ কোৱা হৈছিল যে, তেওঁৰ প্ৰেমিকাৰ নাম ৱেৰোনিকা কাৰটেলি আৰু স্পেনিছ মুলৰ৷ 

দুয়োৰে ফটো গুগলত দেখিবলৈ পোৱা যায়৷ অৱশ্যে অন্তিমবাৰ তেওঁলোকক ১৯৯৯ চনত এখন ষ্টেডিয়ামত ক্ৰিকেট খেল উপভোগ কৰি থকা দেখা গৈছিল। একেলগে দেখা পোৱা গৈছিল ৱেৰোনিকাক ৷ পিছে তেওঁলোকৰ বিয়া নতুবা প্ৰেমৰ ব্ৰেকআপৰ কোনোধৰণৰ কথা পৰিয়ালে আজিলৈ প্ৰকাশ কৰা নাই৷ সৰ্বভাৰতীয় কংগ্ৰেছৰ সৰ্বোচ্ছ পদত যুৱৰাজ ৰাহুল গান্ধীয়ে অধিষ্ঠিত হোৱাৰ পিছতে এনে ধৰণৰ খবৰ বোৰে বিশেষ স্থান লাভ কৰিছে সংবাদ মাধ্যমত।